Dailyhunt
গুৰুতৰ ৰোগৰ পৰা পৰিত্ৰাণ লাভৰ একেবাৰে সহজ উপায়

গুৰুতৰ ৰোগৰ পৰা পৰিত্ৰাণ লাভৰ একেবাৰে সহজ উপায়

ডিজিটেল ডেস্ক: আজিকালি অধিকাংশ লোকেই কলেষ্টেৰলত আক্ৰান্ত। এই কলেষ্টেৰল হৈছে মামৰ সদৃশ এবিধ তৰল পদাৰ্থ, যি সকলোৰে শৰীৰত থাকে। কলেষ্টেৰল দুই প্ৰকাৰৰ। ইয়াৰে এটা প্ৰকাৰ শৰীৰত থকাটো অতি প্ৰয়োজনীয়। একে সময়তে যদি আনটো প্ৰকাৰ শৰীৰত বৃদ্ধি হয়, তেন্তে আপুনি গুৰুতৰ ৰোগত ভুগিব পাৰে। কলেষ্টেৰল নিয়ন্ত্ৰণত ৰাখিবলৈ আমাৰ জীৱনশৈলী সঠিক হোৱাটো খুব গুৰুত্বপূৰ্ণ। এই ক্ষেত্ৰত ৰামবান সদৃশ এভাকাড'। হয়, এভাকাড' খাই আপুনি উচ্চ কলেষ্টেৰলৰ সমস্যাৰ পৰা হাত সাৰি থাকিব পাৰে।

কলেষ্টেৰলৰ প্ৰকাৰ

ভাল কলেষ্টেৰল অৰ্থাৎ এইচ ডি এলৰ কাম হ'ল তেজত অতিৰিক্ত কলেষ্টেৰল আৰু প্লেক জমা হোৱাত বাধা দিয়া। বেয়া কলেষ্টেৰল অৰ্থাৎ এল ডি এলৰ ফলত ধমনীত প্লেক জমা হয়, যাৰ ফলত ষ্ট্ৰ'ক আৰু হৃদৰোগ হয়।

এই বেয়া কলেষ্টেৰল হ্ৰাস কৰিবলৈ আপুনি আপোনাৰ খাদ্য তালিকাত এভাকাড’ অন্তৰ্ভুক্ত কৰিব। এই ফলত থকা পুষ্টিকৰ গুণে বেয়া কলেষ্টেৰল হ্ৰাস কৰাৰ লগতে শৰীৰৰ আন বহু উপকাৰ হয়।

এভাকাড’ কিয় খাব লাগে ?

শেহতীয়া এক গৱেষণাত প্ৰমাণ হৈছে যে, নিয়মীয়াকৈ ৬ মাহ ধৰি এভাকাড’ খালে কলেষ্টেৰল হ্ৰাস হয়। ইউনিভাৰ্চিটি অৱ ৱেষ্টাৰ্ণ অষ্ট্ৰেলিয়াৰ জেৰিয়াট্ৰিক মেডিচিনৰ অধ্যাপিকা পেনি ক্ৰীছ-ইথাৰ্টনে কৰিছিল এই গৱেষণা। এইবিধ ফল খালে পেটৰ অতিৰিক্ত চৰ্বি হ্ৰাস হয় বুলিও এই গৱেষণাত পোহৰলৈ আহিছে।

৬ মাহ একেৰাহে এভাকাড’ খোৱাৰ উপকাৰিতা

হ্ৰাস হ'ব শৰীৰৰ অতিৰিক্ত চৰ্বি।

এভাকাড’ খালে বৃদ্ধি হ'ব ভাল কলেষ্টেৰল।

ইয়াত থকা ফ’লেট, মেগনেছিয়াম আৰু ফছফৰাছৰ দৰে উপাদানে শৰীৰক প্ৰয়োজনীয় পুষ্টি প্ৰদান কৰিব।

এভাকাড’য়ে ৰোগ প্ৰতিৰোধ ক্ষমতাও শক্তিশালী কৰে।

Also Read: ঔষধ খাই কমাব পাৰিব ২১ কেজি শৰীৰৰ ওজন

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin