Dailyhunt

এইসমূহ ঘৰুৱা প্ৰতিকাৰৰ সহায় লৈ দূৰ কৰক পেটৰ সমস্যা

ডিজিটেল ডেস্ক: পৰিৱৰ্তনশীল ঋতুত পেটৰ সমস্যা সঘনাই হয়। বিশেষকৈ পেটৰ বিষ আৰু ডায়েৰিয়া একেলগে হোৱাৰ ফলত পেটৰ অৱস্থা একেবাৰে বেয়া হৈ পৰে। বতৰৰ লগতে ভুল খাদ্যাভ্যাস আৰু লেতেৰা পানীও পেট বেয়া হোৱাৰ অন্যতম প্ৰধান কাৰণ। বতৰ সলনি হোৱাৰ লগে লগে যদি আপোনাৰো পেটৰ সমস্যা বাঢ়ে, তেন্তে আপুনি ঔষধ খোৱাৰ সলনি কিছুমান ঘৰুৱা প্ৰতিকাৰৰ সহায় ল'ব পাৰে। আজি সেই বিষয়ে জানো আহক-

জিৰা

মচলা হিচাপে ব্যৱহৃত জিৰাই আপোনাক ডায়েৰিয়াৰ পৰা সকাহ পোৱাত যথেষ্ট সহায় কৰিব পাৰে। পেটৰ সমস্যাত ভূগিলে ১ চাহ চামুচ জিৰা খাব। ডায়েৰিয়াৰ সমস্যাত জিৰাক অতি উপকাৰী বুলি গণ্য কৰা হয়। জিৰা খাই উঠি এক গিলাচ কুহুমীয়া পানী খাব।এনেদৰে খোৱাৰ ফলত আপুনি ডায়েৰিয়াৰ পৰা যথেষ্ট সকাহ পাব।

কল

কলে আপোনাক ডায়েৰিয়াৰ সমস্যাৰ পৰা যথেষ্ট সকাহ দিব।কলত পোৱা পেক্টিন নামৰ উপাদানটোৰ লগতে পটাছিয়াম ডায়েৰিয়া নিৰ্মূলত যথেষ্ট উপকাৰী।

আদা

আদাক পেটৰ সমস্যা সমাধানত অত্যন্ত উপকাৰী বুলি গণ্য কৰা হয়। ইয়াত পোৱা এণ্টিফাংগাল আৰু এণ্টিবেক্টেৰিয়েল গুণাগুণে পেটৰ বিষৰ পৰা আপোনাক অতি সোনকালে সকাহ দিব।পেটৰ সমস্যাত ভূগিলে আপুনি এক গিলাচ গাখীৰত এক চামুচ আদা গুৰি মিহলি কৰি খাব পাৰে।

পুদিনা

পেট সম্পৰ্কীয় সকলো সমস্যাৰ পৰা সকাহ পাবলৈ বছৰ বছৰ ধৰি পুদিনা ব্যৱহাৰ কৰি অহা হৈছে। পুদিনাত কিছুমান এণ্টিঅক্সিডেণ্ট থাকে, যিয়ে পাচন তন্ত্ৰক স্বাস্থ্যৱান কৰাত সহায় কৰে।

পানী

পেট বেয়া হ'লে শৰীৰত পানীৰ অভাৱ হয়। সেয়েহে এই সময়ছোৱাত অধিক পানী খাব লাগে। পানীৰ সলনি আপুনি ফলৰ ৰস বা পাচলিৰ ৰসো খাব পাৰে।নেমু পানী আৰু নিমখ-চেনীৰে তৈয়াৰ কৰা দ্ৰৱণো পেটৰ বাবে যথেষ্ট উপকাৰী।

দৈ

পেট বিকল হ'লে আপুনি দৈ খাব পাৰে। ইয়াত পোৱা বেক্টেৰিয়াই পেটৰ ভাৰসাম্য ৰক্ষা কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। যি পাকস্থলী অতি সোনকালে আৰোগ্য কৰে।তদুপৰি, ই পেট ঠাণ্ডা ৰখাত সহায় কৰে।

গাঁঠি, পেটৰ বিষৰ লগতে বহু স্বাস্থ্য সমস্যা নিৰাময় কৰে ডালচেনিয়ে
Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin