Dailyhunt Logo
  • Light mode
    Follow system
    Dark mode
    • Play Story
    • App Story
কংগ্ৰেছত গৌৰৱৰ সাৰথি এতিয়া কেৱল ৰকিবুল!

কংগ্ৰেছত গৌৰৱৰ সাৰথি এতিয়া কেৱল ৰকিবুল!

ডিজিটেল ডেস্কঃ দল বিধ্বস্ত হৈ গ'লেও হয়তো বিসম্বাদ শেষ নহ'ব অসম প্ৰদেশ কংগ্ৰেছৰ। নিৰ্বাচনত অতি শোচনীয় ফলাফলৰ পাছতো লবীকেন্দ্ৰীক ৰাজনীতিত জুৰুলা দলটো নিজৰ ভিতৰতে থকা খামখেয়ালিবোৰৰ সমাধানৰ পথ সন্ধান কৰাত ব্যৰ্থ হৈছে। মুকলিকৈ কোনো নেতাই খুলি নক'লেও শেহতীয়াকৈ বিধায়ক জুবেইৰ আলম আৰু সভাপতি গৌৰৱ গগৈৰ মাজত চলি থকা অৰিয়াঅৰিয়ে ক্ৰমান্বয়ে তীব্ৰ ৰূপ ধাৰণ কৰিছে।

আনহে নালাগে পৰাজয়ৰ কাৰণ পৰ্যালোচনা বৈঠকতো দেওবাৰে জুবেইৰ আলমৰ সমষ্টিত গৌৰৱ গগৈ মুৰ্দাবাদ দিলে একাংশ কংগ্ৰেছ কৰ্মীয়ে। বিধায়কৰ লগতে বৰ্তমান অসম যুৱ কংগ্ৰেছৰ সভাপতি পদটো আছে জুবেইৰ আলম। গৌৰৱ গগৈৰ সৈতে মতানৈক্যৰ পাছত জুবেইৰ আলমে নিৰ্বাচনৰ পৰ্যালোচনাৰ লগতে নগাঁও লোকসভাৰ উপ নিৰ্বাচনৰ বাবেও প্ৰকাশ কৰিছিল পৃথক তালিকা।

বিগত কিছুদিন ধৰি গৌৰৱ গগৈয়ে জুবেইৰ আলমক দলীয় কাম-কাজৰ পৰা গুৰুত্বহীন কৰি ৰখাৰ সমান্তৰালভাৱে জুবেইৰ আলমেও নিজৰ ক্ষমতা প্ৰয়োগ কৰি যুৱ কংগ্ৰেছত ৰাজত্ব চলাই যোৱা পৰিলক্ষিত হৈছিল। জুবেইৰ আলমক এনে অগ্ৰাসী ৰূপ দেখি গৌৰৱ গগৈয়ে অতি সন্তপৰ্ণে ৰচিলে এক ৰণনীতি।

গৌৰৱ গগৈয়ে এই ৰণনীতিৰ বাবেও সহায় ল'লে ৰকিবুল হুছেইনৰ। বিসম্বাদী জুবেইৰ আলমক চম্ভালিবলৈ ৰকিবুল হুছেইনৰ পুত্ৰ তথা চামগুৰিৰ বিধায়ক তাঞ্জিল হুছেইনক নিযুক্তি দিলে যুৱ কংগ্ৰেছৰ উপ সভাপতি হিচাপে। জুবেইৰ আলমক নাকী লগাবলৈকে গৌৰৱ গগৈয়ে ৰকিবুলৰ সহায়ত এই কাম কৰিলে বুলি কংগ্ৰেছৰ ভিতৰচ'ৰাতে এতিয়া চৰ্চা চলিছে।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, বিৰোধী দলপতি নিৰ্বাচনৰ বাবে যোৱা কিছুদিনৰ পূৰ্বে ৰাজীৱ ভৱনত অনুষ্ঠিত হোৱা বিধায়নী দলৰ বৈঠকত গৌৰৱ গগৈ আৰু জুবেইৰ আলমৰ মাজত তৰ্কা-তৰ্কি হৈছিল। সভাত পলমকৈ উপস্থিত হোৱাক লৈ গৌৰৱ গগৈয়ে প্ৰথমে জুবেইৰক বেয়া ব্যৱহাৰ আৰু পিছত গৌৰৱ গগৈৰ একপক্ষীয় স্থিতি লোৱা বুলি অভিযোগ উত্থাপন কৰি জুবেইৰ আলমেও টানকৈ কথা কৈছিল গৌৰৱ গগৈক।

এই ঘটনাৰ পাছতে ন বিধায়ক জুবেইৰ আলমক দলীয় ভিন্ন কামৰ পৰা একপ্ৰকাৰৰ এলাগী কৰি ৰাখিছিল গৌৰৱ গগৈয়ে। তাৰ সমান্তৰালভাৱে যুৱ কংগ্ৰেছক নেতৃত্ব দি জুবেইৰ আলমেও দলৰ সভাপতিক একাষৰীয়া কৰি গ্ৰহণ কৰিছিল কিছু সিদ্ধান্ত। যাৰ পৰিণতিত শেহতীয়াকৈ জুবেইৰ আলমক আওপকীয়াকৈ বাধা দিবলৈ তাঞ্জিলক বিশেষ দায়িত্ব দিয়া বুলি চৰ্চা হৈছে।

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin