
ডিজিটেল ডেস্ক: প্ৰতিগৰাকী মহিলাৰ বাবেই গৰ্ভধাৰণৰ সময়খিনি খুবেই বিশেষ হয়। গৰ্ভাৱস্থাত শৰীৰটোৰ অতিৰিক্ত যত্ন লোৱাৰ প্ৰয়োজন। গৰ্ভাৱস্থাত খোৱা-বোৱাৰ পৰা ধৰি উঠি বহালৈ, প্ৰায় সকলো সময়তে মহিলাগৰাকীয়ে নিজৰ যত্ন ল'ব লাগে। আনহাতে, যদি মহিলাসকলে গৰ্ভধাৰণৰ সময়ত ভ্ৰমণ কৰে, তেন্তে তেওঁলোকে আৰু অধিক নিজৰ যত্ন লোৱাটো দৰকাৰ। গৰ্ভধাৰণৰ সময়ত ভ্ৰমণ কৰিলে এগৰাকী মহিলাই কোনবোৰ দিশত মন দিব লাগে, আজি জানো আহক-
চিকিত্সকৰ পৰামৰ্শ অবিহনে ভ্ৰমণ নকৰিব
গৰ্ভাৱস্থাৰ সময়ত ভ্ৰমণ কৰাটো কিমান শুদ্ধ বা ভুল তাৰ বাবে প্ৰথমে চিকিত্সকৰ পৰামৰ্শ ল'ব। যদি চিকিত্সকে আপোনাক ভ্ৰমণ কৰিবলৈ অনুমতি দিয়ে, তেতিয়াহে ভ্ৰমণ কৰিব। এইটো বিশ্বাস কৰা হয় যে গৰ্ভধাৰণৰ প্ৰথম তিনিমাহ ভ্ৰমণ কৰাটো উচিত নহয়।
দীঘলীয়া বাট ভ্ৰমণ নকৰিব
এনে বহু মহিলা আছে, যিসকলে কৰ্তব্যৰ খাতিৰত ঘৰৰ পৰা বহু দূৰত বাস কৰে।যাৰ বাবে উত্সৱ-পাৰ্বনত তেওঁলোক ঘৰলৈ আহিবলৈ সাজু হয়।কিন্তু যদি আপুনিও ঘৰৰ পৰা বহু দূৰত বাস কৰে, তেন্তে গৰ্ভধাৰণৰ সময়ত দীঘলীয়া বাট ভ্ৰমণ কৰাটো পৰিহাৰ কৰিব।
ভ্ৰমণত মাজে মাজে বিৰতি ল'ব
গৰ্ভাৱস্থাৰ সময়ত নিৰন্তৰ ভ্ৰমণে মাতৃৰ লগতে কেঁচুৱাৰ ক্ষতি কৰিব পাৰে। গতিকে যদি আপুনি দীঘলীয়া যাত্ৰা কৰাৰ পৰিকল্পনা কৰিছে, তেন্তে নিৰন্তৰ ভ্ৰমণ কৰাটো পৰিহাৰ কৰিব। গৰ্ভধাৰণৰ সময়ত ভ্ৰমণৰ মাজে মাজে বিৰতি ল'ব, ই শৰীৰটোক আৰাম দিয়ে আৰু গৰ্ভস্থ সন্তানটোৰ কোনো ক্ষতি হোৱাৰ ভয় নাথাকে।
গধুৰ সামগ্ৰী উঠোৱাটো পৰিহাৰ কৰিব
যদি আপুনি গৰ্ভধাৰণৰ সময়ত ভ্ৰমণলৈ যাবলৈ ওলাইছে, তেতিয়া গধুৰ সামগ্ৰী উঠোৱাটো পৰিহাৰ কৰিব। ই শিশুৰ স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে। সেয়েহে গৰ্ভধাৰণৰ সময়ত যিমান পাৰে সিমান কম সামগ্ৰী লৈ যাত্ৰা কৰিব।
এই কথাবোৰো মনত ৰাখিব
যদি আপুনি গৰ্ভধাৰণৰ সময়ত ভ্ৰমণ কৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিছে, তেন্তে আপুনি ঔষধ, পুষ্টিকৰ খাদ্য আৰু কুহুমীয়া পানী লগত ৰাখিব। ভ্ৰমণলৈ যাওঁতে আৰামদায়ক কাপোৰ পিন্ধিব।তদুপৰি, গৰ্ভধাৰণৰ সময়ত ওখ-চাপৰ, বেয়া পথত ভ্ৰমণ নকৰিব।ভিৰৰ পৰা সদায়েই আঁতৰি থাকিব।
গৰ্ভাৱস্থাত জীনছ পিন্ধা মহিলাসকলে এইসমূহ কথা মনত ৰাখিব