Dailyhunt
জামুগুৰিহাটৰ ভৰলীপৰীয়া কন্যকা বহুমুখী পামৰ ১৬তম প্ৰতিষ্ঠা দিৱস

জামুগুৰিহাটৰ ভৰলীপৰীয়া কন্যকা বহুমুখী পামৰ ১৬তম প্ৰতিষ্ঠা দিৱস

ডিজিটেল সংবাদ, জামুগুৰিহাট: জামুগুৰিহাটৰ ভৰলীপৰীয়া কন্যকা বহুমুখী পামৰ সোমবাৰে ১৬ তম প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় । এই উদ্দেশ্যৰে আজি পুৱা কন্যকাৰ চৌহদত ধৰ্মীয় শোভাযাত্ৰা আৰু পতাকা উত্তোলনৰে কাৰ্যসুচী শুভাৰাম্ভ কৰে ভৰলীপৰীয়া কন্যকা বহুমুখী পামখনৰ অধ্যক্ষ তথা নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই।

পতাকা উত্তোলন কৰি দিয়া ভাষণ প্ৰসঙ্গত বিধায়ক গৰাকীয়ে কয়-২০০৮ চনত একাংশ সন্দেহজনক নাগৰিকক এই ভূমিৰ পৰা আঁতৰ কৰি প্ৰতিষ্ঠা কৰা হৈছিল ভৰলীপৰীয়া কন্যকা কৃষি পামখন। জীয়াভৰলী নদীৰ পাৰত অবৈধভাৱে ভূমি বেদখল কৰি সাম্ৰাজ্য বৃদ্ধি কৰিবলৈ বিচৰা সন্দেহজনক লোকসকলে স্থানীয় খিলঞ্জীয়া মানুহখিনিলৈ ভাবুকি কঢ়িয়াই আনিছিল ।

কন্যকাৰ এই কৃষি ভূমিতে প্ৰতিষ্ঠা হোৱা নামঘৰত আজি শংকৰী কলা সংস্কৃতিৰ চৰ্চা চলিছে । খিলঞ্জীয়া যুৱক যুৱতীক ভৰলীপৰীয়া কন্যকা বহুমূখী পামখনত সংস্থাপন দিয়া হৈছে। কন্যকাৰ প্ৰায় ৫হাজাৰ ভূমিত কৃষিকৰ্মৰ বিপ্লৱ সূচনা কৰা হৈছে বুলি মন্তব্য কৰে ।

আনহাতে দিনৰ ১১ বজাৰ পৰা কন্যকা কৃষি পামত বিধায়ক পদ্ম হাজৰিকাৰ অধ্যক্ষতাত অনুষ্ঠিত সাধাৰণ সভাত কন্যকাৰ ভৱিষ্যত পৰিকল্পনা,আঁচনিৰ সন্ধৰ্ভত বিষদ আলোচনা কৰা হয় । নিশালৈ কন্যকা নামঘৰত অঞ্চলটোৰ বাচকবনীয়া শিল্পী সকলৰ দ্বাৰা " ৰাম বিজয় " নাট ভাওনা অনুষ্ঠিত কৰিব বুলি বিধায়কগৰাকীয়ে জানিবলৈ দিয়ে ।

চৰাইদেউ প্ৰেছ ক্লাৱৰ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন
Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin