
ডিজিটেল ডেস্ক: বাস্তু শাস্ত্ৰৰ মতে ঘৰত থকা সকলো সামগ্ৰীৰে এক পৃথক শক্তি আছে। এই শাস্ত্ৰত এনে কিছুমান প্ৰতিকাৰৰ বৰ্ণনা কৰা হৈছে, যিয়ে এজন ব্যক্তিৰ জীৱনলৈ সুখ আৰু সমৃদ্ধি কঢ়িয়াই আনিব পাৰে। বাস্তুত ঘৰত দেৱ-দেৱীৰ ফটো ৰখাৰো নিদ্দিষ্ট দিশ আছে।এই শাস্ত্ৰত বিশেষকৈ ধনৰ অধিষ্ঠাত্রী দেৱী মা লক্ষ্মীক অধিক গুৰুত্ব দিয়া হয়।এখন ঘৰত মা লক্ষ্মীৰ ফটো সঠিক দিশ তথা ঠিক মতে ৰাখিলে ঘৰখনত কেতিয়াও ধনৰ অভাৱ নহয়।
এনে ফটো ৰাখিব
মা লক্ষ্মীৰ উপাসনা কৰি এজন ব্যক্তিয়ে জীৱনত সম্পদ আৰু গৌৰৱ আহৰন কৰিব পাৰে। মা লক্ষ্মীৰ সৈতে হাতী থকা ফটো ঘৰত ৰখাটো শুভ বুলি গণ্য কৰা হয়।যদি হাতীটোয়ে শুঁড়ত কিবা ভাণ্ডাৰ লৈ আছে, সেয়া আৰু শুভ। সেয়েহে ঘৰত এনে এখন ফটো ৰাখিবলৈ চেষ্টা কৰিব।
সম্পদ-প্ৰগতিৰ পথ মুকলি
হাতীৰ ওপৰত বহি থকা দেৱী লক্ষ্মীক গজলক্ষ্মী বুলি জনা যায়। বিশ্বাস অনুসৰি, যদি এনে ফটোক উপাসনা কৰা হয়, তেন্তে ব্যক্তিজনে যিকোনো ধৰণৰ আৰ্থিক সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰে।তদুপৰি, ঘৰত এনে ফটো থকাটোৱে সুখ-সমৃদ্ধি, শান্তি, সৌন্দৰ্য, আৰু প্ৰগতিৰ পথো মুকলি কৰে।
গজলক্ষ্মীৰ ফটো এই দিশত ৰাখিব
ঘৰৰ উত্তৰ-পূব কোণত বা মন্দিৰৰ সোঁফালে গজলক্ষ্মীৰ মূৰ্তি বা ফটো ৰখাটো শুভ বুলি গণ্য কৰা হয়।তদুপৰি, উত্তৰ দিশতো এনে ফটো ৰখাটো শুভ। বাস্তু বিশ্বাস অনুসৰি, এই দিশত এনে ফটো ৰাখিলে ঘৰখনৰ ওপৰত লক্ষ্মীৰ কৃপা আৰু সকলো প্ৰগতি প্ৰাপ্ত হয়।
আন দেৱ-দেৱীৰ আৰ্শীবাদ প্ৰাপ্ত
আনহাতে, হাতীৰ ওপৰত বহি থকা দেৱী লক্ষ্মীক স্বাস্থ্য, সৌভাগ্য আৰু সফলতাৰ প্ৰতীক বুলি গণ্য কৰা হয়। মা লক্ষ্মীৰ এনে মূৰ্তি ঘৰত ৰাখিলে আন দেৱ-দেৱীৰো আশীৰ্বাদ লাভ কৰিব পাৰি।তদুপৰি, এনে ফটোয়ে ঘৰৰ লোকসকলৰ জীৱনলৈ অহা বাধা- বিঘিনিও আঁতৰ কৰে।
ঘৰলৈ লক্ষ্মী আগমনৰ বাবে এইসমূহ নিয়ম মানি চলক