
ডিজিটেল ডেস্ক: শীতকালত অধিকাংশ লোকে সন্মুখীন হোৱা সচৰাচৰ স্বাস্থ্য সমস্যাটো হৈছে চৰ্দি।উষ্ণতাৰ পৰিৱৰ্তনে চৰ্দিৰ লগতে আপোনাৰ হৃদযন্ত্ৰৰ ওপৰতো অপ্ৰত্যাশিত প্ৰভাৱ পেলাব পাৰে।আন সময়ৰ তুলনাত শীতকালত সাধাৰণতে মানুহৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হোৱাৰ হাৰ যথেষ্ট বৃদ্ধি হয়।ইয়াক কেনেদৰে প্ৰতিৰোধ কৰিব পাৰি, আজি সেই বিষয়ে জানো আহক।
শীতকালত হৃদআক্ৰমণ কিয় বেছি হয় ?
ঠাণ্ডাত ৰক্ত নলীবোৰ সংকুচিত হৈ থাকে।যাৰ ফলত ষ্ট্ৰ'ক আৰু হৃদআক্ৰমণৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি হয়।শীতকালত কৰোনেৰী ধমনী সংকোচন হৃদআক্ৰমণৰ অন্যতম কাৰণ। বাহিৰত ঠাণ্ডা থাকিলে শৰীৰৰ স্বাভাৱিক তাপমাত্ৰা বজাই ৰাখিবলৈ আপোনাৰ হৃদযন্ত্ৰই অধিক পৰিশ্ৰম কৰে। যদি শৰীৰৰ তাপমাত্ৰা ৯৫ ডিগ্ৰীৰ তললৈ যায় তেন্তে হাইপোথাৰ্মিয়াৰ দ্বাৰা আপোনাৰ হৃদযন্ত্ৰৰ পেশী ক্ষতিগ্ৰস্ত হ'ব পাৰে।
অধিক ৰক্তচাপৰ ফলতো কৰোনেৰী ধমনীবোৰ সংকীৰ্ণ হ'ব পাৰে। যাৰ ফলত হৃদযন্ত্ৰ আৰু ইয়াৰ পেশীলৈ তেজ আৰু অক্সিজেন চলাচল কম হৈ হৃদযন্ত্ৰৰ আক্ৰমণ হ'ব পাৰে।
এই সময়ছোৱাত আমাৰ শৰীৰৰ ওজন যথেষ্ট বৃদ্ধি হয়।তদুপৰি ঠাণ্ডা দিনত এলাহৰ বশৱৰ্তী হৈ বহুতে শাৰীৰিক ব্যায়াম কৰাৰ পৰাও বিৰত থাকে।এই দুয়োটা কাৰকে শৰীৰৰ জটিলতাৰ সম্ভাৱনা বৃদ্ধি কৰে যাৰ ফলত হৃদআক্ৰমণ হ'ব পাৰে।
শীতকালত আমি সচৰাচৰ সূৰ্যৰ সংস্পৰ্শলৈ কম আহো।কিয়নো এই সময়ছোৱাত মানুহে ঘৰৰ ভিতৰত অধিক সময় অতিবাহিত কৰে অথবা কিছুমান অঞ্চলত খব কম পৰিমাণেহে সূৰ্যৰ পোহৰ পায়। যাৰ ফলত শৰীৰত ভিটামিন ডিৰ অভাৱ একেবাৰে স্বাভাৱিক হৈ পৰে। বহু গৱেষণাই ইতিমধ্যে প্ৰমাণ কৰিছে যে, ভিটামিন ডিৰ অভাৱত হৃদযন্ত্ৰৰ সমস্যা দুগুণে বৃদ্ধি হয়।
Protein Diet: কণীতকৈ অধিক প্ৰটিন থাকে এই ৫ টা সস্তা নিৰামিষ খাদ্যতশীতকালত কিদৰে হৃদযন্ত্ৰ স্বাস্থ্যৱান কৰি ৰাখিব ?
বেছিভাগ ৰোগৰ দৰে হৃদযন্ত্ৰৰো প্ৰতিৰোধমূলক ব্যৱস্থা আছে, যিয়ে আপোনাৰ ৰোগৰ আশংকা হ্ৰাস কৰাত সহায় কৰিব পাৰে। একেদৰে কিছুমান সংশোধন তথা প্ৰতিৰোধমূলক ব্যৱস্থাই শীতকালত আপোনাৰ হৃদআক্ৰমণৰ আশংকা হ্ৰাস কৰাত সহায় কৰিব পাৰে।হৃদযন্ত্ৰৰ সুস্বাস্থ্যৰ বাবে আপুনি তলত উল্লেখ কৰা পদক্ষেপবোৰ অনুসৰণ কৰিব পাৰে।
শীতকালত ভজা, চৰ্বিযুক্ত, চেনীযুক্ত অথবা উচ্চ কলেষ্টেৰল থকা খাদ্য পৰিহাৰ কৰিব। কিয়নো এই খাদ্যবোৰে আপোনাৰ হৃদৰোগ হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰে।
এই ক্ষেত্ৰত আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে আপোনাৰ শৰীৰটোক গৰম কৰি ৰখা।সেয়ে শৰীৰৰ উষ্ণতা বজাই ৰাখিবলৈ পৰ্যাপ্ত স্তৰত পোছাক পিন্ধিবলৈ চেষ্টা কৰক।
শীতকালত শাৰীৰিকভাৱে সক্ৰিয় হৈ থকাতো অত্যন্ত জৰুৰী।ইয়াৰ বাবে আপুনি নিতৌ ব্যায়াম কৰিব পাৰে। ব্যায়ামৰ বাবে আপুনি ঠাণ্ডাত ঘৰৰ বাহিৰলৈ যোৱাৰ প্ৰয়োজন নাই।যোগ, নৃত্য, এৰোবিক্স, ঘৰুৱা ব্যায়াম তথা ধ্যান কৰি আপুনি ঘৰৰ ভিতৰতে শৰীৰটোক সক্ৰিয় কৰি ৰাখিব পাৰে।
শীতকালত হৃদৰোগকে ধৰি আন বহু ৰোগৰ পৰা বাচি থাকি শৰীৰটোক সুস্থ কৰি ৰাখিবলৈ সুৰা সেৱনৰ পৰা বিৰত থাকক।
বৃক্ক, ভাস্কুলাৰ আৰু ৰক্তচাপৰ সমস্যাৰ সন্মুখীন হ'লে লগে লগে চিকিত্সকৰ পৰামৰ্শ লওঁক। এইবোৰে আপোনাৰ হৃদযন্ত্ৰৰ সমস্যা হোৱাৰ আশংকা বৃদ্ধি কৰে।
ধূমপান বন্ধ কৰক কিয়নো ই আপোনাৰ হৃদযন্ত্ৰৰ সমস্যা হোৱাৰ আশংকা বৃদ্ধি কৰে।
আপোনাৰ শৰীৰটো গৰম ৰাখিবলৈ ঠাণ্ডাত গৰম খাদ্য খাব।
বি. দ্ৰ: এইসমূহ তথ্য পঢ়ুৱৈৰ সহায় হোৱাকৈ বিভিন্ন উত্সৰ পৰা সংগ্ৰহ কৰা হৈছে।অধিক তথ্যৰ বাবে সদায়ে বিশেষজ্ঞ বা আপোনাৰ নিজৰ চিকিত্সকৰ পৰামৰ্শ ল'ব।
