Dailyhunt
এইসমূহ অভ্যাস কৰি হৃদযন্ত্ৰ সুৰক্ষিত কৰি ৰাখক

এইসমূহ অভ্যাস কৰি হৃদযন্ত্ৰ সুৰক্ষিত কৰি ৰাখক

ডিজিটেল ডেস্ক: যিকোনো বয়সৰ লোকৰ মাজতে ক্ৰমান্বয়ে বৃদ্ধি পোৱা হৃদআক্ৰমণৰ ঘটনাই এতিয়া সকলোকে চিন্তিত কৰি তুলিছে। যদি সময়মতে হৃদযন্ত্ৰৰ স্বাস্থ্যৰ যত্ন লোৱা নহয়, তেতিয়া হৃদযন্ত্ৰ ফুলিব পাৰে।এনে হোৱাৰ ফলত হৃদযন্ত্ৰৰ বিফলতা, হৃদআক্ৰমণ আৰু হৃদযন্ত্ৰৰ ষ্ট্ৰ'কৰ দৰে বহু গুৰুতৰ সমস্যাত আপুনি ভূগিব পাৰে।তদুপৰি, হৃদযন্ত্ৰ ফুলি যোৱাৰ ফলত হৃদস্পন্দন বৃদ্ধি, অনিয়মীয়া হৃদস্পন্দন, হঠাতে হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ যাব পাৰে।

ওজন নিয়ন্ত্ৰণত ৰাখিব

ওজন বৃদ্ধিৰ ফলত আমাৰ শৰীৰত বহু প্ৰকাৰৰ ৰোগৰ আৱিৰ্ভাৱ ঘটে।ইয়াৰ ভিতৰত ডায়েবেটিচ, উচ্চ ৰক্তচাপ, থাইৰইডৰ অন্যতম।তদুপৰি, বৰ্ধিত ওজনে হৃদযন্ত্ৰ সম্পৰ্কীয় ৰোগৰ আশংকাও বৃদ্ধি কৰে।সেয়েহে সুস্বাস্থ্যৰ গৰাকী হৈ থাকিবলৈ আপোনাৰ ওজন নিয়ন্ত্ৰণত ৰাখিবলৈ চেষ্টা কৰিব।

স্বাস্থ্যকৰ আহাৰ খাব

ভাল স্বাস্থ্যৰ বাবে ভাল খাদ্য খোৱাটো অতি জৰুৰী। হৃদযন্ত্ৰ সম্পৰ্কীয় ৰোগৰ আশংকা হ্ৰাস কৰিবলৈও আপুনি স্বাস্থ্যকৰ আহাৰ গ্ৰহণ কৰা উচিত।সুস্বাস্থ্যৰ অধিকাৰী হৈ থাকিবলৈ অত্যাধিক তেল জাতীয়, ভজা-পোৰা, পেকেট যুক্ত খাদ্যৰ পৰা সদায় আঁতৰি থাকিব। সেইসমূহ গ্ৰহণ কৰিলে শৰীৰত কলেষ্টেৰলৰ স্তৰ বৃদ্ধি হ'ব পাৰে, যাৰ ফলত আপোনাৰ উচ্চ ৰক্তচাপৰ সসম্যা হ'ব পাৰে।সেয়েহে, হৃদযন্ত্ৰ স্বাস্থ্যৱান ৰাখিবলৈ আপোনাৰ ৰুটিনত স্বাস্থ্যকৰ খাদ্যাভ্যাস অন্তৰ্ভুক্ত কৰিব।

ব্যায়াম

দৈনিক ব্যায়াম কৰিও আপুনি আপোনাৰ হৃদযন্ত্ৰ স্বাস্থ্যৱান কৰি ৰাখিব পাৰে। সপ্তাহটোত আটাইকেইদিন নহ'লেও কমেও ৪-৫ দিন ব্যায়াম কৰিব। আপুনি আপোনাৰ দৈনন্দিন ৰুটিনত খোজ কঢ়া, দৌৰা, সাঁতোৰা চাইকেল চলোৱা আদি অভ্যাস অন্তৰ্ভুক্ত কৰি স্বাস্থ্য ভালে ৰাখিব পাৰে।

উদ্বেগ-চাপ আঁতৰাই ৰাখিব

উদ্বেগ, চাপ আৰু হতাশাৰ দৰে সমস্যাই শৰীৰত কৰ্টিচোল নামৰ হৰমন এটা বৃদ্ধি কৰে, যাৰ ফলত হৃদযন্ত্ৰ ফুলিব পাৰে। গতিকে সদায় চাপমুক্ত হৈ থাকিবলৈ চেষ্টা কৰিব।ইয়াৰ বাবে আপুনি সদায় যোগ আৰু ধ্যান কৰিব।

ৰোগীৰ বাবে এই মছলাবোৰ প্ৰকৃততে আশীৰ্বাদহে
Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin