Dailyhunt Logo
  • Light mode
    Follow system
    Dark mode
    • Play Story
    • App Story
এইদৰে কৰক প্ৰজ্ঞাৰ দেৱী সৰস্বতীৰ আৰাধনা

এইদৰে কৰক প্ৰজ্ঞাৰ দেৱী সৰস্বতীৰ আৰাধনা

ডিজিটেল ডেস্ক: জ্ঞান আৰু প্ৰজ্ঞাৰ দেৱী সৰস্বতীক আৰাধনা কৰি ২৩ জানুৱাৰীত উদযাপন কৰা হ'ব বসন্ত পঞ্চমী বা সৰস্বতী পূজা। মাঘ মাহৰ শুক্ল পক্ষৰ পঞ্চমী তিথিত বসন্ত পঞ্চমী পালন কৰা হয়। এটা সম্পূৰ্ণ দিন দেৱী সৰস্বতীৰ নামত উৎসৰ্গা কৰা হয় যদিও সেই বিশেষ দিনটোৰ বিশেষ সময়ত দেৱীক উপাসনা কৰিলে ভক্তৰ প্ৰতি তেওঁৰ বিশেষ কৃপা বৰষে বুলি বিশ্বাস কৰা হয়। পিছে আপুনি এইবেলি সৰস্বতী পূজাৰ শুভ সময়ৰ বিষয়ে জানেনে ?

সৰস্বতী বন্দনাৰ শুভ সময়

তিথি আৰম্ভ: ২৩ জানুৱাৰী, ২:২৮ বজাত।

তিথি শেষ: ২৪ জানুৱাৰী, ১:৪৬ বজাত।

পূজা মুহুৰত: পুৱা ৭:১৩ বজাৰ পৰা নিশা ১২:৩৩ বজালৈ।

ব্ৰহ্ম মুহুৰত: পুৱা ৫:২৬ বজাৰ পৰা পুৱা ৬:২৬ বজালৈ।

বিজয় মুহুৰত: ২:২০ বজাৰ পৰা ৩:০২ বজালৈ।

গধূলি মুহুৰত: ৫:৫০ বজাৰ পৰা ৬:১৭ বজালৈ।

অভিজিত মুহুৰত: ১২:১২ বজাৰ পৰা ১২:৫৪ বজালৈ।

সৰস্বতী বন্দনা

যা কুণ্ডেন্দু তুষাৰহৰ ধৱলা যা শুভ্ৰ বস্ত্রবৃত

য়া বীনা বাৰদণ্ড মণ্ডিতকৰ যা শ্বেতা পদ্মাসন

যা ব্ৰহ্মচ্যুত শংকৰ প্ৰভৃতিভীৰ দেৱৈহ সদা পূজিতা

স মাম পট্টু সাৰৱতী ভাগৱতী নিহষেশ যাদ্যাপাহা ॥

এইদৰেও কৰিব পাৰি সৰস্বতী বন্দনা

শুক্লাম ব্ৰহ্মবিচাৰ সৰ, পৰমাদ্যাম জগদ্ব্যপিনীম

বীণা পুস্তক ধৰিনীমা ভয়াদম যাদ্যান্ধকাৰপাহম।

হষ্টে স্ফতিকমলিকাম বিদধতীম পদ্মাসনে সংস্থিতম

বন্দে তাম পৰমেশ্বৰীম ভাগৱতীম বুদ্ধিপ্ৰদম শাৰদম॥

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin