Dailyhunt Logo
  • Light mode
    Follow system
    Dark mode
    • Play Story
    • App Story
একেখিনি চাহকে বাৰে বাৰে গৰম কৰি খোৱাসকল সাৱধান হওক

একেখিনি চাহকে বাৰে বাৰে গৰম কৰি খোৱাসকল সাৱধান হওক

ডিজিটেল ডেস্ক: বহুতৰ মতে,চাহ ভাৰতীয়ৰ আৱেগ। ৰাতিপুৱা শোৱাৰ পৰা আৰম্ভ কৰি দিনটোৰ সকলো সময়তে চাহ খোৱাটো একপ্ৰকাৰ আমাৰ অভ্যাস। কিন্তু এই অভ্যাসে শৰীৰটোৰ বহু ক্ষতি কৰে। ইফালে, বাৰে বাৰে চাহ বনাই থাকিবলৈ অসুবিধা হোৱাৰ বাবে আমি একেলগে অলপ সৰহকৈ চাহ বনাই পাছত সেয়া গৰম কৰি খাই থাকো। হোটেল-ৰোস্তোৰাৰ কথাটো ক'বই নালাগে। গ্ৰাহকক সোনকালে চাহ কাপ যোগাৰ দিবলৈ হোটেলবোৰত একেলগে বহু পৰিমাণে চাহ বনাই থৈ দিয়ে। কিন্তু বাৰে বাৰে চাহ গৰম কৰি খোৱাটো স্বাস্থ্যৰ বাবে কিমান ক্ষতিকাৰক আপুনি জানেনে ? চাহ কিয় বাৰে বাৰে গৰম কৰিব নালাগে, জানো আহক-

হ্ৰাস হয় পুষ্টি

বহু আগতে বনাই থোৱা চাহ পুনৰ গৰম কৰি খোৱাটোৱে স্বাস্থ্যৰ ক্ষতি কৰে।

চাহত বিকাশ হোৱা মৃদু বেক্টেৰিয়াবোৰ স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক। আমাৰ বহুতৰে ঘৰত গাখীৰ চাহ তৈয়াৰ কৰা হয়, য'ত উচ্চ পৰিমাণৰ গাখীৰ থাকে। যাৰ বাবে এনে চাহত জীৱাণুৰ বিকাশৰ আশংকা যথেষ্ট বৃদ্ধি হয়।

পেটৰ সমস্যা বৃদ্ধি

বাৰে বাৰে গৰম কৰি চাহ খালে পেটৰ সমস্যা হ'ব পাৰে। বিশেষকৈ পেটত গেছৰ সমস্যাৰ সৃষ্টি হৈ বিষ আৰম্ভ হ’ব পাৰে। তদুপৰি, এনে চাহ খোৱাৰ ফলত অন্ত্ৰত এচিডৰ উৎপাদন বৃদ্ধি হয়। যাৰ ফলত বুকুৰ জ্বলা-পোৰা আৰু বিষৰ সমস্যা হয়।

কোষ্ঠকাঠিন্যৰ সমস্যা

পুৰণি চাহ পুনৰ গৰম কৰি খালে ই পাচন তন্ত্ৰক প্ৰভাৱিত কৰে। চাহত থকা এচিডিক গুণাগুণে পাকস্থলীত এচিডৰ পৰিমাণ আৰু অধিক বৃদ্ধি কৰিব পাৰে। ইয়াৰ ফলত বদহজম আৰু কোষ্ঠকাঠিন্যৰ দৰে সমস্যা হ'ব পাৰে।

ৰক্তচাপ বৃ্দ্ধি

গৰম কৰি চাহ খালে ৰক্তচাপ বৃদ্ধি হ'ব পাৰে।সেয়ে উচ্চ ৰক্তচাপত ভূগি থকা লোকসকলে পৰাপক্ষত এনে চাহ সেৱনৰ পৰা বিৰত থাকিব লাগে।

বেয়া হয় সোৱাদ

একাপ চাহৰ বিশেষত্ব হৈছে ইয়াৰ গোন্ধ আৰু সোৱাদ। কিন্তু বাৰে বাৰে চাহ গৰম কৰিলে ইয়াৰ সোৱাদ নষ্ট হৈ যায়। একে সময়তে, ইয়াৰ গোন্ধও উৰি যায়।

আচলতে চাহ কেনেদৰে খাব লাগে

যদি আপুনি চাহ বনোৱাৰ ১৫ মিনিটৰ ভিতৰত ইয়াক পুনৰ গৰম কৰে, তেনেহ'লে ই শৰীৰৰ বিশেষ ক্ষতি নকৰে।দীঘলীয়া সময়ৰ পিছত চাহ গৰম কৰাটোৱেহে শৰীৰৰ বাবে ক্ষতিকাৰক।সেয়ে সদায় আপুনি জোখৰ পৰিমাণত চাহ বনাবলৈ চেষ্টা কৰক।

Also Read: Tea Side Effects: চাহ খাই শৰীৰটো ঘূণীয়া নকৰিব

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin