Dailyhunt
DIWALI WISHES IN ASSAMESE : আপোনজনক এইদৰে জনাওঁক দীপাৱলীৰ শুভেচ্ছা

DIWALI WISHES IN ASSAMESE : আপোনজনক এইদৰে জনাওঁক দীপাৱলীৰ শুভেচ্ছা

DIWALI WISHES: দীপাৱলী হিন্দু ধৰ্মৰ লোকসকলৰ এক অন্যতম প্ৰধান উৎসৱ। পোহৰৰ উৎসৱ দীপাৱলীক দিৱালী বুলিও কোৱা হয়। অশুভ শক্তিৰ বিৰুদ্ধে শুভ শক্তিৰ জয় হোৱাৰ উদযাপনেই হৈছে দীপাৱলী। এই দিনটোত সকলোৰে ঘৰত চাকি-বন্তি জ্বলাই চৌদিশ পোহৰাই তোলা হয়। উত্তৰ ভাৰতত এই উৎসৱ ৰাক্ষস ৰজা ৰাৱণক পৰাস্ত কৰি ভগৱান ৰাম অযোধ্যালৈ উভতি অহাৰ দিন বুলি উদযাপন কৰা হয়। দক্ষিণ ভাৰতত ৰাক্ষস নৰকাসুৰৰ বিৰুদ্ধে ভগৱান কৃষ্ণৰ বিজয়ৰ দিন হিচাপে এই উৎসৱ উদযাপন কৰা হয়। ধনতেৰাছৰ পৰা আৰম্ভ কৰি ভাই দুজলৈ পাঁচ দিন ধৰি দীপাৱলী পালন কৰা হয়। এই বছৰ ১৮ অক্টোবৰ অৰ্থাৎ শনিবাৰে সমগ্ৰ দেশতে দীপাৱলী উদযাপন কৰা হ'ব।

দীপাৱলী হৈছে পৰিয়ালৰ সকলো একত্ৰিত হোৱা, পৰস্পৰৰ বান্ধোন শক্তিশালী কৰা, ইজনে সিজনক শুভেচ্ছা জনাই একেলগে উদযাপন কৰাৰ সময়।

আপুনিও যদি প্ৰিয়জনক দীপাৱলীৰ শুভকামনা জ্ঞাপন কৰিবলৈ বিচাৰে, তেন্তে এইদৰে জনাওঁক শুভেচ্ছা-

দীপাৱলীৰ শুভেচ্ছা

-চাকিৰ পোহৰে আপোনাৰ জীৱনক প্ৰেম, হাঁহি আৰু সমৃদ্ধিৰে আলোকিত কৰক। আপোনাক আৰু পৰিয়ালৰ সকলোকে দীপাৱলীৰ শুভেচ্ছা জনাইছো।

-দীপাৱলীৰ পোহৰে আপোনাৰ জীৱনলৈ কঢ়িয়াই আনক সুখ, সমৃদ্ধি আৰু শান্তি। শুভ দীপাৱলী!

-দীপাৱলীৰ শুভেচ্ছা জনালো। চাকিৰ পোহৰে দূৰ কৰক জীৱনৰ সকলো অন্ধকাৰ।

-দীপৱলীৰ শুভকামনা। দূৰ হওঁক জীৱনক সকলো দুখ।পোহৰৰে উজলি উঠক আপোনাৰ জীৱন।

-দীপাৱলীৰ পোহৰে জীৱনলৈ কঢ়িয়াই আনক নতুন আশা আৰু সমৃদ্ধি। শুভ দীপাৱলী !

-দীপাৱলীৰ শুভেচ্ছা জনালো। সকলোৰে জীৱনটো ৰঙীন হওঁক, দূৰ হওঁক অন্ধকাৰ।

-দীপাৱলীৰ শুভক্ষণত এইয়া কামনা কৰিছো যাতে সকলোৰে জীৱন সুখ-শান্তি আৰু সমৃদ্ধিৰে ভৰি পৰে।

-সকলোৰে মংগল হওঁক, দীপাৱলীৰ পোহৰে দূৰ কৰক আপোনাৰ জীৱনৰ সকলো অন্ধকাৰ

-আপোনাৰ জীৱন আনন্দ আৰু সুখৰ পোহৰেৰে পৰিপূৰ্ণ হওঁক। শুভ দীপাৱলী !

-শুভ দীপাৱলী ! দীপাৱলীৰ এই শুভ ক্ষণে আপোনাৰ জীৱনলৈ কঢ়িয়াই আনক অসীম আনন্দ, সুখ আৰু শান্তি ।

-দীপাৱলী পোহৰ, উত্তৰণ আৰু সমৃদ্ধিৰ উৎসৱ। সকলো ভালে হওঁক। দীপাৱলীৰ আন্তৰিক শুভেচ্ছা জনালো।

-আপোনাৰ জীৱন দীপাৱলীৰ উজ্জ্বল পোহৰৰ দৰে সদায় আলোকিত হৈ থাকক। শুভ দীপাৱলী !

-দীপাৱলী হৈছে আন্ধাৰ আঁতৰাই নতুন আৰম্ভণিৰ পোহৰক আদৰি লোৱাৰ সময়। আপোনাৰ জীৱনৰ পৰাও দূৰ হওঁক আন্ধাৰ। শুভ দিপাৱলী !

-চাকিৰ পোহৰে আপোনাক সফলতা আৰু সুখৰ দিশত পথ প্ৰদৰ্শন কৰক। শুভ দিপাৱলী !

-পোহৰৰ উছৱৰ শুভকামনা জনালো। সকলোৰে ভাল হওঁক। সকলো ভালে থাকক।

-এই দীপাৱলীয়ে আপোনালৈ কঢ়িয়াই আনক সুস্বাস্থ্য আৰু সমৃদ্ধি। শুভ দীপাৱলী !

-দীপাৱলীৰ পোহৰৰ দৰে পোহৰ হওঁক আপোনাৰ জীৱন। আপোনাৰ লগতে পৰিয়ালৰ সকলোকে দীপাৱলীৰ শুভকামনা জনালো।

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin