Dailyhunt Logo
  • Light mode
    Follow system
    Dark mode
    • Play Story
    • App Story
এই ১০১ বিধ শাক কি কি, জানেনে ?

এই ১০১ বিধ শাক কি কি, জানেনে ?

ডিজিটেল ডেস্ক: অসমীয়াৰ বাপতি সাহোন ব'হাগ বিহু সমাগত। বিহু বা অসমীয়া লোককৃষ্টি বুলিলেই এয়া ঋতু আৰু কৃষিকেন্দ্ৰিক, যাৰ সৈতে সংযুক্ত হৈ থাকে লোককৃষ্টি। সেইবাবেই এই বিহুত কৃষিৰ প্ৰস্তুতিৰ পৰা সংস্কৃতিৰ চৰ্চাৰ উপৰি ইয়াৰ বাবে নিজৰ লগতে পশুধনকো নিৰোগী আৰু স্বাস্থ্যৱান কৰি ৰখাৰ যতন লোৱাৰ পৰম্পৰাৰো সমাহাৰ ঘটে।

তদুপৰি, অসমৰ পৰম্পৰাগত বয়নশিল্প, বাদ্যশিল্প আদিৰ লগতে সৌন্দৰ্যচৰ্চাৰ পৰা খাদ্যসম্ভাৰলৈ সকলোতে বসন্ত ঋতুকেন্দ্ৰিক ৰঙালী বিহুৰ বৰ্ণিল প্ৰস্তুতি আৰু পৰম্পৰা পৰিস্ফুত হয়। ইয়াৰ সৈতে সাঙোৰ খাই থাকে স্বাস্থ্য সজাগতাৰ এক বিৰল ছবি। ৰঙালী বিহুৰ বৈশিষ্টও অনন্য। প্ৰকৃতিয়ে নতুন ৰূপত নিজকে সজাই তোলাৰ সমান্তৰালভাৱে অসমীয়া সমাজ জীৱনতো নিজকে সুস্থ কৰা উৎপাদনী কাম-কাজৰ বাবে সাজু কৰি তোলাৰ পৰম্পৰাও ৰং-ধেমালি আৰু আধ্যাত্মিক ক্ৰিয়াকৰ্মৰ মাজৰে প্ৰতিফলিত হয়।

ইয়াৰে এক বিশেষ অংশ হ’ল সাতদিনীয়া এই বিহুৰ যিকোনো এটা দিনত খোৱা ১০১ বিধ শাকৰ বিশেষ এক ব্যঞ্জনৰ জৰিয়তে স্বাস্থ্য সজাগতাৰ এক বিশেষ বাৰ্তাও যুগে যুগে দি আহিছে। পিছে, ৰঙালীৰ সাত বিহুত খোৱা ১০১ বিধ শাকনো কি, আপুনি জানেনে ? সেয়া হৈছে -

১)মছন্দৰী

মধুমেহ আৰু যকৃত ৰোগীৰ বাবে খুব উপকাৰী মছন্দৰী।

২) চিৰতা পাত

চিৰতা পাত খালে মেলেৰীয়া, বহুমূত্ৰ ৰোগ দূৰ হোৱাৰ লগতে তেজ পৰিস্কাৰ আৰু ছালৰ ৰোগ দুৰ হয়।

৩) খুতুৰা শাক

খুতুৰা বা খুতৰীয়া শাকে কফ আৰু বিষ নাশ কৰাৰ লগতে হজম শক্তি বৃদ্ধি কৰে।

৪) চালকুঁৱৰী

ছালৰ ৰোগৰ বাবে মহাষৌধ চালকুঁৱৰী। ই পাচন প্ৰক্ৰিয়া শক্তিশালী, ডায়বেটিচ নিয়ন্ত্ৰণ আৰু কোষ্ঠকাঠিন্য দূৰ কৰাত সহায় কৰে।

৫) চুকা শাক

বায়ুত বিয়পা বহু ৰোগ নাশ কৰে চুকাশাকে।

৬)অমিতা ফুল

অমিতাৰ ফুল কৰ্কট ৰোগ প্ৰতিৰোধী। ই হজম শক্তি বৃদ্ধি, যকৃত সৱল, কুকুৰীকণা নাশ আৰু পেটৰ ঘাঁ শুকুৱাত সহায় কৰে।

৭) চেংমৰা

চেংমৰা খাই হাঁপানি, ব্ৰংকাইটিছ, বাট বিষ, পেটৰ বিষৰ পৰা বাচি থাকিব পাৰি।

৮)সৰিয়হ লতি

জ্বৰৰ লগতে বিষ দূৰ কৰে সৰিয়হ লতিয়ে।

৯) কেৰেলা পাত

আইৰন, মেগনেচিয়াম, পটাচিয়াম, ভিটামিন চিৰ উৎস হৈছে কেৰেলাৰ পাত। তদুপৰি, ই লিভাৰৰ বিসংগতি দূৰ তথা মধুমেহ, কলেষ্টেৰল নিয়ন্ত্ৰণ, ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। শৰীৰৰ চৰ্বি হ্ৰায়, চুলি আৰু ছালৰ ৰোগ প্ৰতিৰোধ কৰাতো সহায়ক কেৰেলাৰ পাত।

১০)চজিনা পাত

চজিনা পাত খালে অস্থি মজবুত হয়। ই হজম শক্তি বৃদ্ধি কৰে। ৰক্ত সংশোধন, ডায়বেটিছ নিয়ন্ত্ৰণ আৰু যৌন দূৰ্বলতা নাশ কৰাতো ইয়াৰ ভূমিকা অপৰিসীম।

১১)জাতি লাউৰ আগ

অতি পুষ্টিৰে ভৰপুৰ জাতিলাউৰ আগ শুক্ৰবৰ্দ্ধক।

১২) লেহেতী শাক

লেহেতী শাক অত্যন্ত পুষ্টিদায়ক।

১৩)জলকীয়া পাত

জলকীয়াৰ পাত খালে শ্বেত ৰক্ত কণিকা, দৃষ্টিশক্তি বৃদ্ধি, ৰক্তচাপ হ্ৰাস আৰু সংক্ৰমণ ৰোধ হয়। তদুপৰি, ই ছাল-চুলিও মজবুত কৰে।

১৪) টেঙামৰা

টেঙামৰাৰ পাত গ্ৰহণী নাশক।

১৫)জালুক পাত

জালুকৰ দৰে ইয়াৰ পাত বীজাণু আৰু গাৰ বিষ নাশক।

১৬)হাতী খুতৰা

হাতী খুতৰা গ্ৰহণী আৰু বিষ নাশক।

১৭) জিকা পাত

অত্যন্ত পুষ্টিদায়ক জিকাপাতে চাইনাচ দূৰ কৰাত সহায় কৰে।

১৮) কচু থোৰ

খুব আইৰণ সমৃদ্ধ এই কচু থোৰ।

১৯) গাখীৰতী বন

গাখীৰতী বন খালে কোষ্ঠকাঠিন্য, স্নায়ু ৰোগ, দাঁতৰ ৰোগ আৰু শ্বাস-প্ৰশ্বাস জনিত ৰোগ দূৰ হয়।

২০)জিলমিল শাক

জিলমিল শাক খালে পেলুৰ সমস্যা দূৰ হয়। ই ভোক বৃদ্ধিৰো কাৰক।

২১)চাঙেৰী

চাঙেৰী বা টেঙেচি শাকে স্মৃতি শক্তি বৃদ্ধি কৰে।

২২)জেটুলীপকা পাত

ঔষধী গুণযুক্ত জেটুলীপকা পাতে শৰীৰত তেজৰ অভাৱ দূৰ কৰে।

২৩) ৰঙালাওৰ আগ

ৰঙালাওৰ আগ অত্যন্ত পুষ্টিদায়ক।

২৪)জ্যেষ্ঠমধুৰ পাত

হৃদ ৰোগ আৰু কফ দূৰ কৰাৰ লগতে ঘাঁ-শুকোৱাত যথেষ্ট সহায়ক এই জ্যেষ্ঠমধুৰ পাত।

২৫)টিকনি বৰুৱা শাক

মধুমেহ ৰোগীৰ বাবে এই শাক দৈনিক খোৱাটো যথেষ্ট উপকাৰী।

২৬) ঢেঁকীয়া

ঢেঁকীয়া খালে তেজ তথা পেট পৰিস্কাৰ হয়।

২৭) টুবুকী লতা

বগাস্ৰাৱৰ সমস্যাত ভূগি থকা মহিলাসকলৰ বাবে টুবুকী লতী খোৱাটো খুব উপকাৰী। এইবিধ লতা কৰ্কট ৰোগ নাশক আৰু ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধিৰ কাৰক।

২৮)ঢেঁকীয়ালতি

বাত বিষৰ বাবে খুবেই উপকাৰী ঢেঁকীয়ালতি।

২৯) কচু শাক

শোথ ৰোগ বা এডিমা ৰোগৰ বাবে খুব উপকাৰী কচু শাক।

৩০) কেঞাবন

ছালৰ ৰোগ, ডায়েৰীয়া নিৰ্মূলত উপকাৰী কেঞাবন। ই আমাৰ হজমশক্তি উন্নত কৰে।

৩১) তৰা গজালি

তৰা গজালি আচলতে পেলুৰ প্ৰতিষেধক।

৩২) কলমৌ শাক

কলমৌ শাকে স্তনত গাখীৰ আৰু পুৰুষৰ শুক্ৰানু বৃদ্ধি কৰে।

৩৩) তিতাফুল

তিতাফুল কৃমি নাশক।

৩৪)পুৰৈ শাক

পুৰৈ শাক খালে এলাৰ্জি ভাল হয়। কুকুৰীকণা নাশ আৰু স্মৃতি শক্তিও বৃদ্ধি কৰে পুৰৈ শাকে।

৩৫) কণা শিমলু

ঔষধি গুণৰে ভৰপুৰ এই কণা শিমলু।

৩৬) পুৰৈ শাক

পুৰৈ শাকে তেজ পৰিস্কাৰ কৰে।

৩৭) বৰথেকেৰা পাত

বিভিন্ন পুষ্টিসম্পন্ন বৰথেকেৰা পাত।

৩৮) হাঁচিয়তি বন

কাহ-চৰ্দিকে ধৰি ঋতুগত ৰোগৰ বাবে এইবিধ শাক খোৱাটো উপকাৰী।

৩৯) তুলসী পাত

তুলসী পাত কাঁহ, হাঁপানি, কফ নাশক।

৪০) বন জলকীয়া

বন জলকীয়াই এন্টিচেপ্তিক হিচাপে কাম কৰে।

৪১) বন জালুক

ছাল আৰু পেটৰ অগণন ৰোগ ভাল কৰিব পাৰে বন জালুকে।

৪২) দহি কচু

দহি কচু ফিটাপেলু আৰু কোষ্ঠকাঠিন্য নাশক।

৪৩) পানী কচু

পানী কচু খালে শৰীৰত আইৰণৰ অভাৱ দূৰ হয়।

৪৪) চুকা শাক

চুকা শাক অন্ত্ৰৰ স্বাস্থ্যৰ বাবে খুব উপকাৰী।

৪৫) বৰ টেঙেচি

বৰ টেঙেচীয়ে স্মৃতি শক্তি বৃদ্ধি কৰে।

৪৬) মূলা শাক

মূলা শাক কিডনী ৰোগ, হাঁপানি ৰোগ নাশক।

৪৭) দুপৰ টেঙা

প্ৰস্ৰাৱৰ ৰোগ, বৃক্ক আৰু জণ্ডিচ ৰোগ প্ৰতিৰোধী দুপৰ টেঙা।

৪৮) বৰালি বুকুৱা

ডিচেন্ট্ৰি আৰু প্ৰস্ৰাৱৰ সমস্যাত বৰালি বুকুৱা খোৱাটো খুবেই উপকাৰী।

৪৯) নেফাফু

ঔষধি গুণ উচ্চ ৰক্তচাপ নিয়ন্ত্ৰিত অতি সহায়ক।

৫০) দূবৰি বন

মাহেকীয়াৰ সমস্য দূৰ, শৰীৰৰ ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধি কৰে দূবৰি বনে।

৫১)নহৰু পাত

নহৰু পাত খালে হজম শক্তি উন্নত আৰু উচ্চ ৰক্তচাপ নিয়ন্ত্ৰন হয়।

৫২) কুকুৰা ঠেঙীয়া শাক

এইবিধ শাকে দাঁতৰ ৰোগ, কেন্সাৰ, ডায়বেটিছ, জ্বৰ, খৰ-খজুলি আদি দূৰ কৰে।

৫৩) দোৰোণ শাক

হজম শক্তি উন্নত কৰাৰ লগতে বহু ৰোগ উপশম কৰে দোৰোণ শাকে।

৫৪) গৰু খিচ

আৰ্থাৰাইটিছ, ডায়েৰিয়া, ছালৰ ৰোগ আদিৰ বাবে খুব উপকৰী গৰু খিচ।

৫৫) কেঁহাৰাজ

পূৰণি দিনত চিঁয়াহী বনোৱাত ব্যৱহৃত কেঁহাৰাজৰ ঔষধি গুণো বহু আছে। বদহজমৰ লগতে পেটৰ আন আন সমস্যা দূৰ কৰাত কেঁহাৰাজ উপকাৰী।

৫৬) মনোৱা শাক

ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাৰ লগতে যকৃতৰ বিভিন্ন ৰোগ, বিশেষকৈ অৰ্শ ৰোগ নিৰাময় কৰে মনোৱা শাকে।

৫৭ )তিল পাত

তিলপাতৰো ঔষধি গুণ অনেক।

৫৮) যজ্ঞ ডিমৰু পাত

পূজাত ব্যৱহাৰ হোৱাৰ উপৰিও এই পাত পৰিপুষ্টি আৰু পেটৰ সমস্যাৰ বাবে ভাল।

৫৯) পিৰালি পালেং

পিৰালি পালেং প্ৰচুৰ ভিটামিনৰ উৎস।

৬০) নিলাজী বন

নিলাজী বনে ডায়েৰিয়া, ডাইবেটিছ নিয়ন্ত্ৰন কৰাত সহায় কৰে। ই অৰ্শ ৰোগো নিৰাময় কৰে।

৬১) ধনিয়া

ধনিয়া বা মেমেধু খালে ৰক্তহীনতা, ছালৰ ৰোগ, হৃদৰোগ নাশক।

৬২) নৰসিংহ

ঔষধি গুণযুক্ত নৰসিংহই দৃষ্টিশক্তি বৃদ্ধি, পেটৰ বিষ দূৰ কৰে।

৬৩) দুপৰটেঙা

বৃক্ক তথা প্ৰস্ৰাৱৰ ৰোগ নিৰাময়ত সহায়ক দুপৰটেঙা।

৬৪) পদিনা

বিভিন্ন পেটৰ সমস্যা দূৰ কৰিব পাৰে পদিনাই। পদিনাই তেজো পৰিস্কাৰ কৰে।

৬৫) ৰঙালাও আগ

দাঁত মজবুত আৰু দৃষ্টি শক্তি বৃদ্ধি কৰিব পাৰে ৰঙালাউৰ আগে।

৬৬) বৰ মানিমুনি

স্নায়ু তন্ত্ৰ শক্তিশালী কৰি পেটৰ বহু ৰোগ নিৰাময় কৰে বৰ মানিমুনিয়ে।

৬৭) সৰু মানিমুনি

দৈনিক সৰু মানিমুনি খালে স্মৃতি শক্তি বৃদ্ধি হয়।

৬৮) পচতীয়া পাত

কাহ আৰু ছালৰ ৰোগ দূৰ কৰিব পৰা পচতীয়া পাতে।

৬৯) মৰিচা

মৰিচা খালে পায়খানা স্বাভাৱিক হয় আৰু ই কৰ্কট ৰোগ নিৰাময় কৰে।

৭০) বাবৰি শাক

বাবৰি শাক খালে কৃমিৰ সমস্যা দূৰ হয়। দৃষ্টি শক্তিও বৃদ্ধি কৰে বাবৰি শাক।

৭১) তিতাবাহক শাক

হাঁপানি, ব্ৰংকাইটিছ, ডিঙিৰ বিষ, কাহৰ দৰে বহু স্বাস্থ্য সমস্যা দূৰ কৰিব পাৰে এই তিতাবাহক শাকে।

৭২) বিলাহী পাত

ছাল মসৃণ আৰু শৰীৰত তেজ বৃদ্ধি কৰিব পাৰে বিলাহী পাত।

৭৩) ধতুৰা

হাঁপানি আৰু স্নায়ুৰোগত খুব উপকাৰী ধতুৰা শাক।

৭৪) ভেদাইলতা

পেটৰ যিকোনো সমস্যাৰ বাবে ভেদাইলতা উপকাৰী।

৭৫) পিঁয়াজ পাত

যক্ষ্মাৰোগ, মুখৰ আৰু খাদ্যনলীৰ বীজাণুনাশকৰ কাম কৰে পিঁয়াজ পাতে।

৭৬) বিহলঙনি

শৰীৰৰ বিষ নিৰাময় কৰে বিহলঙনিয়ে।

৭৭) মান ধনিয়া

মান ধনিয়া, নগা ধনিয়া বা বঙালী ধনিয়াই খাদ্যৰ সোৱাদ বৃদ্ধি কৰাৰ লগতে হজম শক্তিও বৃদ্ধি কৰে।

৭৮) ভাঙৰ আগ

ভাঙৰ আগে মনোভাৱ উন্নত কৰে আৰু ভোক বৃদ্ধি কৰে।

৭৯) কালমেঘ পাত

যকৃতৰ ঔষধ কালমেঘ পাত। ই তেজ পৰিস্কাৰ কৰাৰ লগতে মেলেৰীয়া বহুমূত্ৰ নাশক।

৮০) শেৱালি ফুল

শেৱালি ফুল কৃমি নাশক। জ্বৰ হ’লেও শেৱালি ফুল খোৱাটো উপকাৰী।

৮১) পনৌনোৱা

বক্ক ৰোগীৰ বাবে পনৌনৌৱা খোৱাটো খুব উপকাৰী।

৮২) নুনি পাত

তেজৰ শৰ্কৰা নিয়ন্ত্ৰণ আৰু জীৱনী শক্তি বৃদ্ধি কৰে।

৮৩) শেৱালি ফুলৰ পাত

জ্বৰ, নিউমোনিয়া ৰোগত খুব উপকাৰী মচন্দৰী।

৮৪) মধুসোলেং

গ্ৰহণী তথা পেটৰ সকলো সমস্যাই সমাধান কৰিব পাৰে মধুসোলেং শাকে।

৮৫) ভেঁকুৰি তিতা পাত

ভেঁকুৰি তিতাই তেজ পৰিস্কাৰ কৰে।

৮৬) বর্হমথুৰি

বৰ্হমথুৰি বেক্টেৰিয়া নাশক।

৮৭) পালেং

ৰক্ত, পিত্ত, শিশুৰ পয়াঁলগা ৰোগ আৰু ছালৰ বাবে উপকাৰী পালেং।

৮৮) লাই শাক

লাই শাকে ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধি, হৃদযন্ত্ৰ শক্তিশালী কৰে। ই কেন্সাৰ প্ৰতিৰোধক।

৮৯) বিশল্যকৰণি

কটা-ছিঙা হ’লে বিশল্যকৰণিয়ে ঔষধৰ কাম কৰে।বিশল্যকৰণি বিষ নাশক।

৯০) লফা শাক

কিডনীষ্টন, হাঁপানি, বংকাইটিচ ৰোগ ঔষধ লফা শাক।

৯১) লাইজাবৰী

লাইজাবৰী চাইনাচ ৰোগীৰ বাবে খুব উপকাৰী আৰু কফ নাশক।

৯২) বেতগছৰ পাত

বেতগছৰ পাতে শৰীৰত তেজৰ পৰিমাণ বৃদ্ধি কৰে। কৃমিৰ বাবেও ই উপকাৰী।

৯৩) মজাঠি শাক

মজাঠি শাক বেক্টেৰীয়া প্ৰতিৰোধী। ডাইবেটিচ আৰু কিডনী পাথৰৰ ক্ষেত্ৰতো এই শাক উপকাৰী।

৯৪) মহানিমৰ পাত

মহানিমৰ পাতে তেজ পৰিস্কাৰ কৰে। তদুপৰি ই মেলেৰীয়া, বহুমূত্ৰ ৰোগ দূৰ কৰাতো কাৰ্যকৰী।

৯৫) মধুৰিআমৰ পাত

মধুৰিআমৰ পাতৰ ডায়েৰিয়া ৰোধী গুণাগুণ আছে।

৯৬) মাটি কাঁদুৰি

পেটৰ ৰোগৰ কাৰণে উপকাৰী।

৯৭) মৰলীয়া শাক

মৰলীয়া শাকে খালে পেট পৰিস্কাৰ কৰে। ই পেটৰ ঘাঁ ভাল কৰে।

৯৮) ব্ৰাহ্মীশাক

ব্ৰাহ্মীশাক খালে স্মৃতি শক্তি বৃদ্ধি হয়। তদুপৰি, ই মৃগী ৰোগ নাশক।

৯৯) মিথিশাক

মিথি শাক বহুমূত্ৰ ৰোগ নিয়ন্ত্ৰক আৰু মাজু আইত ৰোধতো উপকাৰী।

১০০) শুকলতি শাক

শুকলতি শাকে গাঁঠিৰ বিষ উপশম কৰে।

১০১)কাঠ আলুৰ পাত

ভিটামিন বি ৬, বি ১, ফলিক এচিড আৰু ভিটামিন চিৰো ভাল উৎস কাঠ আলুৰ পাত। তদুপৰি, ই বলবৰ্ধক।

Also Read: বিহুত আন নহ'লেও জেতুকা লগাব

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin