Dailyhunt

কেৱল জলপানৰ লগতেই নহয়, ভাতৰ লগতো খাওঁক দৈ

ডিজিটেল ডেস্ক: দৈ হৈছে গাখীৰৰ এবিধ উত্‍পন্ন এবিধ খাদ্য সামগ্ৰী। আমি ইচ্ছা কৰিলেই গাখীৰৰ পৰা দৈ প্ৰস্তুত কৰি ল'ব পাৰো। প্ৰকৃততে, বেক্টেৰিয়াৰ সান্নিধ্যত গাখীৰত ঘটা ৰাসায়নিক পৰিৱৰ্তনৰ ফলতেই দৈৰ সৃষ্টি হয় । গাখীৰত লেক্টজ নামৰ এবিধ কাৰ্বোহাইড্ৰেট থাকে আৰু বেক্টেৰিয়াই বিপাকীয় কাৰ্যৰ জৰিয়তে লেক্টজক লেক্টিক এচিডলৈ পৰিৱৰ্তন কৰে । সময় বাঢ়ি যোৱাৰ লগে লগে দৈত সেই এচিডৰো পৰিমাণ বৃদ্ধি হয় । পৰিণতিত দিন বঢ়াৰ লগে লগে দৈৰ টেঙা গুণো বৃদ্ধি পাবলৈ ধৰাত পুৰণা দৈ আমি বেছিকৈ টেঙা পাওঁ । আজি দৈৰ গুণাগুণৰ বিষয়ে জানো আহক-

ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে

দৈৰ লাভালাভবোৰৰ ভিতৰত এক অন্যতম হৈছে ই ৰোগ প্ৰতিৰোধ শক্তি বৃদ্ধি কৰে।দৈয়ে ৰোগ সৃষ্টিকাৰী বীজাণুৰ সৈতে যুঁজ দি শৰীৰটোক সুস্থ কৰি ৰখাত সহায় কৰে।

হাড়-দাঁতৰ স্বাস্থ্য শক্তিশালী কৰে

দৈ কেলচিয়াম আৰু ফছফৰাছ সমৃদ্ধ। কেলচিয়াম হৈছে আমাৰ হাড় আৰু দাঁতৰ ৰক্ষক। প্ৰতিদিনে দৈ খোৱাটোৱে আপোনাৰ দৈনিক কেলচিয়াম আৰু ফছফৰাছৰ প্ৰয়োজনীয়তা যথেষ্ট পৰিমাণে পূৰণ কৰে। ই আপোনাৰ হাড় শক্তিশালী কৰে আৰু আৰ্থ্ৰাইটিছ, অষ্টিওপোৰোচিছ, দাঁতৰ ক্ষয়, দুৰ্বল মাড়ি আদিৰ দৰে স্থিতিৰ আশংকা হ্ৰাস কৰে।

হজমশক্তি উন্নত কৰে

দৈ এক উত্তম প্ৰ'বায়োটিক খাদ্য। যাৰ ফলত দৈ খালে ই হজমশক্তি উন্নত কৰাৰ লগতে অন্ত্ৰৰ স্বাস্থ্য ভালে ৰাখে।ই পেট ফুলা সমস্যাৰো সামাধান কৰে।

ছালক পুষ্টি দিয়ে

দৈত জিংক, ভিটামিন চি আৰু কেলচিয়ামৰ দৰে অত্যাৱশ্যকীয় পুষ্টি থাকে। এইসমূহ ছালৰ বাবে অতি উপকাৰী। দৈ খালে ই ছালখন আৰ্দ্ৰ কৰি ৰখাত সহায় কৰে।সদায় দৈ খোৱা আৰম্ভ কৰি আপুনি আপোনাৰ ছালখনক এক নতুন জীৱন প্ৰদান কৰিব পাৰে।আনহাতে, দৈৰ সৈতে নিমৰ পাত মিহিকৈ পিহি ছালৰ ৰোগ খৰ আদিত লগালে সেয়া সোনকালে ভাল হয়।

চুলিৰ স্বাস্থ্য উন্নত কৰে

ছাল-ছুলিৰ বাবে খুবেই উপকাৰী দৈ। দৈৰে চুলি ধুলে চুলি ঘন, কোমল আৰু অধিক ক'লা হয় বুলি আয়ুৰ্বেদ শাস্ত্ৰত পোৱা যায়।টেঙা দৈৰে চুলি ধুলে মূৰৰ উফিও নাশ হয়।

ওজন হ্ৰাসত সহায়ক

ওজন হ্ৰাস কৰাৰ বাবে দৈ খোৱা ভাল। ই ষ্টেৰইড হৰমন বা কৰ্টিচোলৰ বিকাশ প্ৰতিহত কৰে, যাৰ ফলত মেদবহুলতাৰ আশংকা নিয়ন্ত্ৰণ হয়।

Mushroom Benefits: বহু উপকাৰী গুণৰে ভৰপুৰ কাঠফুলা
Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin