Dailyhunt Logo
  • Light mode
    Follow system
    Dark mode
    • Play Story
    • App Story
এইসকলৰ যিকোনো সময়তে হ'ব পাৰে কিডনীৰ ৰোগ

এইসকলৰ যিকোনো সময়তে হ'ব পাৰে কিডনীৰ ৰোগ

ডিজিটেল ডেস্ক: কিডনী বা বৃক্কই আমাৰ শৰীৰত ফিল্টাৰ হিচাপে কাম কৰে। ই শৰীৰত থকা বিষাক্ত পদাৰ্থবোৰ পৰিস্কাৰ কৰাত সহায় কৰে। শৰীৰটোক স্বাস্থ্যৱান কৰি ৰাখিবলৈ আমাৰ বৃক্ক স্বাস্থ্যৱান হোৱাটো খুবেই প্ৰয়োজনীয়। আপুনি যি খায়, তাৰ পৰা মুকলি হোৱা ক্ষতিকাৰক পদাৰ্থবোৰ বৃক্কই ফিল্টাৰ কৰে । ই তেজৰ ভাৰসাম্য ৰক্ষা কৰে আৰু শৰীৰত ছ'ডিয়াম, কেলচিয়াম, খনিজ পদাৰ্থ, পানী, ফছফৰাছ, পটাছিয়াম, হিমোগ্লোবিন আদিক সন্তুলিত কৰি ৰাখে। কিন্তু ভুল খাদ্যাভ্যাসৰ বাবে বৃক্কৰ ৰোগৰ আশংকা বৃদ্ধি হয়। তদুপৰি, কিছুমান লোকৰ বৃক্কৰ ৰোগ হোৱাৰ সম্ভাৱনা আনতকৈ অধিক হয়। কোনবোৰ লোকৰ বৃক্ক ৰোগ হোৱাৰ আশংকা অধিক হয়, আজি জানো আহক-

ডায়েবেটিছ ৰোগী

ডায়েবেটিচৰ দৰে দুৰাৰোগ্য ৰোগত আক্ৰান্ত লোকসকলৰ বৃক্কৰ ৰোগৰ আশংকা অধিক। এই ৰোগত চেনী আৰু গ্লুকোজৰ পৰিমাণ শৰীৰত বৃদ্ধি হয়, যাৰ ফলত বৃক্কৰ ক্ষতি হ'ব পাৰে। ডায়েবেটিচৰ ফলত, বৃক্ক বিকল হোৱা, বৃক্কৰ চিৰোচিছ আদিৰ দৰে সমস্যাৰ আশংকা অধিক।

সুৰা \ চিগাৰেট সেৱন

ধূমপান আৰু অত্যাধিক সুৰাপানে বৃক্কৰ ৰোগৰ আশংকা বৃদ্ধি কৰে। কিয়নো ইয়াৰ ফলত উচ্চ ৰক্তচাপ আৰু অন্যান্য স্বাস্থ্য সমস্যা হ'ব পাৰে।সেয়েহে এই অভ্যাসবোৰ পৰিহাৰ কৰি সুস্থ জীৱনশৈলী গ্ৰহণ কৰিব লাগে।

মেদবহুলতা

যিসকল লোকৰ ওজন অধিক বা মেদবহুলতাৰ সমস্যাৰ সৈতে যুঁজি আছে, তেওঁলোকৰো বৃক্কৰ ক্ষতিৰ আশংকা বৃদ্ধি হয়।

উচ্চ ৰক্তচাপ

যিসকল লোকৰ ৰক্তচাপ বৃদ্ধি হয়, তেওঁলোকেও বৃক্কৰ সমস্যাৰ সৈতে মোকাবিলা কৰিব লাগিব পাৰে। উচ্চ ৰক্তচাপৰ ফলত বৃক্কৰ কোষকলা ক্ষতিগ্ৰস্ত হ'বলৈ আৰম্ভ কৰে আৰু বৃক্কৰ কাম কৰাৰ ক্ষমতা দুৰ্বল হয়।

পাৰিবাৰিক ইতিহাস

যদি এজন ব্যক্তিৰ পৰিয়ালত বৃক্ক সম্পৰ্কীয় ৰোগৰ সমস্যা হয়, তেনেহ'লে তেওঁলোকৰো বৃক্কৰ ৰোগ হোৱাৰ আশংকা আছে।

কেনেদৰে সুৰক্ষা দিব ?

. যদি আপুনি বৃক্ক স্বাস্থ্যৱান ৰাখিব বিচাৰে তেন্তে নিয়মীয়াকৈ ব্যায়াম কৰক। আপুনি দৈনন্দিন ৰুটিনত যোগ, ধ্যানৰ দৰে কাৰ্যকলাপ অন্তৰ্ভুক্ত কৰিব পাৰে।

. অত্যাধিক সুৰা পান কৰা আৰু ধূমপান কৰিলে আপোনাৰ স্বাস্থ্যৰ সমস্যা হ'ব পাৰে। এনে পৰিস্থিতিত এই দুয়োটা বস্তু খোৱা বন্ধ কৰক।

.সদায় স্বাস্থ্যকৰ আহাৰ খাব। আহাৰত কম নিমখ, কম শৰ্কৰা যুক্ত খাদ্য অন্তৰ্ভুক্ত কৰিব আৰু উচ্চ-আঁহ, প্ৰ'টিন খাদ্য গ্ৰহণ কৰিব।

. ওজন নিয়ন্ত্ৰণত ৰাখিব। অত্যাধিক মেদবহুলতাৰ ফলতো বৃক্কৰ ৰোগ হ'ব পাৰে।

. শৰীৰৰ নিয়মীয়া পৰীক্ষা কৰিব আৰু চিকিৎসকৰ পৰামৰ্শ ল'ব।

Also Read: ‘কিডনী ষ্ট’ন’ হ’লে কি খাব লাগে জানি লওঁক

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin