Dailyhunt

এইদৰে নিমিষতে দূৰ কৰক অসহ্য মূৰৰ বিষ

ডিজিটেল ডেস্ক: দীৰ্ঘসময় ধৰি লেপটপ, ম'বাইল ব্যৱহাৰ বা একেটা কামতে লাগি থকাৰ ফলত কেতিয়াবা আমি যথেষ্ট মূৰৰ বিষৰ সন্মুখীন হ'বলগীয়া হয়। বহুসময়ত এই বিষ বাঢ়ি গৈ সহ্যৰ সীমা অতিক্ৰম কৰে। এনে অহস্য মূৰৰ বিষ সোনকালে দূৰ কৰিবলৈ আপুনি কিছুমান ঘৰুৱা প্ৰতিকাৰ ব্যৱহাৰ কৰিব পাৰে।আটাইতকৈ ভাল কথা এয়ে যে, এই প্ৰতিকাৰবোৰৰ কোনো পাৰ্শ্বক্ৰিয়া নাই।আজি এই বিষয়ে জানো আহক-

মূৰৰ বিষৰ পৰা পৰিত্ৰাণ পাবলৈ আপোনাক লাগিব-

কাঠবাদাম - ১ কাপ

শুকান নাৰিকল - ১ টা

ধনিয়া গুটি - ২ চাহ চামুচ

পোস্তৰ গুটি - ২ চাহ চামুচ

তিল ভজা - ২ চাহ চামুচ

আটাৰে তৈয়াৰ কৰা কেঁচা ৰুটী - ১ টা

কেনেদৰে প্ৰস্তুত কৰিব?

. প্ৰথমে নাৰিকলটো মাজতে দুটাকুৰাকৈ কাটি ল'ব।

. তাৰ পিছত কাঠবাদাম, ধনিয়া গুটি, পোস্ত গুটি, ভজা তিল মিহলি কৰি নাৰিকলৰ ভিতৰত ভৰাই দিব।

. এতিয়া এই শুকান নাৰিকলটো আটাৰে তৈয়াৰ কৰা কেঁচা ৰুটীৰে সম্পূৰ্ণকৈ মেৰিয়াই কম জুইত সেকি ল'ব।

. ৩-৫ মিনিটৰ বাবে সেকি লোৱাৰ পিছত নাৰিকলৰ পৰা ৰুটীখিনি আঁতৰাই দিব।

. শুকান নাৰিকলখিনি আৰু ভিতৰৰ উপাদানবোৰ ভালদৰে গুৰি কৰিব।

. এতিয়া ইয়াত থকা উপাদানবোৰ আৰু শুকান নাৰিকলৰ গুৰিখিনিৰে এটা মিশ্ৰণ প্ৰস্তুত কৰক।

. মিশ্ৰণটো এটা পাত্ৰত ৰাখক।

. আপুনি প্ৰস্তুত কৰা এই মিশ্ৰণটো গৰম গাখীৰৰ সৈতে মিহলাই খালে আপোনাৰ মুৰৰ বিষ খুব সোনকালে নাইকিয়া হ'ব।

এইদৰেও আপুনি মূৰৰ বিষৰ পৰা সকাহ পাব পাৰে

নেমু চাহ

মুৰৰ বিষৰ পৰা সকাহ পাবলৈ আপুনি নেমুৰ পৰা প্ৰস্তুত কৰা চাহ খাব পাৰে।আপুনি প্ৰথমে চাহখিনি বনাই লৈ তাত অলপ নেমু চেপি দিব। এই চাহ খোৱাৰ পাছত আপুনি মূৰৰ বিষৰ পৰা যথেষ্ট সকাহ পাব।

নিমখ দিয়া আপেল

যদি আপুনি দীৰ্ঘসময় ধৰি মুৰৰ বিষৰ পৰা সকাহ পোৱা নাই, তেন্তে আপুনি ১ টা আপেল কাটি ল'ব পাৰে। আপেলত নিমখ দি খালে আপুনি নিমিষতে মূৰৰ বিষৰ পৰা পৰিত্ৰাণ পাব।

তেজৰ এই ৰোগত আক্ৰান্ত হ'লে কি খাদ্য পৰিহাৰ কৰিব লাগে জানেনে ?
Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin