Dailyhunt Logo
  • Light mode
    Follow system
    Dark mode
    • Play Story
    • App Story
এখন গ্ৰন্থৰ জন্ম কাহিনী...

এখন গ্ৰন্থৰ জন্ম কাহিনী...

ন ২০২৫। সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম শত বাৰ্ষিকী। অসম চৰকাৰৰ বিশেষ পৃষ্ঠপোষকতা আৰু দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উপস্থিতিত পালন কৰা হ'ল বছৰজোৰা কাৰ্যসূচী আগত ৰাখি সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী। এই অনুষ্ঠানতে সুধাকণ্ঠৰ প্ৰতি সন্মান জনাই প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে ১০০টকীয়া স্মৃতি মুদ্ৰা। একেদৰে উন্মোচন কৰিলে 'ভাৰত ৰত্ন ভূপেন হাজৰিকা গীতৰ চিত্ৰকৰ সুৰৰ ভাস্কৰ' শীৰ্ষক জীৱনীমূলক গ্ৰন্থ। দেশৰ আটাইকেইটা স্বীকৃতিপ্ৰাপ্ত ভাষালৈ অনুবাদিত কৰা গ্ৰন্থখন ৰচনা কৰাৰ আঁৰৰ কাহিনী অসমীয়া প্ৰতিদিনৰ 'মোৰ মত' শিতানত ব্যক্ত কৰিছে গ্ৰন্থখনৰ স্ৰষ্টা তথা বিশিষ্ট সাংবাদিক, সাহিত্য অকাডেমী বঁটাপ্ৰাপক আৰু সাদিন- সাতসৰীৰ সম্পাদক অনুৰাধা শৰ্মা পূজাৰীয়ে।

যোৱা মাৰ্চ মাহৰ শেষৰ ফালে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আচম্বিতে ফোন কৰি কৈছিল যে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জীৱন ভিত্তিক এখন গ্ৰন্থ এক/ ডেড়মাহ মানৰ ভিতৰত এক সীমিত পৃষ্ঠাৰ পৰিসৰত লিখি দিব লাগে। গ্ৰন্থখন হিন্দী আৰু ইংৰাজীৰ উপৰিও ভাৰতবৰ্ষৰ সকলো আঞ্চলিক ভাষালৈ অনুবাদ কৰি ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানতে মুকলি কৰাৰ পৰিকল্পনাৰ বিষয়েও জানিব পাৰিলো।

গতিকে, মুখ্যমন্ত্ৰী মহোদয়ে অৰ্পণ কৰা দায়িত্বভাৰ লৈ অতি কম সময়ৰ ভিতৰতে ভূপেন হাজৰিকাৰ জীৱন আৰু কৰ্মৰাজিৰ আধাৰত গ্ৰন্থখন লিখি প্ৰকাশন পৰিষদক অৰ্পণ কৰিলো। প্ৰকাশন পৰিষদেও মাত্ৰ দুই তিনিটা মাহৰ ভিতৰতেই গ্ৰন্থখন অসমীয়া, হিন্দী, ইংৰাজীৰ উপৰিও ভাৰতবৰ্ষৰ ২১ টা ভাষালৈ অনুবাদ কৰি কালি অনুষ্ঠিত হৈ যোৱা জন্ম শতবাৰ্ষিকীৰ অনুষ্ঠানটোতে ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰীৰ দ্বাৰা উন্মোচন কৰোৱাবলৈ সক্ষম হ'ল।

চাবলৈ গ'লে গ্ৰন্থখন প্ৰকাশৰ ক্ষেত্ৰত থকা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ সদিচ্ছা আৰু উদ্যোগৰ বাবে আৰু অসম প্ৰকাশন পৰিষদৰ তৎপৰতাৰ বাবে ইমান সীমিত সময়ৰ ভিতৰতে এক অসাধ্য সাধন কৰাতো সম্ভৱপৰ হ'ল।
গ্ৰন্থখন ড০ ভূপেন হাজৰিকাৰ পূৰ্ণাংগ জীৱনী নহয়, কাৰণ, তেখেতৰ দৰে বিশাল ব্যক্তিত্বৰ মহাপুৰুষৰ জীৱনী গ্ৰন্থ এখন ইমান কম সময়ত সীমিত পৃষ্ঠাৰ ভিতৰত লিখা সম্ভৱ নহয়।

ভূপেন হাজৰিকাৰ জীৱনৰ উল্লেখনীয় কৰ্ম আৰু কৃতি সামৰি সকলোৱে, বিশেষকৈ নতুন প্ৰজন্মই ভূপেন হাজৰিকাৰ বিষয়ে জানিব পৰাকৈ গ্ৰন্থখন ততাতৈয়াকৈ প্ৰস্তুত কৰা হৈছিল। সেয়েহে , ভূপেন হাজৰিকাৰ আত্মজীৱনী আৰু অন্যান্য ৰচনাসমূহক জুমুঠি কৰি ,লগতে বিভিন্ন ঘটনাৰাজি আৰু কিছু প্ৰত্যক্ষ অভিজ্ঞতাৰ মাজেৰেও ভূপেন হাজৰিকাৰ ব্যক্তিত্বক আলোকিত কৰিবলৈ যত্ন কৰা হৈছে।

গ্ৰন্থখনৰ লিখি উলিওৱাটো মোৰ বাবে এক প্ৰত্যাহ্বান আছিল । গতিকে,অসম তথা অন্যান্য ৰাজ্যৰ নৱ-প্ৰজন্মই গ্ৰন্থখনৰ মাজেৰে ড০ ভূপেন হাজৰিকাক উপলব্ধি কৰিব পাৰিলে আমাৰ শ্ৰম সাৰ্থক হ'ব।

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin