Dailyhunt
কেতিয়া ব্ৰাছ কৰাটো স্বাস্থ্যৰ পক্ষে উপকাৰী, জানেনে ?

কেতিয়া ব্ৰাছ কৰাটো স্বাস্থ্যৰ পক্ষে উপকাৰী, জানেনে ?

ডিজিটেল ডেস্ক : স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, মুখৰ স্বাস্থ্য দুৰ্বল হ'লে আমাৰ শৰীৰটোয়ে বহুতো স্বাস্থ্য সমস্যাৰ সৈতে মোকাবিলা কৰিবলগীয়া হয়। যাৰ বাবে সদায় মুখৰ পৰিস্কাৰ-পৰিচ্ছন্নতাৰ যত্ন লোৱাটো খুবেই জৰুৰী। বিশেষকৈ ৰাতি টোপনি যোৱাৰ আগতে আৰু ৰাতিপুৱা শুই উঠাৰ পিছত দাঁত ব্ৰাছ কৰিব লাগে। ই মুখত থকা বেক্টেৰিয়া আৰু বীজাণু আঁতৰ কৰে। কিন্তু কিছুমান কাম কৰাৰ পিছত দাঁত ব্ৰাছ কৰিলে মুখৰ স্বাস্থ্যৰ ক্ষতি হ'ব পাৰে। কোন সময়ত ব্ৰাছ কৰাটো আমাৰ স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক, আজি জানো আহক-

ৰাতিপুৱাৰ আহাৰ গ্ৰহণ কৰাৰ পিছত

ৰাতিপুৱা ব্ৰাছ কৰাটো খুব ভাল অভ্যাস। কিন্তু ৰাতিপুৱাৰ আহাৰ খোৱাৰ পাছত ব্ৰাছ কৰিব নালাগে। কিয়নো, আহাৰ গ্ৰহণ কৰাৰ পিছত আমি খোৱা উচ্চ এচিডযুক্ত খাদ্যৰ কণাবোৰ দাঁতত জমা হোৱাৰ সম্ভাৱনা থাকে।

যাৰ ফলত আপোনাৰ দাঁত সুৰক্ষিত হোৱাৰ বিপৰীতে দাঁতৰ কঠিন স্তৰটো ক্ষতিগ্ৰস্তহে হ'ব পাৰে। সেয়েহে, ৰাতিপুৱাৰ আহাৰ খোৱাৰ ৩০ মিনিটলৈকে ভুলতো দাঁত ব্ৰাছ নকৰিব।

মিঠাই খোৱাৰ পিছত

মিঠাই খোৱাৰ পিছত দাঁত ব্ৰাছ নকৰিব। কিয়নো মিঠাত থকা কণাবোৰে দাঁতৰ বাহিৰৰ স্তৰত লাগি থাকে। ইয়াৰ ফলত সংবেদনশীলতাৰ সমস্যা বৃদ্ধি হয়। ইপিনে, কাৰ্বোহাইড্ৰেট বেক্টেৰিয়াও মিঠাইত থাকে, সেয়েহে খোৱাৰ পাছতে ব্ৰাছ কৰিলে ই দাঁতৰ ক্ষতি কৰিব পাৰে।

বমি কৰাৰ পিছত

বমি কৰাৰ পাছতো কেতিয়াও ব্ৰাছ কৰিব নালাগে। বমি কৰাৰ ফলত মুখত এচিড লাগি থাকে, এনে পৰিস্থিতিত এছিডে দাঁত নষ্ট কৰিব পাৰে।

এই কথাবোৰো মনত ৰাখিব

. খুব জোৰকৈ কেতিয়াও ব্ৰাছ নকৰিব। ই দাঁত দুৰ্বল কৰাৰ লগতে দাঁতৰ আলুৰ ক্ষতি কৰে।

. টুথব্ৰাছ দুই মাহৰ মূৰে মূৰে সলনি কৰিব।

. দিনত দুবাৰতকৈ বেছি দাঁত ব্ৰাছ কৰিব নালাগে। প্ৰতিদিনে ৰাতিপুৱা উঠি আৰু ৰাতি শোৱাৰ আগত ব্ৰাছ কৰাটো খুব জৰুৰী। অত্যাধিক ব্ৰাছ কৰিলে দাঁত আৰু আলু দুৰ্বল হ'ব পাৰে।

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin