Dailyhunt

হৃদযন্ত্ৰৰ ষ্ট্ৰ'ককে ধৰি অগনন স্বাস্থ্য সমস্যাৰ সৃষ্টি কৰে কফিয়ে

ডিজিটেল ডেস্ক: আমাৰ বহুতৰে ৰাতিপুৱা শোৱাৰ পৰা উঠি কফি খোৱাৰ অভ্যাস আছে। কফিপ্ৰেমীসকলৰ মতে, কফিয়ে আলসতা দূৰ কৰি শৰীৰটোক সক্ৰিয় কৰি ৰাখে।কিন্তু আপুনি জানেনে অত্যাধিক কফি খোৱাটো স্বাস্থ্যৰ বাবে কিমান ক্ষতিকাৰক ? শেহতীয়া এক অধ্যয়নত প্ৰমাণ পোৱা মতে, অধিক কফি খোৱাটোৱে ডিমেনচিয়াৰ আশংকা বৃদ্ধি কৰে।৬ কাপতকৈ অধিক কফি খালে হৃদযন্ত্ৰৰ ষ্ট্ৰ'ক, উচ্চ ৰক্তচাপ আৰু আন বহু ৰোগৰো আশংকা বৃদ্ধি হয়। অত্যাধিক কফি খোৱাৰ ফলত স্বাস্থ্যৰ ক্ষতি কি হ'ব পাৰে, আজি জানো আহক-

টোপনিৰ অভাৱ

কফি খালে অলসতা দূৰ হয় আৰু সক্ৰিয় হৈ থকাত সহায় কৰে।কিন্তু অত্যাধিক পৰিমাণৰ কেফেইন সেৱনে নিশা টোপনি অহাত বাধা দিয়ে, যিয়ে বিভিন্ন ৰোগ সৃষ্টি হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰে।

পেটৰ সমস্যা

কফি খোৱাটোৱে শৰীৰৰ বিভিন্ন অংশ প্ৰভাৱিত কৰে। কফি খালে শৰীৰৰ পৰা গেষ্ট্ৰিয়েন হৰমন মুকলি হয়, যি মলাশয়ৰ কাৰ্যকলাপ বৃদ্ধি কৰাৰ কাম কৰে। যদি আপুনি অত্যাধিক কফি খায়, তেতিয়া আপোনাৰ পেটৰ সমস্যা হ'ব পাৰে।

ৰক্তচাপ বৃদ্ধি

অত্যাধিক কফি খালে ৰক্তচাপো বৃদ্ধি হয়। উচ্চ ৰক্তচাপৰ ফলত ৰোগীৰ কোষ ক্ষতি হ'ব পাৰে, যাৰ ফলত হৃদযন্ত্ৰলৈ তেজৰ প্ৰবাহ হ্ৰাস হ'ব পাৰে। ই ষ্ট্ৰ'ক আৰু হৃদ আক্ৰমণৰ আশংকাও বৃদ্ধি কৰে। যদি আপুনি উচ্চ ৰক্তচাপৰ ৰোগী, তেনেহ'লে কেফি খোৱা বাদেই দিব।

ভাগৰ

কফি খালে কিছু সময়ৰ বাবে শৰীৰে শক্তি পাই ঠিকেই, কিন্তু অত্যাধিক পৰিমাণৰ কেফেইনে শৰীৰত অলসতা বৃদ্ধি কৰে। কিছুমান অধ্যয়নত পোৱা গৈছে যে অত্যাধিক পৰিমাণৰ কেফেইনৰ বাবে শৰীৰে অধিক ভাগৰুৱা হৈ পৰে।

আমাৰ শীৰৰটোক চাহে কিদৰে প্ৰভাৱিত কৰে জানেনে ?
Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin