Dailyhunt

এইবাৰ আৰম্ভ হৈছে এডেন' ভাইৰাছৰ সন্ত্ৰাস : নাই একো চিকিত্‍সা

ডিজিটেল ডেস্ক: ভাইৰাছ মানেই যেন সন্ত্ৰাস ! ক'ৰোনা ভাইৰাছে বিশ্বজুৰি সৃষ্টি কৰা ভয়ানক পৰিস্থিতিৰ পাছত এতিয়া ভাইৰাছ বুলিলেই আতংকৰ পৰিৱেশে বিৰাজ কৰে।সম্প্ৰতি ভাৰতত ত্ৰাসৰ সৃষ্টি কৰা এবিধ ভাইৰাছ হৈছে এডেন' ভাইৰাছ। নতুনকৈ সন্ত্ৰাস সৃষ্টি কৰা এডেন' ভাইৰাছে এতিয়া পশ্চিম বংগত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে। এডেন' ভাইৰাছৰ প্ৰাৰম্ভিক লক্ষণ হৈছে ফ্লু। এই ভাইৰাছত কম বয়সীয়া লোক বেছিকৈ আক্ৰান্ত হৈছে, যি অধিক চিন্তাৰ কাৰণ হৈ পৰিছে।

এই পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ ৰাজ্যখনৰ স্বাস্থ্য বিভাগে চিকিত্‍সা বৃত্তিধাৰী, বিশেষকৈ শিশু ৰোগ বিশেষজ্ঞসকলৰ বাবে ফ্লু সদৃশ লক্ষণ থকা শিশুৰ চিকিত্‍সা কৰোতে অতিৰিক্ত সাৱধানতা অৱলম্বন কৰাৰ বাবে সতৰ্কবাণী জাৰি কৰিছে।

বিশেষকৈ যিসকল দুবছৰ বা তাতকৈ কম বয়সৰ শিশু তেওঁলোকৰ দেহত এই ভাইৰাছৰ সংক্ৰমণ অধিক হোৱা পৰিলক্ষিত হৈছে।

এডেন' ভাইৰাছ কি ?

এডেন' ভাইৰাছ হৈছে সাধাৰণ ভাইৰাছৰ এক শৃংখলা, যিয়ে এজন ব্যক্তিৰ মস্তিষ্ক, অন্ত্ৰ, মূত্ৰনলী, চকু আৰু হাঁওফাঁওৰ বেয়াকৈ ক্ষতি কৰে। ই হৈছে এক অত্যাধিক সংক্ৰামক শ্বাস-প্ৰশ্বাসৰ ভাইৰাছ যি বিভিন্ন ধৰণৰ ৰোগ সৃষ্টিৰ কাৰক হব পাৰে।

এই ভাইৰাছ ছালৰ পৰা ছালৰ সংস্পৰ্শৰ দ্বাৰা, বায়ু আৰু পানীৰ জৰিয়তে, কাহ আৰু হাঁচিৰ জৰিয়তে আৰু সংক্ৰমিত ব্যক্তিৰ শৌচৰ জৰিয়তে সংক্ৰমিত হ'ব পাৰে।

এডেন' ভাইৰাছৰ লক্ষণ

সাধাৰণ চৰ্দি

জ্বৰ

ডিঙিৰ বিষ

তীব্ৰ ব্ৰংকাইটিছ বা বুকুত ঠাণ্ডা অনুভৱ কৰা

নিউমোনিয়া বা হাঁওফাঁওৰ সংক্ৰমণ

চকু ৰং সলনি হোৱা

তীব্ৰ গেষ্ট্ৰ' এণ্টেৰাইটিছ বা পেটৰ বিষ

এই ভাইৰাছত আক্ৰান্ত হ'লে কি উপায় আছে ?

দুৰ্ভাগ্যবশত, এই ভাইৰাছত আক্ৰান্ত হ'লে ৰোগীয়ে খাব পৰা কোনো অনুমোদিত ঔষধ বা প্ৰতিষ্ঠিত চিকিত্‍সা প্ৰটোকল বৰ্তমানলৈকে নাই।

উল্লেখ্য যে, ৰাজ্যখনৰ স্বাস্থ্য বিভাগে এতিয়ালৈকে এডেন' ভাইৰাছত মৃত্যু হোৱা লোকসকলৰ সঠিক হিচাপ আজিও ৰাজহুৱা কৰা নাই।যোৱা বছৰৰ ডিচেম্বৰৰ পৰা এই ভাইৰাছৰ সংক্ৰমণ আৰম্ভ হৈছিল যদিও শেহতীয়াকৈ প্ৰতিদনে হাজাৰ হাজাৰ ব্যক্তিৰ শৰীৰত এই ভাইৰাছে সন্ত্ৰাস সৃষ্টি কৰিছে।

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin