Dailyhunt

খাওঁ বুলিলেই শিশুক জাংক ফুড খাবলৈ নিদিব

ডিজিটেল ডেস্ক: অধিকাংশ শিশুৰে জাংক ফুড অতি প্ৰিয়।যাৰ বাবে তেওঁলোকে তেওঁলোকৰ খাদ্য তালিকাত সদায়েই জাংক ফুড থকাটো বিচাৰে। অভিভাৱকসকলেও সন্তান প্ৰেমত অন্ধ হৈ তেওঁলোকে খাবলৈ বিচৰা বাৰ্গাৰ, পিজ্জা তথা নুডলছ আদিৰ দৰে খাদ্য যোগান ধৰে। কিন্তু আপুনি জানেনে যে আপোনাৰ এই মৰমে আপোনাৰ সন্তানক ৰোগীয়া কৰিব পাৰে ? হয়, জাংক ফুডেই হৈছে শিশুৰ কিডনীত পাথৰকে ধৰি সৃষ্টি হোৱা বিভিন্ন সমস্যাৰ কাৰক।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফিলাডেলফিয়াত কৰা এক অধ্যয়নত প্ৰকাশ পাইছে যে এণ্টিবায়টিক, অতিসংসাধিত খাদ্য আৰু গৰম তাপমাত্ৰাই এই সমস্যাৰ সৃষ্টি কৰিছে। বিশেষজ্ঞসকলে লগতে উল্লেখ কৰে যে, আজিৰ পৰা ত্ৰিশ বছৰ আগতে কিডনীৰ পাথৰৰ সমস্যা কেৱল বৃদ্ধসকলৰ ক্ষেত্ৰতহে দেখা গৈছিল, কিন্তু এতিয়া তেনে নহয়।

এতিয়া এই সমস্যাটোৱে শিশুসকলৰ ক্ষেত্ৰত এক গুৰুতৰ ৰূপ লৈছে।

কিডনীৰ পাথৰ হৈছে শৰীৰত খনিজ আৰু লৱণ জমা হৈ হোৱা এক ৰূপ, যিয়ে শৰীৰৰ মূত্ৰনলীত বাধা দিয়ে। যাৰ ফলত আন বহুতো স্বাস্থ্য সমস্যা হ'ব পাৰে। পৰিসংখ্যা অনুসৰি, এই সমস্যাটো বিশেষকৈ সৰু ল'ৰা-ছোৱালীৰ ক্ষেত্ৰত দেখা যায়। বিশেষজ্ঞসকলে কৈছে যে আজিকালি জাংক ফুড এণ্টিবায়টিকৰ বৰ্ধিত ব্যৱহাৰ আৰু উষ্ণতা বৃদ্ধিৰ বাবে এই সমস্যাই ভয়াৱহ ৰুপ লৈছে।

ই উচ্চ ৰক্তচাপৰ সৈতেও সম্পৰ্কিত।

কিডনীৰ পাথৰ নেফ্ৰোলিথিয়াচিছৰ সৈতেও সম্পৰ্কিত। ইয়াৰ ফলত কেলচিয়াম, অক্সালেট আৰু ফছফৰাছৰ দৰে খনিজ পদাৰ্থ প্ৰস্ৰাৱত জমা হয় আৰু তাৰ পিছত হালধীয়া ৰঙৰ কঠিন ৰূপ লয়। যদি ইয়াক সময়মতে যত্ন লোৱা নহয়, ই গল্ফ আকৃতিৰ পাথৰো হ'ব পাৰে। কেতিয়াবা এই পাথৰবোৰ প্ৰস্ৰাৱৰ জৰিয়তে বাহিৰলৈ ওলাই আহে। কিন্তু কেতিয়াবা ই মূত্ৰনলীত আৱদ্ধ হৈ পৰে। যাৰ ফলত ৰোগীৰ তীব্ৰ বিষ হ'ব পাৰে আৰু তেজ ওলাবও পাৰে।

বজাৰত উপলব্ধ অধিকাংশ পানীয়ই শিশুৰ বাবে বিপদজনক

চিপচ, এনাৰ্জি ড্ৰিংক আৰু পেকেটযুক্ত খাদ্য খোৱাৰ ফলত শিশুটোৰ শৰীৰে যথেষ্ট খনিজ লৱণ লাভ কৰে। যি পাথৰ বৃদ্ধি সৃষ্টিৰ অন্যতম কাৰণ হ'ব পাৰে। বিশেষকৈ যিসকল শিশুৰ কম পানী খোৱাৰ বা অধিক ঠাণ্ডা পানীয় খোৱাৰ অভ্যাস আছে, তেওঁলোকৰ কিডনীৰ পাথৰ হোৱাৰ সম্ভাৱনা অধিক হয়।

বহু গুৰুতৰ ৰোগৰ কাৰণ হ'ব পাৰে সকলোৰে প্ৰিয় কণী
Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin