ডিজিটেল ডেস্কঃ তৃণমূল কংগ্ৰেছৰ সাংসদ তথা মমতা বেনাৰ্জীৰ ভতিজাক অভিষেক বেনাৰ্জীক একাংশ লোকে গেলা কণী দলিওৱাৰ লগতে চৰম অপমানৰ বিষয়টোৱে গুৰুতৰ ৰূপ ধাৰণ কৰিছে বংগত। ইতিমধ্যে ৫গৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। তৃণমূল কংগ্ৰেছে এই কাণ্ডৰ আঁৰত বিজেপিৰ হাত থকা বুলি দাবী কৰিছে যদিও বিজেপিয়ে এয়া পূৰ্ব কৰ্মৰ ফল বুলি কটাক্ষ কৰিছে তৃণমূল কংগ্ৰেছক।
এনে পৰিস্থিতিৰ মাজতে এই বিষয়টোক লৈ কঠোৰ হৈছে বংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। এই ঘটনা সংঘটিত হোৱাৰ পাছতে মমতা বেনাৰ্জীয়ে আহ্বান কৰিছিল এখন বিশেষ দলীয় বৈঠকৰ। এই বৈঠকতে সিদ্ধান্ত গ্ৰহণ কৰা হয় যে, এই কাৰ্যৰ বিৰুদ্ধে অহা ২জুনত প্ৰতিবাদ সাব্যস্ত কৰিব দলটোৱে। মমতা বেনাৰ্জীয়ে নিজেই এই প্ৰতিবাদৰ নেতৃত্ব দিব।
ইফালে এই সিদ্ধান্ত গ্ৰহণ কৰা বৈঠকখনত তৃণমূলৰ সকলো বিধায়ক উপস্থিত থকাতো বাধ্যতামূলক বুলি ঘোষণা কৰিছিল যদিও আধাতকৈ কম সংখ্যক বিধায়কহে উপস্থিত থাকিল এই বৈঠকত। বিধায়কসকলৰ এই কাৰ্যক লৈ নাৰাজ হৈছে মমতা বেনাৰ্জী। বিধায়কসকলে মমতা বেনাৰ্জীৰ বৈঠকত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিলে বা চৰকাৰৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিলে তেওঁলোকো সুবেন্দু চৰকাৰৰ পৰৱৰ্তী লক্ষ্য হ’ব বুলি আশংকা কৰিছে।
উল্লেখ কৰা প্ৰয়োজন যে, তৃণমূলৰ সাংসদ অভিষেক বেনাৰ্জীৰ লগতে কল্যাণ বেনাৰ্জীকো একাংশ লোকে অনুৰূপ ধৰণেই অপমান কৰিছিল।

