Dailyhunt Logo
  • Light mode
    Follow system
    Dark mode
    • Play Story
    • App Story
ICOMOS ৰ প্ৰকল্পৰ বাবে নিৰ্বাচিত উত্তৰ-পূৰ্বাঞ্চলৰ সাতখন চহৰ

ICOMOS ৰ প্ৰকল্পৰ বাবে নিৰ্বাচিত উত্তৰ-পূৰ্বাঞ্চলৰ সাতখন চহৰ

ডিজিটেল ডেস্কঃ উত্তৰ-পূৰ্বাঞ্চলৰ চহকী ইতিহাস, প্ৰত্নতত্ত্ব, ধৰ্মীয় ঐতিহ্য আৰু সাংস্কৃতিক পৰম্পৰাক ভৱিষ্যৎ প্ৰজন্মৰ বাবে সংৰক্ষণ আৰু প্ৰচাৰ কৰাৰ উদ্দেশ্যে এক যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰা হৈছে। ইণ্টাৰনেশ্যনেল কাউন্সিল অন মনুমেণ্টছ এণ্ড চাইটছ (ICOMOS)ইণ্ডিয়াৰ উত্তৰ-পূব মণ্ডলে এই সন্দৰ্ভত 'Historic City Series (2026-2028)' নামৰ এক অভিলাষী ত্ৰিবৰ্ষীয় প্ৰকল্প আনুষ্ঠানিকভাৱে আৰম্ভ কৰিছে।

উল্লেখ্য যে, এই প্ৰকল্পৰ মূল উদ্দেশ্য হৈছে উত্তৰ-পূবৰ সাতখন গুৰুত্বপূৰ্ণ ঐতিহাসিক চহৰ আৰু নগৰৰ ঐতিহ্যবাহী স্থানসমূহৰ এক পদ্ধতিগত তথা বৈজ্ঞানিক নথিভুক্তকৰণৰ জড়িয়তে প্ৰস্তুত কৰা। এই বৃহৎ কাৰ্যসূচী যুটীয়াভাৱে আগবঢ়াই লৈ গৈছে ড্ৰোন ফাউণ্ডেচন,নেশ্যনেল ইনষ্টিটিউট অৱ আৰবান এফিয়াৰ্ছ আৰু ICOMOS ইণ্ডিয়াই।

এই বিশেষ প্ৰকল্পৰ অধীনত উত্তৰ-পূবৰ সাতটা ঐতিহাসিক স্থান নিৰ্বাচিত কৰিছে। সেয়া ক্ৰমে- আগৰতলা,গুৱাহাটী,হাজো ,ইম্ফল,জোৱাই,শ্বিলং আৰু তেজপুৰ।

কি কি সামৰি লোৱা হ’ব এই নথিভুক্তিকৰণত?

এই সৰ্বাংগীন নথিভুক্তকৰণ প্ৰক্ৰিয়াত অঞ্চলসমূহৰ কেৱল প্ৰাচীন কীৰ্তিচিহ্নই নহয়, বৰঞ্চ ধৰ্মীয়, প্ৰাকৃতিক আৰু পৰম্পৰাগত উপাদানসমূহকো স্থান দিয়া হ’ব। ইয়াৰ ভিতৰত প্ৰাচীন মন্দিৰ, মছজিদ, গীৰ্জা, স্মৃতিচিহ্ন, সত্ৰ, গুহা, অৰণ্য, পুৰণি ঘৰ আৰু সজীৱ সাংস্কৃতিক পৰম্পৰা অন্তৰ্ভুক্ত কৰা হ’ব। লগতে মুখ্য ঐতিহাসিক স্থানসমূহৰ ভিতৰত আছে আগৰতলাৰ উজ্জয়ন্ত প্ৰাসাদ, গুৱাহাটীৰ কামাখ্যা মন্দিৰ আৰু আমবাৰী প্ৰত্নতাত্ত্বিক স্থান, হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ আৰু পোৱা মক্কা, ইম্ফলৰ কাংলা ফ’ৰ্ট, জোৱাইৰ নাৰ্টিয়াং মনোলিথ, শ্বিলঙৰ অৰণ্য আৰু গুহা, আৰু তেজপুৰৰ দুৱাৰ আৰু বামুণী পাহাৰ। এই প্ৰকল্পত হাজোৰ পৰম্পৰাগত পিতল উদ্যোগ আৰু তেজপুৰৰ ওচৰৰ বৰজুলিৰ জীৱন্ত সাংস্কৃতিক ঐতিহ্যৰ ওপৰতো গুৰুত্ব আৰোপ কৰিব।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে-আয়োজকসকলে এক প্ৰেছ বিজ্ঞপ্তিযোগে জড়িয়তে কয় , এই পদক্ষেপে কেৱল ঐতিহ্য সংৰক্ষণতে ইতিবাচক ভূমিকা নলয়, বৰঞ্চ ইয়াৰ জৰিয়তে অঞ্চলটোৰ পৰ্যটন উদ্যোগৰ বিকাশ ঘটিব, শিক্ষামূলক গৱেষণা বৃদ্ধি পাব আৰু নিজৰ ঐতিহ্য সুৰক্ষাত জনসাধাৰণৰ সক্ৰীয় অংশগ্ৰহণ বহু পৰিমাণে শক্তিশালী হৈ উঠিব।

ইপিনে এই সুদীৰ্ঘ নথিভুক্তকৰণৰ কাম-কাজসমূহ সূচাৰুৰূপে পৰিচালনা কৰিবলৈ চহৰ ভিত্তিত এক বিশেষ বিশেষজ্ঞ পেনেল গঠন কৰা হৈছে। য'ত কাম-কাজৰ তদাৰক কৰিব আগৰতলাত এম কে প্ৰজ্ঞা দেব বৰ্মন ,গুৱাহাটীত জয়ন্ত শৰ্মা,হাজোত ডাঃ হৰি প্ৰসাদ আগৰৱাল ,ইম্ফলত ডাঃ হোমেন থাংজাম , জোৱাইত ইবিন্তা বি তিউছোহ, শ্বিলংত ডাঃ কে বালা আৰু তেজপুৰত ডাঃ সঞ্জীৱ কুমাৰ বৰকাকতিয়ে।

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin