Dailyhunt

এই গছে ঘৰলৈ কঢ়িয়াই অশুভ বাৰ্তা, নেতিবাচক শক্তি

ডিজিটেল ডেস্ক: বহুলোকে ঘৰত গছ ৰোপণ কৰি ঘৰখন শুৱনি কৰিবলৈ ভাল পায়।বাস্তু শাস্ত্ৰৰ মতেও ঘৰত গছ থকাটো খুব শুভ।গছে ঘৰটোত ইতিবাচক শক্তি বৃদ্ধি কৰে। কিন্তু বাস্তুৰ মতে ঘৰত কিছুমান গছ থকাটো একেবাৰেই অশুভ।কিছুমান গছ আছে, যিবাৰ ঘৰৰ সন্মুখত ভুলতো ৰোপণ কৰিব নালাগে।ঘৰৰ সন্মুখত এই গছবোৰ ৰোপণ কৰিলে নেতিবাচকতা বৃদ্ধি হয় আৰু ধনসম্পৰ্কীয় সমস্যাৰ সৃষ্টি হয়, আজি এই বিষয়ে জানো আহক-

তেতেলী গছ

বিশ্বাস অনুসৰি, তেতেলী গছ ঘৰৰ সন্মুখত থাকিলে ঘৰখনত নেতিবাচকতা বিয়পে। সেয়েহে ইয়াক ঘৰৰ সন্মুখত ৰোপণ কৰিব নালাগে।এই গছ ঘৰৰ থাকিলে ই বৈবাহিক সম্পৰ্কতো বিভেদ সৃষ্টি কৰে।

আঁহত গছ

ঘৰৰ চাৰিওফালে আঁহত গছ থকাটোও শুভ বুলি গণ্য কৰা নহয়।

ইয়াক ঘৰত ৰোপণ কৰিলে ধনহে হেৰুৱাবলগীয়া হয়। কিন্তু যদি ই আপোনাৰ ঘৰত নিজে নিজে হয়, তেন্তে কাটি নেপেলাব। ইয়াক আপুনি মন্দিৰত বা যিকোনো পবিত্ৰ স্থানত ৰোপণ কৰিব পাৰে।

খেজুৰ গছ

ঘৰৰ চৌহদত খেজুৰ গছো ৰোপণ কৰিব নালাগে। ঘৰত এই গছ ৰোপণ থাকিলে পৰিয়ালৰ সদস্যসকলে আৰ্থিক সীমাবদ্ধতাৰ সন্মুখীন হ'ব লগীয়া হয়। ইয়াৰ বাহিৰেও, এই গছে পৰিয়ালৰ সদস্যসকলৰ প্ৰগতিতো প্ৰভাৱিত কৰে। সেয়েহে, ইয়াক কেতিয়াও ঘৰৰ ওচৰত বা চৌহদৰ ভিতৰত ৰোপণ কৰিব নালাগে।

প্লাম গছ

বহুলোকে ঘৰৰ চৌহদত প্লাম গছ ৰোপণ কৰে। কিন্তু এই গছ থাকিলে আপোনাৰ জীৱনত সমস্যা হ'ব পাৰে। বাস্তু শাস্ত্ৰৰ মতে, ঘৰত কাঁইটীয়া গছ ৰোপণ কৰাটো অশুভ আৰু প্লাম গছত কাইট থাকে।সেয়েহে, এই গছ ৰোপণ কৰিলে জীৱনত সমস্যা হ'ব পাৰে।তদুপৰি, এই গছজোপাই ঘৰৰ সদস্যসকলৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলায়।

মদাৰ গছ

ঘৰত চৌহদত মদাৰ গছ থাকিলে নেতিবাচকতা বৃদ্ধি কৰে। এই গছজোপাৰ পৰা গাখীৰ ওলায় আৰু যি গছৰ পৰা গাখীৰ ওলাই, সেই গছে নেতিবাচকতা বৃদ্ধি কৰে। সেয়েহে এই গছ ঘৰত ৰোপন কৰিব নালাগে।

ঘৰৰ সামগ্ৰীবোৰ কি দিশত ৰাখিলে বাস্তু ক্ৰুটি দূৰ হয় জানেনে ?
Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin