Dailyhunt

এই 'পেক' লগাই দূৰ কৰক ছালৰ সকলো সমস্যা

ডিজিটেল ডেস্ক: গ্ৰীষ্মকালত সূৰ্যৰ তীক্ষ্ণ ৰশ্মিৰ ফলত 'ছানবাৰ্ণ', ৰঙা পৰাকে ধৰি ছাল সম্পৰ্কীয় বহুতো সমস্যাই দেখা দিয়ে।সেয়েহে, এই ঋতুত ছালৰ যত্ন লোৱাটো অতি বৰ দৰকাৰ। এই সময়ছোৱাত ছালৰ সমস্যাৰ পৰা হাত সাৰিবলৈ আপুনি বতৰৰ ফল তৰমুজৰ সহায় ল'ব পাৰে। হয়, তৰমুজৰ 'মাস্ক' প্ৰস্তুত কৰি আপুনি ছালখনত সতেজ তথা নিখুঁত কৰি ৰাখিব পাৰে।

তৰমুজত ভিটামিন, এণ্টিঅক্সিডেণ্ট আৰু জিংক যথেষ্ট পৰিমাণে থাকে, যিয়ে ছালক গভীৰ ময়শ্চাৰাইজ কৰাত সহায় কৰে। গ্ৰীষ্মকালত তৰমুজৰ পৰা প্ৰস্তুত কৰা 'মাস্ক'ৰে আপুনি ছালখন কেনেদৰে সুৰক্ষিত কৰিব, সেই বিষয়ে আজি জানো আহক-

তৰমুজ 'ফেচ মাস্ক' কিদৰে প্ৰস্তুত কৰিব-

সামগ্ৰীসমূহ

তৰমুজ- ৩-৪ চাহ চামুচ

মৌ - ২ চামুচ

বেচন - ২ চামুচ

হালধি গুৰি - ১/২ চাহ চামুচ

কেনেদৰে প্ৰস্তুত কৰিব

. প্ৰথমে তৰমুজখিনি এটা বাটিত ৰাখক।

. ইয়াৰ পিছত তাত ১ চাহ চামুচ মৌ আৰু বেচন মিহলি কৰি এটা পেষ্ট প্ৰস্তুত কৰক।

. পেষ্টটো প্ৰস্তুত কৰোতে মনত ৰাখিব যে তাত তৰমুজ যাতে গোটা হৈ নাথাকে।

. মুখখন পানীৰে ভালদৰে ধুই পেষ্টটো মুখত প্ৰয়োগ কৰক।

. শুকাই যোৱাৰ লগে লগে মুখখন সাধাৰণ পানীৰে ধুব।

. 'ফেচপেক' প্ৰয়োগ কৰাৰ পিছত মুখত ময়েশ্চাৰাইজাৰ প্ৰয়োগ কৰক।

ছালৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনি এই 'ফেচপেক'টো সপ্তাহত দুবাৰ ব্যৱহাৰ কৰিব পাৰে।

এই 'ফেচপেক' প্ৰয়োগৰ লাভালাভ

তৰমুজত ভিটামিন-এ আৰু চি থাকে, ই ছালৰ কোঁচ খোৱা উপশম কৰাত সহায় কৰে।

গ্ৰীষ্মকালত মুখখন ঘামি যোৱাৰ ফলত ছাল তৈলাক্ত হৈ পৰে। তৈলাক্ত ছালত ধুলি, মাটি আৰু প্ৰদূষণৰ কণা জমা হৈ মুখত শালমন হয়। এনে পৰিস্থিতিত আপুনি তৰমুজৰ পৰা প্ৰস্তুত কৰা 'ফেচপেক' এটা ব্যৱহাৰ কৰিব পাৰে। ই ছালক শালমনৰ পৰা সকাহ পোৱাত সহায় কৰে।

এই সময়ছোৱাত বাহিৰলৈ ওলালে মুখত 'টেন' পৰে। তৰমুজৰ পৰা প্ৰস্তুত কৰা 'ফেচমাস্ক' ব্যৱহাৰ কৰিলে আপুনি এই সমস্যাৰ পৰাও সকাহ পাব।

আপুনি 'ছানবাৰ্ণ'ৰ পৰা সকাহ পাবলৈ তৰমুজৰ 'ফেচমাস্ক' ব্যৱহাৰ কৰিব পাৰে।

এই 'পেক'টোয়ে ছালখন ময়েশ্চাৰাইজ কৰে।

বি দ্ৰ: যদি আপোনাৰ মুখত আন কিবা 'পেক' ব্যৱহাৰ কৰাৰ ফলত খজুৱতি, জ্বলা-পোৰা আদি সমস্যা হয়, তেতিয়া এই 'পেক' ব্যৱহাৰ নকৰিব।

Coffee Facepack: ছালৰ বহু সমস্যাৰ সমাধান দিয়ে কফিয়ে
Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin