Dailyhunt
গৰমত এইসমূহ খাদ্য ভুলতো নাখাব

গৰমত এইসমূহ খাদ্য ভুলতো নাখাব

ডিজিটেল ডেস্ক: ভাৰতত ডায়েবেটিছ ৰোগীৰ সংখ্যা অভাৱনীয় হাৰত বৃদ্ধি পাইছে। এই ৰোগ নিয়ন্ত্ৰণ কৰিবলৈ মূলতে খাদ্যাভ্যাসৰ প্ৰতি গুৰুত্ব দিয়াটো অতি প্ৰয়োজন। বিশেষকৈ, ডায়েবেটিছ ৰোগীসকলে গ্ৰীষ্মকালত কিছুমান বিশেষ বস্তু খোৱাৰ পৰা বিৰত থাকিব লাগে।

হয়, স্বাস্থ্য বিশেষজ্ঞৰ মতে, ডায়েবেটিছ ৰোগীয়ে গ্ৰীষ্মকালত নিজৰ স্বাস্থ্যৰ আৰু অধিক যত্ন লোৱাৰ প্ৰয়োজন। এই কেইদিনত শৰীৰত ৰক্ত শৰ্কৰাৰ মাত্ৰা বৃদ্ধি হোৱাৰ আশংকা থাকে। গৰমত পিয়াহ বেছি অনুভৱ হোৱাৰ বাবে বহুতেই ফলৰ ৰস আৰু শীতল পানীয় খায়। যাৰ বাবে ডায়েবেটিছ ৰোগীৰ সমস্যা বৃদ্ধি হয়। স্বাস্থ্য বিশেষজ্ঞৰ মতে, ডায়েবেটিছ ৰোগীয়ে গ্ৰীষ্মকালত কি কি খাব নালাগে সেই বিষয়ে আজি জানো আহক-

শীতল পানীয়ৰ পৰা দূৰত থাকিব

গ্ৰীষ্মকালত মিঠা পানীয় যেনে শীতল পানীয়, চৰবত আদিয়ে চেনিৰ মাত্ৰা দ্ৰুতগতিত বৃদ্ধি কৰিব পাৰে। এই ঋতুত এইবোৰ বস্তুৰ পৰিৱৰ্তে ডায়েবেটিছ ৰোগীয়ে চেনি নোহোৱাকৈ নেমু পানী, নাৰিকল পানী বা বনৌষধি চাহ খাব লাগে। ডায়েবেটিছ ৰোগীয়ে পেকেটত ভৰোৱা খাদ্য খাব নালাগে কাৰণ ইয়াত চেনি আৰু নিমখ বহু বেছি পৰিমাণে থাকে। যাৰ ফলত শৰীৰত ডায়েবেটিছৰ মাত্ৰা বৃদ্ধি পাব পাৰে। এইবোৰৰ সলনি ফলমূল, শাক-পাচলি আৰু গোটা শস্য খাব লাগে।

কোনো ধৰণৰ মদ্যপান নকৰিব

যিসকলৰ শৰীৰত ৰক্ত শৰ্কৰাৰ মাত্ৰা বেছি হয়, তেওঁলোকে কোনো ধৰণৰ মদ খাব নালাগে। মদ্যপানে তেজৰ চেনিৰ মাত্ৰাত প্ৰভাৱ পেলায়, যি ডায়েবেটিছ ৰোগীৰ বাবে ক্ষতিকাৰক। এই লোকসকলক মদ্যপান কমাবলৈ বা সম্পূৰ্ণৰূপে ত্যাগ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।

কেফেইন গ্ৰহণ নকৰিব

অধিকাংশ লোকৰেই কফি খোৱাটো একৰপ্ৰকাৰ নিচা। গৰমৰ দিনতো বহু লোকে চাহ-কফি খায়। কিন্তু ডায়েবেটিছ ৰোগীক এইবোৰ সেৱন নকৰিবলৈ পৰামৰ্শ দিয়া হৈছে। এনে ৰোগীসকলে অত্যধিক কেফেইন সেৱন নকৰি খাদ্যত বনৌষধি চাহ বা কেফেইনমুক্ত কফি অন্তৰ্ভুক্ত কৰিব। সুষম আৰু পুষ্টিকৰ খাদ্য গ্ৰহণ কৰিলে ডায়েবেটিছ নিয়ন্ত্ৰণত সহায়ক হ’ব পাৰে।

Also Read: দিনে-ৰাতিয়ে টোপনি অহাৰ প্ৰকৃত কাৰণ জানি লওঁক

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin