Dailyhunt Logo
  • Light mode
    Follow system
    Dark mode
    • Play Story
    • App Story
ঘৰৰ সকলো দোষ-ক্ৰুটি দূৰ কৰে ফিটকিৰিয়ে

ঘৰৰ সকলো দোষ-ক্ৰুটি দূৰ কৰে ফিটকিৰিয়ে

ডিজিটেল ডেস্ক: ফিটকিৰি হৈছে প্ৰাকৃতিকভাৱে উৎপন্ন হোৱা এক প্ৰকাৰ নিমখ। ফিটকিৰিৰ বেক্টেৰিয়া প্ৰতিৰোধী গুণ আছে, যিসমূহৰ বিষয়ে আয়ুৰ্বেদতো উল্লেখ কৰা হৈছে। বিভিন্ন ধৰণৰ ৰোগৰ সৈতে যুঁজিবলৈ ফিটকিৰি ব্যৱহাৰ কৰা হয়। বাস্তু শাস্ত্ৰতো ফিটকিৰিৰ বিশেষ মহত্ব আছে। ফিটকিৰি ব্যৱহাৰ কৰি আপুনি আপোনাৰ ভাগ্য সলনি কৰিব পাৰে। আজি এই বিষয়ে জানো আহক-

দূৰ কৰে নেতিবাচক শক্তি- বাস্তু ত্ৰুটি

যদি আপোনাৰ পৰিয়ালৰ সদস্যৰ মাজত সঘনাই বিবাদ হৈ থাকে, তেন্তে ইয়াৰ কাৰণ হ'ব পাৰে ঘৰৰ বাস্তু ত্ৰুুটি। এই ক্ৰুটি দূৰ কৰিবলৈ আপুনি এটা বাটিত কেইটুকুৰামান ফিটকিৰি টুকুৰা ল'ব। এই বাটিটো ঘৰৰ এনে ঠাইত ৰাখক যাতে কোনেও ইয়াক দেখা নাপায়।

সময়ে সময়ে বাটিটোৰ ফিটকিৰিখিনি সলনি কৰি থাকিব। এই উপায় অৱলম্বনৰে আপুনি ঘৰৰ নেতিবাচক শক্তি তথা বাস্তু ত্ৰুুটিবোৰ দূৰ কৰিব পাৰে।

স্বাস্থ্যৱান হৈ থাকিবপৰিয়ালৰ সদস্যসকল

বাস্তু দোষে ঘৰৰ সদস্যসকলৰ ওপৰতো প্ৰভাৱ পেলায়। ফলত, ঘৰৰ লোকসকল প্ৰায়ে অসুস্থ হৈ থাকে। এনে পৰিস্থিতিত ঘৰ মচা পানীত কেইটুকুৰামান ফিটকিৰি দি দিব। ফিটকিৰি পানীৰে ঘৰ মচিলে ঘৰখনৰ সকলো দোষ-ক্ৰুটি দূৰ হয়।

কেতিয়াও নেদেখে বেয়া সপোন

যদি আপুনি সঘনাই বেয়া সপোন দেখি থাকে আৰু ঘৰত সকলো সময়তে সমস্যা থাকে, তেনেহ'লে সুখ আৰু শান্তি আৰু সম্পদ বৃদ্ধি কৰিবলৈ শোৱাৰ আগতে কাপোৰ এখনত ফিটকিৰি বান্ধি গাৰুৰ তলত ৰাখিব।

ব্যৱসায়ত অগ্ৰগতি

কেতিয়াবা কঠোৰ পৰিশ্ৰম কৰাৰ পাছতো কোনো কোনোয়ে ব্যৱসায়ত সফলতা লাভ নকৰে। ইয়াৰ কাৰণ হ'ব পাৰে ঘৰত থকা বাস্তু ত্ৰুুটি। ইয়াক দূৰ কৰিবলৈ ফিটকিৰি এটুকুৰা ক'লা কাপোৰত বান্ধি দোকান বা কাৰ্যালয়ৰ মুখ্য দুৱাৰত ওলোমাই দিয়ক। ই দোকান বা কাৰ্যালয়ৰ নেতিবাচকতা দূৰ কৰিব।

দূৰ হয় বিভেদ

খিৰিকী আৰু দুৱাৰৰ ওচৰত এটুকুৰা ফিটকিৰি ৰাখিলে ঘৰলৈ নেতিবাচক শক্তি আহিব নোৱাৰে আৰু লগতে ই সকলো বিভেদো দূৰ কৰে। তদুপৰি আপুনি এটুকুৰা ফিটকিৰি এখন গ্লাছৰ প্লেটত ৰাখিব আৰু ইয়াক মাহে মাহে সলনি কৰিব।

Also Read: ঘৰলৈ লক্ষ্মী আগমনৰ বাবে এইসমূহ নিয়ম
মানি চলক

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin