Dailyhunt
ধূপ-মমৰ জুইৰ পৰা হ'ল ভয়ংকৰ অগ্নিকাণ্ড

ধূপ-মমৰ জুইৰ পৰা হ'ল ভয়ংকৰ অগ্নিকাণ্ড

ডিজিটেল ডেস্ক: শেহতীয়াকৈ ছ'চিয়েল মেডিয়াত এটা বিশেষ ভিডিঅ' ভাইৰেল হৈছে। এই ভিডিঅ'ত জুইৰ শিখা আৰু ডাঠ ক'লা ধোঁৱাই এটা তিনিমহলীয়া অট্টালিকাক আগুৰি ধৰিছে।

দাউ-দাউকৈ জ্বলি উঠা এই অট্টালিকাটো প্ৰকৃততে এটা মন্দিৰ। হয়, চীনৰ জিয়াংছু প্ৰদেশৰ ফেংহুয়াং পৰ্বতৰ ৱেনচাং পেভিলিয়নত সংঘটিত হয় এই অগ্নিকাণ্ড। ৱেংচাং পেভিলিয়নটো চুবুৰীয়া ইয়ংকিং মন্দিৰে পৰিচালনা কৰিছিল। এই মন্দিৰত জুই লগাৰ কাৰণ হল এজন ভক্তৰ কাণ্ডহীনতা। ভক্তজনে অসাৱধানতাৰে ধূপ আৰু মম জ্বলোৱাৰ বাবে ইয়াৰ পৰা জুইৰ সূত্ৰপাত হয়।লগে লগে জুইৰ শিখায়ে গোটেই মন্দিৰটো আগুৰি ধৰে।

কি কয় কতৃপক্ষই ?

অৱশ্যে, এই অগ্নিকাণ্ডৰ ফলত বৰ্তমানেও কোনো লোকৰ মৃত্যু হোৱা নাই।

এই ঘটনাৰ পাছত ইয়ংকিং মন্দিৰ আৰু স্থানীয় কৰ্তৃপক্ষই স্পষ্ট কৰি দিয়ে যে, ভৱিষ্যতে অগ্নিকাণ্ডৰ আশংকা কম কৰিবলৈ সুৰক্ষা ব্যৱস্থাও বৃদ্ধি কৰা হ’ব।

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin