Dailyhunt Logo
  • Light mode
    Follow system
    Dark mode
    • Play Story
    • App Story
হতাশাগ্ৰস্তসকলে এই ক্ষেত্ৰত মন দিব

হতাশাগ্ৰস্তসকলে এই ক্ষেত্ৰত মন দিব

ডিজিটেল ডেস্ক: চিন্তা কৰা শক্তি আৰু ইন্দ্ৰিয়ৰ যত্ন আমাৰ মনটোয়ে লয় । সেয়েহে আমি সকলোয়ে আমাৰ মনটোৰ যত্ন লোৱা খুবেই জৰুৰী। মনটোকো শক্তিৰ প্ৰয়োজন। হতাশা আৰু উদ্বেগে এতিয়া ভয়াৱহ ৰূপ ধাৰণ কৰিছে। কামৰ চাপ বৃদ্ধি, ব্যক্তিগত জীৱনত অসুবিধা তথা জীৱনশৈলী সলনি হোৱাৰ ফলত অধিকাংশ লোকেই মানসিক স্বাস্থ্যৰ সমস্যাৰ সন্মুখীন হৈছে। চাপৰ ফলত প্ৰায়ে উদ্ভৱ হোৱা এই উদ্বেগে আমাৰ জীৱনক বেয়াকৈ প্ৰভাৱিত কৰিব পাৰে। যাৰ বাবে আমি আমাৰ মানসিক স্বাস্থ্যৰ বাবে উপযোগী খাদ্য খোৱাটো অতি দৰকাৰ। কি খাদ্যই আমাৰ মানসিক স্বাস্থ্য যতনত সহায় কৰে, আজি সেই বিষয়ে জানো আহক-

কফি

কফিয়ে আপোনাক অধিক শক্তি আৰু অনুপ্ৰেৰণা প্ৰাপ্ত কৰাত সহায় কৰে।

এক গৱেষণাত প্ৰমাণ হৈছে যে একাপ কফিয়ে হতাশাৰ আশংকা যথেষ্ট পৰিমাণে হ্ৰাস কৰিব পাৰে।

আখৰোট

সুস্বাস্থ্যৰ বাবে আখৰোট খোৱাটো অতি জৰুৰী। ইয়াত থকা অমেগা-৩য়ে মস্তিষ্কৰ কাৰ্য সম্পাদনত যথেষ্ট সহায় কৰে আৰু হতাশাৰ লক্ষণবোৰো হ্ৰাস কৰে।

সেউজীয়া শাক-পাচলি

সকলো সেউজীয়া শাক-পাচলিতে আমাৰ শৰীৰৰ বাবে প্ৰয়োজনীয় পুষ্টি ভৰপুৰ থাকে।সেউজীয়া শাক-পাচলিয়ে হতাশা আৰু উদ্বেগৰ পৰা আমাক সুৰক্ষা দিয়াতো সহায় কৰে।

গাখীৰ

গাখীৰ ভিটামিন ডিৰ এক উৎকৃষ্ট উৎস। এক গৱেষণা অনুসৰি, গাখীৰৰ জৰিয়তে ভিটামিন ডি গ্ৰহণ কৰা লোকসকলৰ হতাশা কম হয়।

ফ্রেঞ্চ বিন

ফ্রেঞ্চ বিন হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে খুবেই ভাল খাদ্য। ইয়াত চেলেনিয়াম থাকে, যি স্বাস্থ্যৰ বাবে এক অতি গুৰুত্বপূৰ্ণ পুষ্টি। ই মনোভাৱ উন্নত কৰাৰ লগতে নিম্ন শক্তিৰ স্তৰ আৰু হতাশা আঁতৰ কৰাত সহায় কৰে।

Also Read: আজিয়েই খাদ্য তালিকাত অন্তৰ্ভূক্ত কৰক তিয়হ

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin