Dailyhunt

লাও খাই ভালপোৱা লোকসকল সতৰ্ক হওঁক

ডিজিটেল ডেস্ক: লাও হৈছে এনে এবিধ পাচলি, যাক পাকস্থলীৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয়।ইয়াত ভিটামিন চিৰ লগতে বহু প্ৰকাৰৰ মাইক্ৰ'নিউট্ৰিয়েণ্ট থাকে। কেৱল পাচন তন্ত্ৰ স্বাস্থ্যকৰ কৰি ৰখাই নহয়, লাওয়ে যকৃত, বৃক্ক আৰু অন্ত্ৰৰ সৈতে সম্পৰ্কিত বহুতো সমস্যা হ্ৰাস কৰাত সহায় কৰিব পাৰে। লাওত ৯৬ শতাংশ পানী থাকে।কিন্তু আপুনি জানেনে লাও খোৱাৰ পাছত কিছুমান খাদ্য খালে ই আপোনাৰ পেটত যে বিহৰ দৰে কাম কৰে ?

হয়, লাও খোৱাৰ পিছত ভুলতো দুবিধ খাদ্য খাব নালাগে। আজি এই বিষয়ে জানো আহক-

তিতা কেৰেলা

লাওৰ সৈতে তিতা কেৰেলা একেবাৰে খাব নালাগে। ই পেটত বিহ সৃষ্টি কৰিব পাৰে। যাৰ ফলত আপোনাৰ বমি হোৱাৰ লগতে নাকৰ পৰা যথেষ্ট পৰিমাণে তেজো ওলাব পাৰে।

বীটৰুট

লাও খোৱাৰ দিনা কেতিয়াও বীটৰুট নাখাব।যদি আমি এই দুয়োটা একেলগে গ্ৰহণ কৰো, তেন্তে আমাৰ পেটৰ বিভিন্ন অসুখ হোৱাৰ লগতে ই ছালৰো ক্ষতি কৰে।

এই বিষয়েও মন কৰিব-

বৃক্কৰ ক্ষতি

কেতিয়াবা কিছুমান লাওৰ সোৱাদ তিতা হয়। এনে তিতা লাও অথবা লাওৰ সৈতে তিতা খালে ডায়েৰিয়া, পেটৰ সমস্যা, খাদ্যৰ বিষক্ৰিয়া আদিৰ দৰে বহুতো সমস্যা হ'ব পাৰে। লাও তিতা হ'লে বিষাক্ত হৈ পৰে। কেৱল এয়াই নহয়, এই তিতা লাওয়ে বৃক্ক আৰু যকৃতৰো ক্ষতি কৰে। ইয়াৰ ফলত অংগ বিকল হোৱাৰ আশংকাও থাকে। সেয়েহে অলপ তিতা লাও বা লাওৰ সৈতে তিতা কেতিয়াও খাব নালাগে।

এলাৰ্জি

তিতা লাও খোৱাৰ ফলত শৰীৰত এলাৰ্জি হয়।যাৰ ফলত ছালত খজুৱতি, দাগ আদিকে ধৰি বহু সমস্যাই দেখা দিয়ে। তিতা লাও ইমানেই বিষাক্ত হৈ পৰে যে ই মানুহৰ মৃত্যুৰ কাৰণো হ'ব পাৰে।

কিদৰে সাৱধানতা গ্ৰহণ কৰিব ?

লাওৰ আঞ্জা প্ৰস্তুত কৰাৰ আগতে লাওটোৰ সৰু টুকুৰা এটা কাটি খাই ল'ব। যদি অলপ তিতা যেন লাগে, সেই লাও আৰু নাৰান্ধিব। যদি আপুনি ভুলতে এনে লাও খাই দিছে, লগে লগে বমি কৰিবলৈ চেষ্টা কৰক অথবা বিশেষজ্ঞৰ পৰামৰ্শ লওঁক।

আজিয়েই আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভূক্ত কৰক ছাত্তু গুৰি
Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin