ডিজিটেল ডেস্ক : হয়তো কোনেও পাহৰিব পৰা নাই সেই বিখ্যাত বিহুগীত- 'জোনবাই এ বেজী এটি দিয়া বুলি পদ্য মতা বয়সত/ তুমি পঢ়িছিলা চোতালতে পাৰি নগাঢাৰিৰ ওপৰত...।।' পাহৰিব পৰা নাই চাগৈ ডেমফুলক ! কেনেকৈনো পাহৰিব পাৰিব কম দিনৰ ভিতৰতে অসমৰ ৰাইজৰ আপোন হৈ পৰা জোনবাইক !
পিছে চলচ্চিত্ৰপ্ৰেমীৰ বাবে আছে এটা ভাল খবৰ। এইবাৰ ৰূপালী পৰ্দাত অসমৰ ৰাইজে দেখিবলৈ পাব তাহানিৰ ভি চি ডিৰ সময়ৰ জোনবাইক। দৰ্শকৰ মাজলৈ পুনৰ আহি আছে 'জোনবাই'। জোনবাইক চিনেমাৰ ৰূপ দিব মানস ৰবীনে।
এই উদ্দেশ্যে বৃহস্পতিবাৰে এক মাংগলিক পৰিৱেশত খানাপাৰাত শুভমহূৰত হৈ যায় আহিব লগা ছবি জোনবাইৰ। ছবিখনৰ কাহিনী- চিত্ৰনাট্য আৰু সংলাপ ৰচনা কৰিছে মানস ৰবীনে। একেদৰে ছবিখন পৰিচালনা কৰিব ৰাজেশ ভূঞাই।
উল্লেখযোগ্য যে, জোনবাইত ভালেকেইগৰাকী ন- পুৰণি শিল্পীয়ে অভিনয় কৰিব। তাৰ লগতে পূৰ্বৰ চৰিত্ৰ ৰূপায়ণ কৰা কেইবাগৰাকী অভিনেতা- অভিনেত্ৰীয়ে অভিনয় কৰিব বুলি জানিব পৰা গৈছে। মুঠৰ ওপৰত জোনবাইক লৈ আশাবাদী পৰিচালক- প্ৰযোজকৰ লগতে কুশীলৱসকল।

