Dailyhunt
এইকেইটা কথা মনত ৰাখিব

এইকেইটা কথা মনত ৰাখিব

ডিজিটেল ডেস্ক: বছৰৰ শেষত শীতৰ বন্ধত বহু অভিভাৱকে সন্তানৰ সৈতে ভ্ৰমণৰ পৰিকল্পনা কৰে।কিন্তু শীতকালত শিশুৰ সৈতে ভ্ৰমণ কৰাটো প্ৰত্যাহ্বানতকৈ কোনোগুণে কম নহয়। সেয়েহে এই যাত্ৰা উপভোগ্য কৰি তুলিবলৈ আগতীয়া প্ৰস্তুতিৰ খুব দৰকাৰ।হয়, ভ্ৰমণৰ পেকিং সঠিক ভাৱে কৰি আপুনি আপোনাৰ ভ্ৰমণ উপভোগ্য আৰু অসুবিধামুক্ত কৰিব পাৰে।আজি এই বিষয়ে জানো আহক-

শিশুৰ বাবে গৰম কাপোৰৰ ব্যৱস্থা

শিশুসকলক ঠাণ্ডাৰ পৰা সুৰক্ষিত কৰিবলৈ প্ৰথমেই ছুৱেটাৰ, জেকেট, শীতৰ টুপী, বৰষুণৰ ঠাইত ৱাটাৰপ্ৰুফ জেকেট অতি উপযোগী।শিশুৰ হাত আৰু ভৰি গৰম ৰাখিবলৈ উলৰ হাতমোজা আৰু মোজাৰ প্ৰয়োজন।কাপোৰ পেক কৰোতে সদায় সৰুকৈ পেক কৰিব, যাতে মোনাটোত অধিক ঠাই থাকে।

যাত্ৰাৰ সময়ত উপযোগী বস্তু

শিশুসকলৰ বাবে পাতল কিন্তু গৰম কম্বল বা পোৰ্টেবল স্লিপিং বেগ এটা পেক কৰিব। গৰম পানী বা গাখীৰ ৰাখিবলৈ থাৰ্মাল ফ্লাস্ক এটা ল’ব। চিকিৎসকৰ পৰামৰ্শ অনুসৰি শিশুৰ বাবে প্ৰয়োজনীয় ঔষধ ৰাখিব। যাত্ৰাৰ সময়ত ভোক অনুভৱ কৰিলে সন্তানক লগে লগে দিবলৈ শুকান জলপান, বিস্কুট আৰু পাতল আহাৰ লগত ৰাখিব। সৰু ল'ৰা-ছোৱালীৰ বাবে ডায়েপাৰ আৰু ৱাইপ পেক কৰাটো নিশ্চিত কৰিব।

ছালৰ যত্ন

ঠাণ্ডা বতাহে শিশুৰ ছাল আৰু ওঁঠ শুকান কৰিব পাৰে। সেয়েহে ছালৰ যত্নৰ বাবে ময়েশ্চাৰাইজাৰ আৰু ওঁঠৰ বাম ব্যৱহাৰ কৰিব।সূৰ্যৰ পৰা নিজকে সুৰক্ষিত কৰিবলৈ পাতল ছানস্ক্ৰীণ এটাও পেকিং কৰিব।

ঋতু অনুসৰি আনুসাংগিক সামগ্ৰী

যদি আপুনি বৰফ থকা ঠাইলৈ গৈ আছে, আপোনাৰ সৈতে শিশুৰ বাবে বুট আৰু স্ন’ চুট ল’ব। ঠাণ্ডা বতাহৰ পৰা সুৰক্ষা দিবলৈ স্কাৰ্ফ আৰু উইণ্ডশ্বিল্ড অতি আৱশ্যক। আপোনাৰ সন্তানৰ আইডি কাৰ্ড আৰু চিকিৎসা তথ্য কঢ়িয়াই নিব। ভ্ৰমণৰ পথ আৰু আগতীয়াকৈ থকাৰ স্থান নিৰ্ধাৰণ কৰক।

Also Read: সন্তানক গাখীৰৰ সৈতে মিহলাই খুৱাব এইসমূহ খাদ্য

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin