Dailyhunt
হাঁহি-ফূৰ্তিৰে বিদেশ ভ্ৰমণৰ পৰা উভতিল 'বিশ্ব সুন্দৰী'

হাঁহি-ফূৰ্তিৰে বিদেশ ভ্ৰমণৰ পৰা উভতিল 'বিশ্ব সুন্দৰী'

ডিজিটেল ডেস্ক: হয়তো সকলো ঠিকেই আছে ! একেলগে সুখতে আছে বলীউডৰ অন্যতম জনপ্ৰিয় দম্পতি অভিষেক বচ্চন আৰু ঐশ্বৰ্য ৰায় বচ্চন। হয়, শেহতীয়াকৈ তেওঁলোক দুয়োকে কন্যাৰ সৈতে মুম্বাইৰ বিমান বন্দৰত দেখা গৈছে। পৰিয়ালটোয়ে কেইদিনমান বিদেশত সময় কটাই ঘৰলৈ ঘূৰি আহিছে।

বিমান বন্দৰৰ এই ভিডিঅ' ভাইৰেল হোৱাৰ পাছতে এতিয়া চৌদিশে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিবাহ-বিচ্ছেদৰ খবৰৰ মাজতে ঐশ্বৰ্য-অভিষেকক কন্যাৰ সৈতে এনেদৰে হাঁহি-মাতি থকাৰ ফটো, ভিডিঅ' দেখি অনুৰাগীসকলে স্বাভাৱিকভাৱেই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

কি কয় অনুৰাগীয়ে ?

ছ'চিয়েল মেডিয়াত এগৰাকী অনুৰাগীয়ে লেখিছে, 'এনেদৰে হাঁহি-ফূৰ্তিত থাকিলে তেওঁলোকক বিশ্ব আটাইতকৈ সুখী দম্পতি যেনেই লাগে।' আন এগৰাকীয়ে লেখিছে, 'তেওঁলোক দুয়ো দুয়োৰে কাৰণে নাছিল।

সেয়েহে বিয়াৰ পাছত তেওঁলোকৰ সম্পৰ্কট ফাঁট মেলিছে। ঐশ্বৰ্যৰ জন্ম হৈছিল ছালমান খানৰ বাবে আৰু অভিষেক পৃথিৱীলৈ আহিছিল কৰীশ্মা কাপুৰৰ বাবে।' একাংশৰ মতে কন্যাৰ সুখৰ বাবে আৰু বচ্চন পৰিয়ালটোক বদনামৰ পৰা বচাই ৰাখিবলৈ দম্পতিহালে এইদৰে সকলোৰে আগত অভিনয় কৰে। অধিকাংশ অনুৰাগীয়ে আকৌ তেওঁলোক যাতে এইদৰেই সুখত থাকে, তাৰ বাবে প্ৰাৰ্থনাও কৰিছে।

উল্লেখ্য যে, মেগাষ্টাৰ অমিতাভ বচ্চনৰ অভিনেতা পুত্ৰ অভিষেক বচ্চন আৰু বোৱাৰী তথা অভিনেত্ৰী ঐশ্বৰ্য ৰায় বচ্চনৰ সংসাৰত দীৰ্ঘদিনৰ পৰাই আউল লাগি আছে। বহুদিনৰ পৰা অভিষেক আৰু ঐশ্বৰ্য বেলেগে বাস কৰি আছে বুলি খবৰ ওলাইছে । আনকি বিভিন্ন অনুষ্ঠানবোৰতো বচ্চন পৰিয়ালৰ সৈতে দেখা পোৱা নাযায় বিশ্ব সুন্দৰী ঐশ্বৰ্য ৰায় বচ্চনক।

ইফালে, অভিষেক বচ্চন আৰু নিম্ৰত কৌৰৰ মাজত থকা প্ৰেমৰ সম্পৰ্কৰ বাতৰিয়ে সংবাদ মাধ্যমত এক আলোড়নৰ সৃষ্টি কৰিছে। কিন্তু, বচ্চন পৰিয়ালৰ এক ঘনিষ্ঠ সূত্ৰই এই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এয়া সম্পূৰ্ণৰূপে অস্বীকাৰ কৰিছে। সূত্ৰটোৰ মতে, 'এয়া সম্পূৰ্ণ ধ্বংসাত্মক, বিদ্বেষপূৰ্ণ আৰু অৰ্থহীন। বৰ্তমান অভিষেক বচ্চনৰ কিছু পাৰিবাৰিক সমস্যা আছে। এই সমস্যাৰ সৈতে নতুন সম্পৰ্কটোৰ কোনো সম্পৰ্ক নাই। এইবোৰ সকলো উৰাবাতৰি। অভিষেকে বৰ্তমান তেওঁৰ ব্যক্তিগত জীৱনত শান্তি বজাই ৰাখিবলৈ চেষ্টা কৰি আছে। অভিষেক সদায় তেওঁৰ পত্নীৰ প্ৰতি অনুগত।'

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin