Dailyhunt

'কিডনী ষ্ট'ন' হ'লে কি খাব লাগে জানি লওঁক

ডিজিটেল ডেস্ক: অস্বাস্থ্যকৰ জীৱনশৈলী আৰু ভুল খাদ্যাভ্যাসৰ বাবে এজন ব্যক্তি বহুতো ৰোগত আক্ৰান্ত হয়, ইয়াৰ ভিতৰত 'কিডনী ষ্ট'ন'ও অন্যতম।ষ্ট'ন বা শিল বা পাথৰ হৈছে এক গুৰুতৰ সমস্যা, যাৰ বিষ একেবাৰেই অসহনীয়। ই শৰীৰৰ যিকোনো স্থানতে সৃষ্টি হ'ব পাৰে।যদি জীৱনশৈলী স্বাস্থ্যকৰ হয়, তেন্তে প্ৰস্ৰাৱৰ জৰিয়তে ষ্ট'নবোৰ শৰীৰৰ পৰা ওলাই যায়।

কিন্তু ষ্ট'নৰ আকাৰ ডাঙৰ হ'লে অস্ত্ৰোপচাৰৰ প্ৰয়োজন হৈ পৰে। যদি আপুনি 'কিডনী ষ্ট'ন'ৰ সমস্যাৰ পৰা হাত সাৰিব বিচাৰে, তেন্তে কি খাদ্য আপোনাৰ বাবে উপকাৰী আৰু কি অপকাৰী, আজি জানো আহক-

'কিডনী ষ্ট'ন' হ'লে আপুনি এইসমূহ খাব-

তুলসী

তুলসীত থকা উপাদানবোৰে ইউৰিক এচিডৰ স্তৰ নিয়ন্ত্ৰণ কৰে আৰু ইউৰিক এচিডৰ স্তৰ নিয়ন্ত্ৰিত হৈ থাকিলে 'কিডনী ষ্ট'ন' হোৱাটো কঠিন হৈ পৰে।তদপৰি, তুলসীৰ পাতত এচিটিক এচিড থাকে, যি ষ্ট'ন ভঙাত যথেষ্ট সহায়ক।সেয়েহে এই ৰোগত আক্ৰান্তসকলে দৈনিক এক চামুচ তুলসীৰ ৰস খাব পাৰে।

পানী

যদি কিডনীত ষ্ট'ন থাকে, তেন্তে দিনে কমেও ১২ গিলাচ পানী খাব। পানীৰ সহায়ত ষ্ট'ন তৈয়াৰ কৰা ৰাসায়নিক পদাৰ্থ সোনকালে শৰীৰৰ বাহিৰ হৈ যাব।

নেমুৰ ৰস

নেমুৰ ৰসে কিডনীত ষ্ট'ন হোৱাৰ আশংকা বহুখিনি হ্ৰাস কৰে। নেমু ষ্ট'নৰ আকাৰ হ্ৰাস কৰাতো কাৰ্যকৰী।

কি খাব নালাগে

আমিষ খাদ্য

আমিষ খাদ্যত প্ৰ'টিনৰ পৰিমাণ অতি বেছি থাকে। কিন্তু কিডনীত ষ্ট'ন হ'লে প্ৰ'টিন গ্ৰহণৰ মাত্ৰা হ্ৰাস কৰিব লাগে। ইয়াৰ কাৰণ হৈছে যদি কিডনীত ষ্ট'ন থাকিলে অধিক প্ৰ'টিন গ্ৰহণ কৰা হয়, তেনেহ'লে প্ৰস্ৰাৱৰ জৰিয়তে প্ৰয়োজনকৈ অধিক কেলচিয়াম শৰীৰৰ পৰা বাহিৰ হয়।

ঠাণ্ডা পানীয়

কিডনীত ষ্ট'ন থাকিলে অধিক পানী খোৱা উচিত। কিন্তু আমি নিৰন্তৰভাৱে পানীৰ লগতে কেফেইনযুক্ত কফি আৰু চাহ খাওঁ। এই দুয়োটাৰ ফলতেই ডিহাইড্ৰেচন হয়, সেয়েহে কিডনীত ষ্ট'ন থাকিলে কফি-চাহ খোৱা বন্ধ কৰিব লাগে।। ইয়াৰ উপৰিও, ফছফৰিক এচিড থকাৰ বাবে বিভিন্ন শীতল পানীয় সেৱন কৰাটোও অনুপযোগী।

নিমখ

যদি আপোনাৰ কিডনীত ষ্ট'ন আছে, নিমখ গ্ৰহণ হ্ৰাস কৰিবলৈ চেষ্টা কৰক।

ভিটামিন-চি গ্ৰহণ

'কিডনী ষ্ট'ন'ত ভিটামিন-চি থকা খাদ্যও অত্যাধিক গ্ৰহণ কৰিব নালাগে।

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin