Dailyhunt
দৰ্শনাৰ্থীক অদ্ভুট নিৰ্দেশ দি চৰ্চাত এটা বিশেষ সংগ্ৰহালয়

দৰ্শনাৰ্থীক অদ্ভুট নিৰ্দেশ দি চৰ্চাত এটা বিশেষ সংগ্ৰহালয়

ডিজিটেল ডেস্ক:এটা বিশেষ সংগ্ৰহালয়, যিটো সংগ্ৰহালয় দৰ্শনাৰ্থীৰ বাবে আছে এক বিশেষ নিয়ম।এই নিয়মৰ কথা জানি আপুনি আচৰিত হোৱাটো একেবাৰেই নিশ্চিত।এই বিশেষ সংগ্ৰহালয়টো আছে ফ্ৰান্সত। এটা সংগ্ৰহালয়ত নাটুৰিজম সন্দৰ্ভত প্ৰদৰ্শনী চাবলৈ অহাসকলে কৰিব লাগে এটা বিশেষ কাম।

হয়, প্ৰদৰ্শিত কলাৰ এক অ'ড হিচাপে মাৰ্চেইল মিউজিয়াম অফ ইউৰোপিয়ান এণ্ড মেডিটেৰেনিয়ান চিভিলাইজেচনচ (মুচেম)য়ে প্ৰদৰ্শনীখন উলংগ অৱস্থাত চাবলৈ সকলোকে আহ্বান জনাইছে। উল্লেখ কৰাৰ প্ৰয়োজন যে ফ্ৰান্স হৈছে নাটুৰিষ্টসকলৰ বাবে বিশ্বৰ আগশাৰীৰ পৰ্যটন স্থল।

এই সংগ্ৰহালয়ৰ প্ৰদৰ্শনী চলিত বৰ্ষৰ জুলাই মাহৰ পৰা মুকলি কৰা হৈছিল।এই প্ৰদৰ্শনীয়ে বৰ্তমানলৈ এক লক্ষাধিক দৰ্শনাৰ্থীক আকৰ্ষিত কৰিছে।ইয়াৰে ৬০০জনে সম্পূৰ্ণ নগ্ন অৱস্থাত পাঁচটা বিশেষ দৰ্শনত অংশগ্ৰহণ কৰিছে।

এইটো প্ৰথমবাৰৰ বাবে নহয় যে এই সংগ্ৰহালয়ে এনে নগ্ন অনুষ্ঠানৰ আয়োজন কৰিছে। একেধৰণৰ সমাৱেশ পেৰিছ, ভিয়েনা, মণ্ট্ৰিয়েল, বাৰ্চিলোনা, মিলান আৰু আনকি ইংলেণ্ডৰ ডৰচেষ্টাৰতো অনুষ্ঠিত হৈছে। প্ৰদৰ্শনীখনত বিভিন্ন ধৰণৰ শিল্পকলা প্ৰদৰ্শন কৰা হয়, যাৰ ভিতৰত আছে ভিণ্টেজ আলোচনী কভাৰ, ক'লা-বগা আলোকচিত্ৰ, আৰ্কাইভেল ভিডিঅ', পেইণ্টিং আৰু তথ্যপূৰ্ণ পাঠ পেনেল।

Also Read: জীৱনটো যদি সুচল কৰিবলৈ বিচাৰে, সদায় নিজৰ সৈতে কথা পাতক

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin