Dailyhunt

ক'লা আঙুৰৰ চমৎকাৰী স্বাস্থ্য উপকাৰিতাৰ বিষয়ে জানেনে ?

ডিজিটেল ডেস্ক: অধিকাংশ লোকেই খাই ভালপোৱা এবিধ ফল হৈছে আঙুৰ। সুস্বাস্থ্যৰ বাবে সুস্বাদু আঙুৰ খোৱাটো খুব জৰুৰী। সেউজীয়া আঙুৰৰ লগতে ক'লা আঙুৰো স্বাস্থ্যৰ বাবে অত্যন্ত উপকাৰী। ক'লা আঙুৰত ভিটামিন-চি, এ, বি৬, প্ৰ'টিন, কেলচিয়াম, ফছফৰাছ আৰু মেগনেছিয়ামৰ দৰে পুষ্টি পোৱা যায়। আজি ক'লা আঙুৰৰ স্বাস্থ্য উপকাৰিতাৰ বিষয়ে জানো আহক-

ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণ

ডায়েবেটিছ ৰোগীৰ বাবে ক'লা আঙুৰ খোৱাটো অত্যন্ত উপকাৰী। ইয়াত পোৱা ডায়েবেটিক ৰোধী উপাদানবোৰে ৰক্ত শৰ্কৰাৰ স্তৰ হ্ৰাস কৰাত সহায় কৰে।তদুপৰি, ৰেচভেৰাট্ৰল নামৰ এক ৰাসায়নিক পদাৰ্থ আঙুৰত পোৱা যায়, যাৰ এণ্টিহাইপাৰগ্লাইচেমিক গুণাগুণ থাকে।

এই ৰাসায়নিক পদাৰ্থই শৰীৰত ইনচুলিনৰ স্তৰ বৃদ্ধি হোৱাত বাধা দিয়ে। যদি আপুনি ডায়েবেটিচৰ দৰে বিপদজনক ৰোগৰ সৈতে যুঁজি আছে, তেন্তে আপুনি চিকিৎসকৰ পৰামৰ্শ অনুসৰি ক'লা আঙুৰ খাব পাৰে।

শক্তিশালী হাড়

ক'লা আঙুৰে হাড় শক্তিশালী কৰাত সহায় কৰে। ইয়াত পোৱা পুষ্টিবোৰ হাড়ৰ বাবে উপকাৰী বুলি গণ্য কৰা হয়। ক'লা আঙুৰ খোৱাৰ ফলত হাড়ৰ ঘনত্ব বৃদ্ধি হয়। তদুপৰি, ইয়াত কেলচিয়াম থাকে, যি হাড় শক্তিশালী কৰাত সহায় কৰে। ক'লা আঙুৰ খালে হাড়ৰ বিষৰ পৰাও ই আপোনাক সকাহ দিব।

ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী

ক'লা আঙুৰে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে। ক'লা আঙুৰত ভিটামিন-চি-ৰ উপৰিও কিছুমান পুষ্টি থাকে, যিয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ শক্তি বৃদ্ধি কৰাত সহায় কৰে। ক'লা আঙুৰ খোৱাৰ ফলত আমাৰ শৰীৰটো বহু প্ৰকাৰৰ সংক্ৰমণৰ পৰাও সুৰক্ষিত হৈ থাকে।

কৰ্কট ৰোগৰ পৰা সুৰক্ষা

কৰ্কট ৰোগৰ দৰে বিপদজনক ৰোগৰ পৰা বাচি থাকিবলৈও ক'লা আঙুৰক উপকাৰী বুলি গণ্য কৰা হয়। আঙুৰৰ বাকলিত ৰেচভেৰাট্ৰল নামৰ এক ৰাসায়নিক পদাৰ্থ থাকে, যিয়ে শৰীৰত কৰ্কট কোষ বিকশিত হোৱা প্ৰতিহত কৰে। কিয়নো ৰেচভেৰাট্ৰলত কৰ্কট ৰোধী উপাদান থাকে, সেয়েহে ইয়াক সেৱন কৰিলে প্ৰষ্টেট, স্তন, হাঁওফাঁও আৰু পাকস্থলীৰ কৰ্কট ৰোগৰ আশংকা হ্ৰাস হয়।

স্বাস্থ্যৱান হৃদযন্ত্ৰ

ক'লা আঙুৰ খালে হৃদযন্ত্ৰও স্বাস্থ্যৱান হৈ থাকে। ইয়াত পটাছিয়াম, চাইটোকেমিকেলৰ দৰে উপাদান থাকে, যিয়ে হৃদযন্ত্ৰ স্বাস্থ্যৱান ৰখাত সহায় কৰে। ক'লা আঙুৰত পোৱা পলিফেনলবোৰে ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। ক'লা আঙুৰ খালে কলেষ্টেৰলৰ লগতে হৃদযন্ত্ৰ সম্পৰ্কীয় ৰোগৰ আশংকাও হ্ৰাস হয়।

চকুৰ বাবে উপকাৰী

ক'লা আঙুৰ চকুৰ স্বাস্থ্যৰ বাবেও যথেষ্ট উপকাৰী। ইয়াত কিছুমান উপাদান থাকে, যিয়ে চকু স্বাস্থ্যৱান ৰখাত সহায় কৰে।ক'লা আঙুৰ খোৱাৰ ফলত বয়স-সম্পৰ্কীয় সমস্যা যেনে চকুত ছানি পৰা, গ্লুকোমা আদি সমস্যাৰ পৰাও আমি সুৰক্ষা লাভ কৰিব পাৰো।

এইসমূহ ৰোগ যদি কৰিবলৈ বিচাৰিছে দূৰ, খাওঁক মাখনা আৰু গুড়
Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin