Dailyhunt Logo
  • Light mode
    Follow system
    Dark mode
    • Play Story
    • App Story
কেন্দ্ৰীয় ৰাজভাষা নীতিৰ উৎকৃষ্ট প্ৰয়োগ !

কেন্দ্ৰীয় ৰাজভাষা নীতিৰ উৎকৃষ্ট প্ৰয়োগ !

ডিজিটেল ডেস্ক: ভাৰত চৰকাৰৰ মন্ত্ৰালয়ৰ ৰাজভাষা বিভাগৰ উদ্যোগত ২০২৪-২৫ বৰ্ষত ৰাজভাষা নীতিৰ উৎকৃষ্ট ৰূপায়ণৰ বাবে ইণ্টাৰনেশ্যনেল ইনডৰ এক্সিভিশ্যন চেণ্টাৰ(International Indoor Exhibition Centre)ত অলপতে এক বিশেষ অনুষ্ঠান অনুষ্ঠিত হৈ যায়। এই অনুষ্ঠানত ৰাজভাষাৰ সন্মান আৰু সংবিধানিক দায়িত্বৰ প্ৰতি অটল হৈ অন্যতম নিদৰ্শন আগবঢ়োৱা ইণ্ডিয়ান বেংক(Indian Bank)ৰ তিনিটা অঞ্চল কাৰ্যালয় ক্ৰমে কলকাতা (উত্তৰ) আৰু বাৰাণসীক প্ৰথম পুৰস্কাৰ আৰু পাটনাক দ্বিতীয় পুৰস্কাৰ প্ৰদান কৰা হয়।

এই উপলক্ষে আয়োজিত যৌথ আঞ্চলিক ৰাজভাষা সন্মিলনত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক ছাহায়ে অংশ গ্ৰহণ কৰে।

এই দুয়োগৰাকী বিশিষ্ট অতিথিয়ে ইণ্ডিয়ান বেংকৰ তিনিওটা অঞ্চল কাৰ্যালয়ৰ বিষয়ববীয়াক ‘ৰাজভাষা পুৰস্কাৰ’ প্ৰদান কৰে।

অনুষ্ঠানত ইণ্ডিয়ান বেংক কলকাতা (উত্তৰ)ৰ অঞ্চল প্ৰবন্ধক অভিলাষিত কৌশল, বাৰাণসীৰ উপ অঞ্চল প্ৰবন্ধক সঞ্চয় কুমাৰ, পাটনাৰ অঞ্চল প্ৰবন্ধক অমন কুমাৰ ঝা, গুৱাহাটীৰ অঞ্চল প্ৰবন্ধক অলোক কুমাৰ, সহায়ক মহাপ্ৰবন্ধক (ৰাজভাষা) ৰাজেশ কুমাৰ সিং, মিনি টি. এম, কাৰ্যপালক সঞ্চালক, ইণ্ডিয়ান বেংক, কৰ্প’ৰেট কাৰ্যালয় আৰু ইণ্ডিয়ান বেংক গুৱাহাটীৰ ক্ষেত্ৰ মহাপ্ৰবন্ধক বিনীত বাজপেয়ীও উপস্থিত থাকে।

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin