Dailyhunt

দুৰ্ঘটনাক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা এটা ব্যতিক্ৰমী মন্দিৰ

ডিজিটেল ডেস্ক: আমাৰ দেশখনত বহু মন্দিৰ আছে।কোনো মন্দিৰত যদি ভক্তসকলক প্ৰসাদ হিচাপে যদি ফল আগবঢ়োৱা হয়, কোনো মন্দিৰত আকৌ মিঠাই প্ৰদান কৰা হয়। কিন্তু ইশ্বৰৰ প্ৰসাদ হিচাপে ভক্তক পানীৰ বটল আগবঢ়োৱাৰ কথাটো শুনিছেনে ? যদি শুনা নাই আজি এই বিশেষ মন্দিৰটোৰ বিষয়ে জানো আহক-

এই ব্যতিক্ৰমী মন্দিৰটো গুজৰাটৰ মোধেৰা বীচত অৱস্থিত।এই মন্দিৰত শিশুসকলক দেৱতা বুলি গণ্য কৰা হয় আৰু প্ৰসাদ হিচাপে পানীৰ বটল আগবঢ়োৱা হয়। এই মন্দিৰটো নিৰ্মাণৰ আঁৰত অৱশ্যে এটা অতি আকৰ্ষণীয় কাহিনী আছে।

প্ৰকৃততে এই মন্দিৰটো নিৰ্মাণ কৰা ঠাইখনত এটা ডাঙৰ দুৰ্ঘটনা সংঘটিত হৈছিল।হয়, এই ঠাইত ২০১৩ চনৰ ২১মে'ত এখন অট'-ৰিক্সা আৰু মালবাহী গাড়ীৰ মুখামুখি সংঘৰ্ষ হৈছিল।

এই দুৰ্ঘটনাত অট'-ৰিক্সাত থকা ৬ জন লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল।এই অট'-ৰিক্সাত দুটা শিশুও আছিল।দুৰ্ঘটনাত পতিত হৈ শিশু দুটিয়ে ইফালে-সিফালে যোৱা লোকসকলৰ পৰা পানী বিচাৰিছিল যদিও সেই স্থানৰ কতো পানী উপলব্ধ নাছিল। যাৰ ফলত শিশু দুটাই অকাল মৃত্যুক সাবটিবলগীয়া হৈছিল। ইয়াৰ পাছত সঘনাই সেই স্থানত দুৰ্ঘটনা ঘটিবলৈ লোৱাত আশে-পাশে থকা লোকসকলে সেই স্থানত এটা মন্দিৰ নিৰ্মাণ কৰি শিশুক পূজা আৰু প্ৰসাদ হিচাপে পানী বটল প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

আচৰিত ! জ্যোতিষীয়ে মৃত্যুৰ ভৱিষ্যতবাণী কৰাৰ পাছতেই মৃত্যুক আকোৱালি ল'লে মহিলাই
Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin