Dailyhunt
ক্ষমা খুজিলে ৰণবীৰ সিঙে

ক্ষমা খুজিলে ৰণবীৰ সিঙে

ডিজিটেল ডেস্কঃ সামাজিক মাধ্যমত বহুলভাৱে চৰ্চিত হৈ পৰিছে এটা বিশেষ প্ৰসংগ। ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ সামৰণি অনুষ্ঠানত বলিউডৰ জনপ্ৰিয় অভিনেতা ৰণবীৰ সিঙে অভিনেতা ঋষভ শ্বেট্টীক প্ৰশংসা কৰাৰ সমান্তৰালকৈ 'কান্তাৰা চেপ্তাৰ ১'ৰ এক দৃশ্যৰ নকল কৰি ভিডিঅ' প্ৰস্তুত কৰিছিল। তাৰ পাছতে একাংশ নেতিজেনে অভিনেতাজনক লৈ বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

উল্লেখ্য যে,অভিনেতাগৰাকীয়ে লিখিছে যে- 'মোৰ উদ্দেশ্য আছিল ছবিখনত ঋষভ শ্বেট্টীৰ অভিনয়ক প্ৰসংশা কৰা। দেশৰ প্ৰতিটো পৰম্পৰা, বিশ্বাসৰ প্ৰতি মোৰ সদায় সন্মান থাকিব।যদি মই কাৰোবাৰ আৱেগক আঘাত দিছো, তেন্তে মই অন্তৰৰ পৰা ক্ষমা বিচাৰিছোঁ।'এনেদৰেই তেওঁ সামাজিক মাধ্যমত এটা পোষ্টৰ জড়িয়তে বিচাৰে ক্ষমা।

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin