Dailyhunt Logo
  • Light mode
    Follow system
    Dark mode
    • Play Story
    • App Story
ইতিহাস ৰচি মুখ্যমন্ত্ৰীৰূপে শপত ল'লে শুভেন্দু অধিকাৰীয়ে...

ইতিহাস ৰচি মুখ্যমন্ত্ৰীৰূপে শপত ল'লে শুভেন্দু অধিকাৰীয়ে...

ডিজিটেল ডেস্ক : গঠন হ'ল পশ্চিমবংগৰ নতুন চৰকাৰ। এই চৰকাৰৰ নতুন মুখ্যমন্ত্ৰীৰূপে শপতগ্ৰহণ কৰে শুভেন্দু অধিকাৰীয়ে। ইতিহাস ৰচা তেওঁ হৈছে পশ্চিমবংগৰ প্ৰথমগৰাকী বিজেপি মনোনীত মুখ্যমন্ত্ৰী। তেওঁক শপতবাক্য পাঠ কৰোৱাই ৰাজ্যপাল আৰ এন ৰবিয়ে।

একেদৰে অধিকাৰী মন্ত্ৰীসভাত বাতৰি লিখা পৰলৈকে স্থান লাভ কৰিছে অগ্নি মিত্ৰা পাল, দিলীপ কুমাৰ ঘোষ আৰু অশোক কিৰ্তনীয়া, খুদিৰাম টুডু, নিশিথ প্ৰমানিকে। এই আটাইকেইগৰাকী মন্ত্ৰীক শপত বাক্য পাঠ কৰোৱাই ৰাজ্যপালে। অনুষ্ঠানত উপস্থিত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং, অমিত শ্বাহ, নীতিন গাডকাৰী, সভাপতি নীতিন নবীন, জ্যেষ্ঠ নেতা জে পি নাড্ডা আৰু আছে এন ডি এ শাসিত ২১ ৰাজ্যৰ মুখ্যমন্ত্ৰীসকল।

লগতে আছে মিথুন চক্ৰৱৰ্তী, অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।

উল্লেখযোগ্য যে, নৱ নিযুক্ত মুখ্যমন্ত্ৰী অধিকাৰীৰ জন্ম হৈছিল ১৯৭০ চনত। তেওঁ ১৯৯৮ চনত মমতা বেনাৰ্জীৰ আহ্বানত যোগ দিছিল তৃণমূল কংগ্ৰেছত। তেওঁ ২০১৬ৰ পৰা ২০লৈ মমতা মন্ত্ৰীসভাৰ পৰিবহন মন্ত্ৰী আছিল। ইয়াৰ পাছতে তেওঁ ২০২০ চনত তৃণমূল কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগ দিয়ে।

তাৰোপৰি তেওঁ আছিল ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা এজন বিচক্ষণ নেতা। ২০০৭ চনৰ নন্দীগ্ৰাম আন্দোলনৰো তেওঁ আছিল অন্যতম হোতা।

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin