Dailyhunt
কাৰ বিৰুদ্ধে গৰজি উঠিল অভিনেত্ৰী ৰবীনা?

কাৰ বিৰুদ্ধে গৰজি উঠিল অভিনেত্ৰী ৰবীনা?

ডিজিটেল ডেস্ক: কিছুদিন পূৰ্বে বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী কেটৰিণা কাইফে মহাকুম্ভৰ সংগমস্থলীত কৰিছিল স্নান। অভিনেত্ৰীগৰাকীয়ে স্নান কৰি থকা সময়ছোৱাত ভিডিঅ' প্ৰস্তুত কৰিছিল সেই সময়ছোৱাত তাত উপস্থিত থকা অনেক লোকে। কেটৰিণাই স্নান কৰা সেই ভিডিঅ' মুহুৰ্ততে ভাইৰেল হৈছিল সামাজিক মাধ্যমত।

তাৰ মাজতে দুজন যুৱকে প্ৰস্তুত কৰা এটা ভিডিঅ'এ লাভ কৰিছে ব্যাপক চৰ্চা। সংগমতস্থলীত গা ধুই থকা সময়ছোৱাত প্ৰস্তুত কৰা ভিডিঅ'টোত যুৱক দুজনে ক'য়, 'এইজন মই, এইজন মোৰ ভাইটি আৰু এইয়া কেটৰিনা কাইফ।' হাঁহি হাঁহি প্ৰস্তুত কৰা ভিডিঅ'টো সম্প্ৰতি চচিয়েল মিডিয়াত চৰ্চাৰ বিষয় হৈ পৰিছে। কেটৰিণাৰ অনুৰাগীয়ে এই ভিডিঅ'টো একেবাৰে ভালপোৱা নাই।

ইয়াৰ মাজতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বলীউডৰ আন এগৰাকী জনপ্ৰিয় অভিনেত্ৰী ৰবীনা টণ্ডনে। ভিডিঅ’টো সন্দৰ্ভত মন্তব্য কৰি ৰবীনাই লিখিছে – "এইটো বৰ ঘৃণনীয় কাম। এনে লোকে সেই মুহূৰ্তবোৰ নষ্ট কৰে যিটো মুহূৰ্ত অৰ্থপূৰ্ণ আৰু শান্তিপূৰ্ণ হ’ব লাগিছিল।"

ৰবীনাৰ এই মন্তব্যই এতিয়া লাভ কৰিছে ব্যাপক চৰ্চা। অনেকে সমৰ্থন আগবঢ়াইছে ৰবীনাৰ মন্তব্যক। উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে অভিনেত্ৰী ৰবীনা টণ্ডনেও মহাকুম্ভত কৰিছিল স্নান। ৰবীনাৰ সৈতে স্নান কৰিছিল শেহতীয়াকৈ বলীউডত খোজ দিয়া তেওঁৰ কন্যা ৰাশাই।

আনহাতে শাহুৱেকৰ সৈতে মহাকুম্ভলৈ গৈছিল কেটৰিণা কাইফ । প্ৰথমে সংগমত গা ধুই তাৰ পিছত ৰাতি আৰতি কৰিছিল অভিনেত্ৰীগৰাকীয়ে । ভজনো গাই ভক্তিত নিমগ্ন হোৱা কেটৰিনা কাইফক দেখি অনুৰাগীসকলে প্ৰসংশাৰে উপচাই পেলাইছিল।

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin