Dailyhunt Logo
  • Light mode
    Follow system
    Dark mode
    • Play Story
    • App Story
ক্ষন্তেকতে সকাহ পাবলৈ সহায় লওঁক এই ঘৰুৱা প্ৰতিকাৰৰ

ক্ষন্তেকতে সকাহ পাবলৈ সহায় লওঁক এই ঘৰুৱা প্ৰতিকাৰৰ

ডিজিটেল ডেস্ক: দাঁত পোকে খোৱা সমস্যা আজিকালি একেবাৰে সাধাৰণ সমস্যা হৈ পৰিছে। অত্যাধিক মিঠা খোৱা আৰু ভালদৰে পৰিস্কাৰ নকৰাটোয়েই দাঁত পোকে খোৱাৰ অন্যতম মুখ্য কাৰণ। প্ৰকৃততে, খাদ্য আৰু পানীয়ৰ পৰা দাঁতত প্লেক জমা হয়। ই বেক্টেৰিয়া গঠন কৰে, যি দাঁতৰ আলুত লাগি থাকে। বেক্টেৰিয়াই এচিড প্ৰস্তুত কৰে আৰু ইয়াৰ ফলত দাঁতৰ ক্ষয় হয়। ষ্ট্ৰেপ্টোকক্কাছ মিউটেন নামৰ বেক্টেৰিয়াক দাঁতৰ এই সমস্যাৰ কাৰণ বুলি বিবেচনা কৰা হয়। দাঁতৰ ক্ষয়ৰ প্ৰথম পৰ্যায়ত দাঁতৰ পৰা খনিজ পদাৰ্থ হ্ৰাস হ'বলৈ আৰম্ভ কৰে, যি বগা দাগ হিচাপে দেখা যায়। দাঁতৰ এনামেলৰ ক্ষতি হ'লে এনে হয়। এই সমস্যাটো বাঢ়ি যোৱাৰ পিছত, দাঁতত অসহনীয় বিষ হয় আৰু একো খাব নোৱাৰা হয়।

এনে পৰিস্থিতিত, ৰোগীয়ে চিকিৎসকৰ ওচৰলৈ যাবলগীয়াত পৰে।কিন্তু এই সমস্যাৰ সমাধান আপুনি ঘৰূৱা উপায়ৰেও কৰিব পাৰে।আজি এই বিষয়ে জানো আহক-

নিমখ পানী

নিমখ পানী হৈছে এক প্ৰাকৃতিক এণ্টিচেপ্টিক, যিয়ে বেক্টেৰিয়া ধ্বংস কৰাত সহায় কৰে।দাঁতৰ ফুলা আৰু বিষ হ্ৰাস কৰিবলৈ আপুনি দিনত দুই-তিনিবাৰ গৰম নিমখ পানীৰে মুখখন ধুব।

তেলৰে মুখ কুলি কৰা

তেলৰে মুখ কুলি কৰাটো হৈছে এক আয়ুৰ্বেদিক চিকিৎসা।ই আপোনাৰ মুখৰ পৰা ক্ষতিকাৰক বেক্টেৰিয়া আৰু বিষাক্ত পদাৰ্থ আঁতৰ কৰাত সহায় কৰি মুখৰ স্বাস্থ্য সুৰক্ষিত কৰে। ইয়াৰ বাবে আপুনি মিঠা তেল বা নাৰিকল তেল ব্যৱহাৰ কৰিব পাৰে।

লং তেল

লং তেল হৈছে এক প্ৰাকৃতিক এনালজেচিক, যিয়ে দাঁতৰ বিষ হ্ৰাস কৰাত যথেষ্ট সহায় কৰে।ইয়াৰ বাবে আপুনি কপাহত অলপ লং তেল লগাই পোনপটীয়াকৈ প্ৰভাৱিত দাঁতত প্ৰয়োগ কৰিব।দাঁতৰ বিষ আৰু ফুলা হ্ৰাস কৰিবলৈ দিনত কেইবাবাৰো এই প্ৰক্ৰিয়াটো পুনৰাবৃত্তি কৰিব।

গ্ৰীণ টি

ই এণ্টিঅক্সিডেণ্টেৰে সমৃদ্ধ, যি মুখৰ স্বাস্থ্য বৃদ্ধি কৰাত সহায় কৰিব পাৰে।দাঁতৰ আলু ফুলা তথা পোকে খোৱা প্ৰতিৰোধ কৰিবলৈ প্ৰতিদিনে একাপ গ্ৰীণ টি খাব।

হালধি

হালধি হৈছে এক প্ৰাকৃতিক প্ৰদাহ-প্ৰতিৰোধী এজেণ্ট, যি বিষ হ্ৰাস কৰাত খুবেই সহায়ক।ইয়াৰ বাবে আধা চাহ চামুচ নিমখ আৰু সৰিয়হৰ তেলৰ সৈতে ১চাহ চামুচ হালধি গুৰি মিহলি কৰি এই পেষ্টটো প্ৰভাৱিত দাঁতত ১৫-২০ মিনিটৰ বাবে প্ৰয়োগ কৰিব।

নিম

নিমৰ প্ৰাকৃতিক বেক্টেৰিয়া-ৰোধী গুণাগুণ আছে, যি বেক্টেৰিয়াৰ সৈতে যুঁজিবলৈ সহায় কৰিব পাৰে। দাঁতৰ সমস্যা প্ৰতিহত কৰিবলৈ আপুনি নিমপাত চোবাব পাৰে বা দাঁতৰ আলুত নিম তেল মালিচ কৰিব।

Also Read: দাঁত ব্ৰাছ নকৰাকৈ খাদ্য খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin