Dailyhunt Logo
  • Light mode
    Follow system
    Dark mode
    • Play Story
    • App Story
হাৰ্দিক পাণ্ডেয়াৰ নতুন অভিলেখ...

হাৰ্দিক পাণ্ডেয়াৰ নতুন অভিলেখ...

ডিজিটেল ডেস্কঃ ভাৰতীয় অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াই বৃহস্পতিবাৰে চেন্নাইত এম এ চিদাম্বৰম ষ্টেডিয়ামত জিম্বাব'ৱে বিৰুদ্ধে খেলা টি-২০ বিশ্বকাপৰ ছুপাৰ ৮ ৰাউণ্ডত খুব ভাল খেল প্ৰদৰ্শন কৰে। মেচখনত ভাৰতীয় ক্ৰিকেটাৰগৰাকীয়ে ২৩টা বলত সংগ্ৰহ কৰে ৫০ ৰান।

উক্ত মেচখনত হাৰ্দিক পাণ্ডেয়াই প্লেয়াৰ অৱ দ্য মেচ খিতাপ অৰ্জন কৰে। টি-২০ বিশ্বকাপত ৫ নম্বৰ বেটাৰ হিচাপে খেলপথাৰত নামি সৰ্বাধিক অৰ্ধ-শতক অৰ্জন কৰা খেলুৱৈৰ তালিকাত শীৰ্ষ স্থান লাভ কৰিছে এইগৰাকী ভাৰতীয় ক্ৰিকেটাৰে।

হাৰ্দিকে ডেভিড মিলাৰ, মাৰ্কছ ষ্টোইনিছ আৰু ছোয়েব মালিকক পিছ পেলাই এই স্থান দখল কৰিবলৈ সক্ষম হয়। ইফালে, টি-২০ বিশ্বকাপত সৰ্বাধিক প্লেয়াৰ অৱ দ্য মেচ হোৱা খেলুৱৈৰ তালিকাত আকৌ তৃতীয় স্থান দখল কৰিলে হাৰ্দিক পাণ্ডেয়াই।

উল্লেখ্য যে, বৃহস্পতিবাৰে অনুষ্ঠিত এই মেচখনত ৭২ ৰানৰ ব্যৱধানত ভাৰতে পৰাস্ত কৰে জিম্বাব’ৱেক। প্ৰথমে বেটিঙৰ সুযোগ লাভ কৰাৰ পাছতে ভাৰতে ৪ৰান উইকেট হেৰুৱাই যদিও সংগ্ৰহ কৰে মুঠ ২৫৬ ৰান।

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin