Dailyhunt
ঘিলামৰাত উন্মত ৰাইজৰ কাণ্ডত স্তম্ভিত বন্যপ্ৰাণীপ্ৰেমী, আটক ৪

ঘিলামৰাত উন্মত ৰাইজৰ কাণ্ডত স্তম্ভিত বন্যপ্ৰাণীপ্ৰেমী, আটক ৪

ডিজিটেল সংবাদ, ঢকুৱাখনা: এক চূড়ান্ত কাণ্ডজ্ঞানহীন , অবিবেচকী আৰু হৃদয়হীন কাণ্ডই জোকাৰি গৈছে সমগ্ৰ ৰাজ্যৰ বন্য প্ৰাণী প্ৰেমীৰ বুকু । এটা কপিকুলক ধৰি বান্ধি , চোঁচৰাই ৰাজপথেৰে ৰাজহুৱা সমদল কৰি অৱশেষত নিৰ্বোধ প্ৰাণীটোক মাৰি গোগ্ৰাখে উদৰস্থ কৰি প্ৰকাশ কৰা পাশবিক আচৰনৰ তথ্য পোহৰলৈ আহিছে পৰিবেশ দিৱসৰ দিনাই ।

এই হৃদয় বিদাৰক ঘটনাৰ স্থান ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত বৰ্ষামুখ গাওঁৰ। গাঁওখনৰ একাংশ ৰাইজে অলপতে এটা বান্দৰ খেদি খেদি ধৰে । পৰৱৰ্তী সময়ত এই বান্দৰটোক বান্ধি ৰাজপথেৰে একাংশ ৰাইজ আৰু কিশোৰৰ হাতে হাতে লাঠীলৈ উন্মত সমদল কৰে । উদাত্ত কিৰিলিৰে ৰাজপথ উত্তাল কৰি চোঁচৰাই টানি নি বান্দৰটোক লৈ যায় গাঁৱৰে এক অজ্ঞাত স্থানলৈ ।

পৰৱৰ্তী সময়ত গাঁৱখনৰ উকীল টাইড নামৰ এজন উন্নাসিক ব্যক্তিৰ তৎপৰতাত বান্দৰটো মাৰি মাংস উলিয়াই একাংশ পৰিয়ালৰ মাজত ভগাই দিয়া হয় ভক্ষণৰ বাবে । গাঁওখনৰ একাংশ মাংসলোভী পৰিয়ালৰ মাজত বিতৰণ কৰা বন্যপ্ৰাণীটো গোগ্ৰাসে উদৰস্থ কৰাৰ পাছত আজি এই নিকৃষ্ট কাণ্ডৰ প্ৰামানিক তথ্য পোহৰলৈ আহে সংবাদ মাধ্যমৰ তৎপৰতাত ।

বিশ্ব পৰিবেশ দিৱসৰ দিনাই পোহৰলৈ অহা এই জঘন্য কাণ্ডৰ পাছতেই লখিমপুৰ জিলা বন সংমণ্ডল বিষয়াৰ দৃষ্টিগোচৰ হয় ।ঢকুৱাখনা উপ বন বিষয়া কৰবী হাজৰিকাই এই সন্দৰ্ভত জিলা বন সংমণ্ডল বিষয়াক অবগত কৰাৰ পৰৱৰ্তী সময়ত বন বিভাগে আৰক্ষী বিভাগক যাবতীয় বিধিগত ব্যবস্থা গ্ৰহণৰ আহ্বান জনায় ।

সেই অনুসৰি ঢকুৱাখনা সদৰ থানা ,ঘিলামৰা আৰক্ষী থানা আৰু ঢকুৱাখনা বন বিভাগৰ যুটীয়া অভিযান আৰম্ভ হয় অপৰাধীক বিচাৰি । দিনে নিশাই অব্যাহত থকা অভিযান কালত ইতিমধ্যে চিনাক্ত হোৱা অপৰাধী সকলক আটক কৰিবলৈ সক্ষম হোৱা নাই অভিযানকাৰী দলটো । ঘৰ বাৰী এৰি পলায়ন কৰিছে বন্যপ্ৰাণী নিধনকাৰী অপৰাধী চক্ৰটো ।

এই ক্ষেত্ৰত স্থানীয় গাঁও প্ৰধান আৰু গাঁওৰক্ষী বাহিনীৰ সক্ৰিয়তা আৰু ভূমিকাক লৈ সন্দেহৰ প্ৰশ্ন উত্থাপিত হৈছে ।উথাপিত অভিযোগ মতে গাঁওখনৰ উকীল টাইড ,দ্রুন টাইড , সঞ্জীৱ টাইড আৰু চাৰণ মিলি নামৰ ব্যক্তি সকলৰ পৃষ্ঠপোষকতাত এই জঘন্য কাণ্ড সংঘটিত হৈছিল বুলি আৰক্ষী পতিয়ন গৈছে ।

প্ৰামানিক তথ্যৰ ভিত্তিত আৰক্ষীয়ে এইসকল অপৰাধীৰ সন্ধানত ব্যাপক অভিযান আৰম্ভ কৰিছে যদিও সফল হোৱা নাই অদ্যপি। ঢকুৱাখনাৰ অগ্ৰণী প্ৰকৃতি সংগঠন মেগামিক্স প্ৰকৃতি সংঘ , পৰিবেশ মিত্ৰ দেৱজিৎ ফুকন আদিয়ে এক বৰ্বৰ কাণ্ডৰ একেমুখে গৰিহণা দি অপৰাধীক শীঘ্ৰে আটক কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী জনাইছে। শেহতীয়া তথ্য মতে মিচিং জাতীয় সংগঠনৰ উদ্যোগত অপৰাধী ৪ জনক আৰক্ষীয়ে আটক কৰিছে।

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin