Dailyhunt

ঘৰ মচা পানীত মিহলি কৰক এই কেইবিধ বস্তু

ডিজিটেল ডেস্ক: আন ঋতুৰ তুলনাত গ্ৰীষ্মকালত মহে আমাৰ সকলোকে খুব জ্বলা-কলা খুৱায়। আপুনি ঘৰটো যিমানেই পৰিস্কাৰ কৰি নাৰাখক কিয়, ঘৰৰ এটা কোণত হ'লেও মহ থাকিবই। মহৰ সন্ত্ৰাসৰ পৰা পৰিত্ৰাণ পাবলৈ আমি সকলোয়ে বজাৰত উপলব্ধ বিভিন্ন মহ খেদোৱা ঔষধ ব্যৱহাৰ কৰো। কিন্তু সেইবোৰৰ প্ৰভাৱ দীৰ্ঘস্থায়ী নহয় আৰু ইয়াৰ ব্যৱহাৰ আমাৰ শৰীৰৰ বাবেও ক্ষতিকাৰক।

কিন্তু ঘৰৰ পৰা মহ খেদাবলৈ আপুনি কিছুমান উপায় অৱলম্বন কৰিব পাৰে।হয়, ঘৰ মচা পানীত কিছুমান বস্তু মিহলি কৰি মচিলে ই ঘৰৰ পৰা মহৰ লগতে পোক-পতংগ, মাখি দূৰ কৰাত সহায় কৰে।পিছে, পানীত কি মিহলি কৰিলে এই সমস্যাৰ পৰা হাত সাৰিব পাৰি জানো আহক-

ভিনেগাৰ

মহ খেদোৱাত ভিনেগাৰ খুব কাৰ্যকৰী।

সেয়েহে ঘৰ মচোতে পানীত অলপ ভিনেগাৰ দি মচিলে ঘৰৰ পোক-পৰুৱা-মহ দূহ হয়। ভিনেগাৰে লেতেৰা মজিয়াও পৰিস্কাৰ কৰে।

তেল

বহু এনে অত্যাৱশ্যকীয় তেল আছে, যিয়ে ঘৰত সুবাস বিয়পোৱাৰ লগতে মহ প্ৰতিৰোধ কৰাত সহায় কৰে। ইয়াৰ বাবে আপুনি পানীত লেভেণ্ডাৰ তেল বা পেপাৰমিণ্ট অত্যাৱশ্যকীয় তেল দি ঘৰ মচিব পাৰে।ইয়াক ব্যৱহাৰ কৰাৰ ফলত মজিয়া পৰিস্কাৰ হোৱাৰ লগতে ঘৰত লুকাই থকা মহবোৰো পলাই যাব।

ডালচেনি

ডালচেনিয়ে মছলাৰ লগতে মহ, পোক-পৰুৱা দূৰ কৰা ঔষধৰো কাম কৰে। ইয়াৰ বাবে ২-৩ টুকুৰা ডালচেনি আলপ পানীত উতলাই লব। এই পানীখিনি ঘৰ মচা পানীৰ সৈতে মিহলি কৰি ঘৰৰ পৰিস্কাৰ কৰিলে মহৰ পৰা ৰক্ষা পাব।

ডিছ ৱাছ

ঘৰৰ পৰা মহ খেদিবলৈ আপুনি ঘৰ মচা পানীৰ সৈতে ডিছ ৱাছ চাবোন মিহলি কৰিব পাৰে। অৱশ্যে, এনে কৰাৰ পিছত, আপুনি ঘৰটো ২-৩ বাৰ মচিব লাগিব। প্ৰথমে চাবোন পানীৰে মজিয়াখন পৰিস্কাৰ কৰি আৰু তাৰ পিছত এবাৰ-দুবাৰ সাধাৰণ পানীৰে ঘৰটো ভালদৰে মচি পেলাব।

কি খাদ্যয়ে এই ৰোগৰ পৰা আপোনাক বচাই ৰাখিব পাৰে জানেনে ?
Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin