Dailyhunt
এই দিনটোত ব্ৰত ৰাখিলে মহাদেৱে দূৰ কৰে সকলো ৰোগ

এই দিনটোত ব্ৰত ৰাখিলে মহাদেৱে দূৰ কৰে সকলো ৰোগ

ডিজিটেল ডেস্ক: শিৱ ভক্তৰ বাবে শাওন মাহৰ সোমবাৰৰ দিনটোৰ বিশেষ গুৰুত্ব আছে। প্ৰাচীন কালৰে পৰা চলি থকা পৰম্পৰা অনুসৰি এই দিনটোত ভগৱান শিৱক পূজা কৰা হয়। বেদ আৰু পুৰাণেও এই কথা নিশ্চিত কৰে। শিৱৰ পূজাৰ বাবে সোমবাৰক কিয় বিশেষ বুলি গণ্য কৰা হয়, জানো আহক-

শাওনৰ সোমবাৰৰ গুৰুত্ব

আচলতে সোমবাৰে যি ব্ৰত ৰখা হয়, এই ব্ৰতৰ নাম সোমেশ্বৰ। সোমেশ্বৰ ব্ৰত নামৰে বিখ্যাত সোমবাৰৰ ব্ৰতৰ নিজস্ব ধৰ্মীয় তাৎপৰ্য আছে। সোমেশ্বৰৰ অৰ্থ দুটা। ইয়াৰে এটা চন্দ্ৰ আৰু আনটো অৰ্থ ঈশ্বৰ, যি ঈশ্বৰক সোমদেৱেও নিজৰ ঈশ্বৰ অৰ্থাৎ শিৱ বুলি গণ্য কৰে।

কি আছে শাস্ত্ৰত ?

শাস্ত্ৰত উল্লেখ থকা মতে, পোনপ্ৰথম বাৰৰ বাবে সোমবাৰে দিনটোত ভগৱান চন্দ্ৰয়ে শিৱৰ পূজা কৰিছিল।

অভিশাপৰ প্ৰভাৱত কুষ্ঠ ৰোগত আক্ৰান্ত চন্দ্ৰই ভগৱান শিৱক আৰাধনা কৰি শাওনৰ সোমবাৰ কেইটোত ব্ৰত ৰাখিছিল। চন্দ্ৰৰ ভক্তিত সন্তুষ্ট হৈ ভগৱান শিৱয়ে তেওঁক অভিশাপৰ পৰা মুক্ত কৰি দিছিল।

সোমবাৰে শিৱক পূজা কৰি হ'ব পাৰি ৰোগমুক্ত

শিৱৰ আৰ্শীবাদত অভিশাপৰ পৰা মুক্ত হৈ চন্দ্ৰ দেৱ পুনৰ সম্পূৰ্ণৰূপে সুস্থ হৈ উঠিল। কেৱল সেয়াই নহয়, চন্দ্ৰৰ পূজাত সন্তুষ্ট হৈ ভগৱান শিৱই তেওঁৰ মূৰৰ জঁটাত তেওঁক স্থান দিলে । তেতিয়াৰ পৰা ভগৱান শিৱক সোমবাৰে পূজা কৰিলে ৰোগীয়া লোক সুস্থ হৈ উঠে বুলি বিশ্বাস কৰা হয়।

আনহাতে, মহাদেৱৰ ভক্তসকলে শাওন মাহত উপবাসে থাকি তেওঁলোকৰ মনৰ ইচ্ছা পূৰণৰ বাবে প্ৰাৰ্থনা কৰে। কিন্তু, এই মাহত কিছু বিশেষ নিয়ম মানি চলাটোও অতি প্ৰয়োজনীয়। ধৰ্মীয় গ্ৰন্থত এনে কিছুমান কৰ্মৰ কথা উল্লেখ আছে, যিসমূহ শাওন মাহটোত পৰিহাৰ কৰা উচিত। সেইসমূহ হৈছে-

চুলি-দাড়ি কটাৰ পৰা বিৰত থাকিব

এই মাহটোত চুলি বা দাড়ি কটা শুভ বুলি গণ্য কৰা নহয়। ইয়াৰ ফলত কামত বাধাৰ সৃষ্টি হ’ব পাৰে আৰু ইতিবাচক শক্তি হ্ৰাস পাব পাৰে।

শৰীৰত তেল নলগাব

স্কন্দ পুৰাণৰ মতে, শাওন মাহত শৰীৰ বা মূৰত তেল প্ৰয়োগ কৰিলে নেতিবাচক শক্তিৰ প্ৰভাৱ বৃদ্ধি পাব পাৰে। বিশেষকৈ, সোমবাৰে তেল লগোৱাটো সম্পূৰ্ণ নিষিদ্ধ বুলি গণ্য কৰা হয়। কাৰণ, এই দিনটো ভগৱান শিৱৰ বাবে উৎসৰ্গিত।

দৈ সেৱন নকৰিব

শাওনত দৈ খোৱাটোও অশুভ, বিশেষকৈ ৰাতি। ধৰ্মীয় বিশ্বাস অনুসৰি, ই শুক্ৰ দোষৰ কাৰণ হ’ব পাৰে আৰু ভাগ্যৰ অনুকূলতা হ্ৰাস কৰিব পাৰে। তাৰ পৰিৱৰ্তে আপুনি মাখন খাব পাৰে।

গাখীৰ খোৱাৰ পৰা বিৰত থাকিব

মহাদেৱৰ নামত উৎসৰ্গিত এই মাহটোত শিৱলিংগত গাখীৰ আগবঢ়োৱাটো শুভ বুলি গণ্য কৰা হয়। কিন্তু এই মাহত গাখীৰ খোৱাটো অশুভ। এই দিনকেইটাত গাখীৰ খালে শৰীৰৰ তাপ আৰু ছালৰ সমস্যা বৃদ্ধি হ’ব পাৰে। উপবাসে থকাসকলে ফল-মূল আৰু পানীৰ দৰে সাত্ত্বিক বস্তু সেৱন কৰিব লাগে।

মাটিত শুব

শাওন মাহত উপবাসে থকা লোকসকলে বিচনাত শুব নালাগে। ধৰ্মীয় পৰম্পৰা অনুসৰি, মাটিত শুলে শৰীৰ আৰু মনৰ বিশুদ্ধতা বৰ্তি থাকে। আধ্যাত্মিক দৃষ্টিকোণৰ পৰাও ইয়াক উপকাৰী বুলি গণ্য কৰা হয়।

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin