Dailyhunt
এয়াই উত্তম সময়! কম দামতেই ঘৰলৈ লৈ আহক বুলেট...

এয়াই উত্তম সময়! কম দামতেই ঘৰলৈ লৈ আহক বুলেট...

ডিজিটেল ডেস্কঃ বুলেট কিনিম বুলি ভাৱি থকা সকলৰ বাবে ভাল খবৰ। কেন্দ্ৰই নতুনকৈ আৰোপ কৰা জি এছ টিৰ পিছতে এতিয়া দাম কমিব বুলেট বাইকৰ। উল্লেখ কৰা প্ৰয়োজন যে, নতুন জি এছ টি ব্যৱস্থাত ৩৫০চি চি বাইকত পূৰ্বৰ ২৮শতাংশৰ পৰা ১২শতাংশলৈ হ্ৰাস কৰা হৈছে জি এছ টি। এই নতুন ব্যৱস্থা প্ৰযোজ্য হব অহা ২২ছেপ্টেম্বৰৰ পৰা।

এতিয়া যদি কোনোবাই এই বুলেট ক্ৰয় কৰে তেন্তে প্ৰায় ১৭, ৬৬৩টকা কম দামত ক্ৰয় কৰিব পাৰিব। উল্লেখ কৰা প্ৰয়োজন যে, পূজা আৰু দীপাৱলীৰ সময়ত ইয়াতকৈ অধিক অফাৰ মূল্য লাভ কৰিব গ্ৰাহকসকলে।

প্ৰণিধান যোগ্য যে, ২২ ছেপ্টেম্বৰৰ পৰা আৰম্ভ জি এছ টি ২.০। ইয়াত মাত্ৰ ৫ শতাংশ আৰু ১৮ শতাংশ জি এছ টি স্লেব অন্তৰ্ভুক্ত। ১২ শতাংশ আৰু ২৮ শতাংশ জি এছ টি স্লেব বিলুপ্ত কৰা হৈছে।

কিন্তু জি এছ টি ২.০ ইয়াতে সীমাবদ্ধ নহয়, চৰকাৰৰ পৰিকল্পনা অধিক দীঘলীয়া।

এক সংবাদ মাধ্যমৰ সৈতে হোৱা সাক্ষাৎকাৰত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ব্যাখ্যা কৰে যে, ২০১৭ চনত জি এছ টি ১.০ প্ৰৱৰ্তন কৰা হৈছিল, য’ত সমগ্ৰ দেশক এটা কৰ গাঁথনিৰ অধীনলৈ অনা হৈছিল। এই জি এছ টি পৰিষদৰ বৈঠকত সিদ্ধান্ত লোৱা জি এছ টি ২.০ৰ জৰিয়তে কৰ সহজ কৰি তুলিছে। জি এছ টি ৩.০ য়ে আৰু অধিক সংস্কাৰ আনিব পাৰে বুলি ইংগিত দিয়ে।

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin