Dailyhunt Logo
  • Light mode
    Follow system
    Dark mode
    • Play Story
    • App Story
এই কাম কৰিলেই বাচিব আপোনাৰ প্ৰাণ

এই কাম কৰিলেই বাচিব আপোনাৰ প্ৰাণ

ডিজিটেল ডেস্ক:উচ্চ ৰক্তচাপৰ ভয়াৱহতাৰ বিষয়ে হয়তো দোহৰাৰ প্ৰয়োজন নাই। যদি সময়মতে ৰক্তচাপ নিয়ন্ত্ৰণ কৰা নহয়, ই এজন ব্যক্তিৰ প্ৰাণ পৰ্যন্ত ল'ব পাৰে। উচ্চ ৰক্তচাপে শৰীৰৰ ৰক্তনলীৰ ওপৰত চাপ সৃষ্টি কৰে, যিয়ে হৃদযন্ত্ৰ, বৃক্ক আৰু মগজুত বিৰূপ প্ৰভাৱ পেলাব পাৰে। কেতিয়াবা এই সমস্যাটো কোনো সতৰ্কবাৰ্তা অবিহনেই দেখা দিয়ে। যদি হঠাতে ৰক্তচাপ বৃদ্ধি হয়, লগে লগে কেতবোৰ দিশত মন দিলে ইয়াক নিয়ন্ত্ৰণ কৰিব পাৰি। আজি এই বিষয়ে জানো আহক-

গভীৰ উশাহ

যেতিয়াই আপোনাৰ ৰক্তচাপ হঠাতে বৃদ্ধি হয়, গভীৰ উশাহ লোৱাটো প্ৰথম আৰু আটাইতকৈ কাৰ্যকৰী প্ৰতিকাৰ হ'ব পাৰে। এই পদ্ধতিয়ে আপোনাৰ শৰীৰ শান্ত কৰাত সহায় কৰে আৰু চাপ হ্ৰাস কৰে।

গভীৰ উশাহ-নিশাহে ৰক্তনলীবোৰত তেজৰ প্ৰবাহ স্বাভাৱিক কৰি ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে।

পানী খাব

পানীয়ে ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰিব পাৰে। কিয়নো ই শৰীৰক হাইড্ৰেটেড আৰু ৰক্ত নলীবোৰত তেজ প্ৰবাহিত কৰি ৰাখে। যেতিয়া শৰীৰত পানীৰ অভাৱ হয়, ৰক্তচাপ বৃদ্ধি হোৱাৰ আশংকা থাকে। সেয়েহে, উচ্চ ৰক্তচাপৰ সময়ত খোৱা পানীয়ে সকাহ দিব পাৰে।

লং-মৌ

লং আৰু মৌৰ মিশ্ৰণে ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰিব পাৰে। লঙত প্ৰাকৃতিক এণ্টিঅক্সিডেণ্ট থাকে, যিয়ে ৰক্ত সঞ্চালন উন্নত কৰাত সহায় কৰে। মৌৱে ৰক্তনলীবোৰ পৰিস্কাৰ ৰখাত সহায় কৰে আৰু তেজৰ প্ৰবাহ নিয়ন্ত্ৰণ কৰে।

লাহে-লাহে খোজ কাঢ়িব

পাতল জগিং বা খোজ কাঢ়িলে শৰীৰত তেজৰ প্ৰবাহ উন্নত হয় আৰু শিথিলতা প্ৰদান কৰে। ই ৰক্তচাপ হ্ৰাস কৰাৰ এক প্ৰাকৃতিক উপায়। কিয়নো ই হৃদযন্ত্ৰ শক্তিশালী কৰে আৰু শৰীৰলৈ অধিক অক্সিজেন যোগান ধৰে।

নেমু পানী

নেমুত ভিটামিন চি অধিক থাকে, যিয়ে ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰিব পাৰে। ই শৰীৰক বিষমুক্ত কৰে আৰু ৰক্ত নলীৰ অৱস্থা উন্নত কৰে। নেমু পানী খালে তেজৰ প্ৰবাহ স্বাভাৱিক হৈ থাকে, যি ৰক্তচাপ হ্ৰাস কৰিব পাৰে।

চাপ হ্ৰাস কৰক

চাপ আৰু উদ্বেগ হৈছে উচ্চ ৰক্তচাপৰ মুখ্য কাৰণ। যদি আপুনি হঠাতে উচ্চ ৰক্তচাপ অনুভৱ কৰে, চাপ হ্ৰাস কৰিবলৈ আপোনাৰ মনটোক শান্ত কৰিবলৈ চেষ্টা কৰিব। ধ্যান, যোগ, আৰু শিথিলকৰণ কৌশলে চাপ হ্ৰাস কৰি ৰক্তচাপ স্বাভাৱিক কৰাত সহায় কৰে।

মৌ আৰু আদাৰ মিশ্ৰণ

আদাই ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰিব পাৰে। আদাৰ প্ৰদাহ-প্ৰতিৰোধী গুণাগুণে তেজৰ প্ৰবাহ উন্নত কৰে। মৌ আৰু আদাৰ মিশ্ৰণে দ্ৰুততাৰে ৰক্তচাপ নিয়ন্ত্ৰণ কৰিব পাৰে।

বি. দ্ৰ: চিকিৎসকৰ পৰা উচ্চ ৰক্তচাপ সম্পৰ্কীয় সঠিক তথ্য প্ৰাপ্ত কৰাটো গুৰুত্বপূৰ্ণ।

Also Read: আপুনিও চাহ-কফিৰ আসক্ত যদি এই বিষয়ে জানি লওঁক

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin