Dailyhunt
মাইক্ৰ'প্লাষ্টিক হ'ব পাৰে এলঝেইমাৰ, ডিমেনচিয়া,কৰ্কট ৰোগৰ কাৰণ...

মাইক্ৰ'প্লাষ্টিক হ'ব পাৰে এলঝেইমাৰ, ডিমেনচিয়া,কৰ্কট ৰোগৰ কাৰণ...

প্লাষ্টিক... প্লাষ্টিকৰ বিষয়ে লিখিবলৈ লোৱা কলমটোও প্লাষ্টিকৰ। মুঠতে বৰ্তমান সময়ৰ অন্যতম উল্লেখযোগ্য প্ৰত্যাহ্বান হৈ পৰিছে প্লাষ্টিক প্ৰদূষণ। পৰিৱেশ তন্ত্ৰৰ লগতে মানৱ স্বাস্থ্যৰ প্ৰতি ভয়াৱহভাৱে ভাবুকি কঢ়িয়াই আনিছে এই প্লাষ্টিকে। এই বিষয়টোৰ প্ৰয়োজনীতাৰ প্ৰতি গুৰুত্ব আৰোপ কৰি চয়নিকা শইকীয়াৰ আজিৰ প্ৰতিবেদন...

পৃথিৱীখনৰ চাৰিওফালে মাইক্ৰ'প্লাষ্টিকৰ অৱস্থিতি এতিয়া নতুন কথা নহয়। বতাহ,পানী, খাদ্যত প্লাষ্টিকৰ অৱস্থিতিয়ে বিপদ মাতিছে। শেহতীয়াকৈ এক চাঞ্চল্যকৰ গৱেষণাৰ পৰা জানিব পৰা গৈছে যে এই মাইক্ৰ'প্লাষ্টিক কণাবোৰ এতিয়া মানৱ শৰীৰৰ মগজুত দ্ৰুতগতিত জমা হৈছে, যাৰ ফলত স্নায়ুজনিত ৰোগৰ সম্ভাৱনা বৃদ্ধি পাইছে।

‘নেচাৰ মেডিচিন’ত প্ৰকাশিত এক অধ্যয়ন অনুসৰি ২০১৬ চনৰ পৰা ২০২৪ চনৰ ভিতৰত মানুহৰ মগজুত মাইক্ৰ’প্লাষ্টিকৰ পৰিমাণ ৫০% বৃদ্ধি পাইছে। এই গৱেষণাৰ অধীনত ২৪ জন মৃত লোকৰ মগজুৰ টিছু লৈ পৰীক্ষা কৰা হৈছিল। এই পৰীক্ষাৰ ফলাফল আছিল এতি ভয়াৱহ। গৱেষক সকলে পোৱা তথ্য অনুসৰি, প্ৰতিটো মগজুত গড়ে ৭ গ্ৰাম মাইক্ৰ’প্লাষ্টিক পোৱা গৈছিল, যিটো সাধাৰণ প্লাষ্টিকৰ চামুচৰ ওজনৰ সমতুল্য।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, ইউৰোপীয় ৰাসায়নিক সংস্থাৰ মতে মাইক্ৰ’প্লাষ্টিক হৈছে ৫ মিলিমিটাৰৰ কম দৈৰ্ঘ্যৰ যিকোনো প্লাষ্টিকৰ খণ্ড। সৌন্দৰ্য্য সামগ্ৰী, কাপোৰ, খাদ্য পেকেজিং, উদ্যোগিক প্ৰক্ৰিয়া আদি বিভিন্ন ধৰণেৰে ইহঁতে প্ৰাকৃতিক পৰিৱেশ তন্ত্ৰত প্ৰৱেশ কৰি প্ৰদূষণ আৰু ৰোগ সৃষ্টি কৰে।

এই অধ্যয়নৰ মুখ্য গৱেষক মেথিউ কেম্পেইনে এই সন্দৰ্ভত কয় যে, আমাৰ মগজুত ইমান পৰিমাণৰ প্লাষ্টিক থাকিব বুলি মই কেতিয়াও কল্পনা নাছিলো। এইটো আমাৰ স্বাস্থ্যৰ বাবে অতি চিন্তনীয় বিষয়।

আটাইতকৈ আচৰিত কথাটো পোহৰলৈ আহিল যেতিয়া গৱেষকসকলে ডিমেনচিয়া ৰোগত আক্ৰান্ত ১২ জন লোকৰ মগজুৰ পৰীক্ষণ কৰিলে। এই ৰোগী সকলৰ মগজুত আন ব্যক্তিতকৈ ৫ গুণ বেছি মাইক্ৰ’প্লাষ্টিক থকা দেখা গৈছিল। ইয়াৰ ফলত মাইক্ৰ’প্লাষ্টিক,এলঝেইমাৰ আৰু পাৰ্কিনছনৰ দৰে স্নায়ুৰ অৱক্ষয়ী ৰোগৰ মাজত গভীৰ সম্পৰ্ক থাকিব পাৰে বুলি আশংকা সৃষ্টি হৈছে।

বিজ্ঞানীসকলৰ মতে আমাৰ খাদ্য আৰু পানীৰ জৰিয়তে মাইক্ৰ’প্লাষ্টিক আমাৰ শৰীৰত প্ৰৱেশ কৰি আছে। বিশেষকৈ প্লাষ্টিক দূষিত পানী, জলসিঞ্চন প্ৰক্ৰিয়াৰে কৰা খেতি আৰু আমিষ খাদ্যত ইয়াৰ পৰিমাণ বেছি পোৱা গৈছে।

ইয়াৰ উপৰিও মগজুত পলিইথাইলিন (যিটো বটল আৰু প্লাষ্টিকৰ কাপত ব্যৱহাৰ কৰা হয়) সৰ্বাধিক জমা হোৱা বুলি গৱেষণাত প্ৰকাশ পায়। লগতে এইটোও জানিব পৰা গৈছে যে এই সৰু সৰু কণাবোৰে তেজ-মগজুৰ বাধা অতিক্ৰম কৰি মগজুত প্ৰৱেশ কৰি আছে।

মাইক্ৰ’প্লাষ্টিকে শৰীৰৰ ওপৰত বিভিন্ন ধৰণৰ ক্ষতিকাৰক প্ৰভাৱ পেলাব পাৰে। ই ৰোগ প্ৰতিৰোধ ক্ষমতাৰ ওপৰত বেয়া প্ৰভাৱ পেলায়। ইয়াৰ ফলত আপোনাৰ শৰীৰটো ক্ৰমান্বয়ে দুৰ্বল হৈ পৰিব পাৰে আৰু আপোনাৰ উৎপাদনশীলতাত প্ৰভাৱ পৰিব পাৰে। গৰ্ভৱতী মহিলা আৰু সৰু ল’ৰা-ছোৱালীৰ বাবেও ই ক্ষতিকাৰক হ’ব পাৰে। ইয়াৰোপৰি-

* কোষৰ ক্ষতি কৰি প্ৰদাহ সৃষ্টি কৰা।
* মগজুৰ কাৰ্য্যত বাধাৰ সৃষ্টি কৰা, যাৰ ফলত স্মৃতিশক্তি আৰু চিন্তা ক্ষমতা দুৰ্বল হ’ব পাৰে।
* হাৰ্ট এটেক, ষ্ট্ৰোক আৰু কেন্সাৰ আদি ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰা।

সেয়ে একক ব্যৱহাৰৰ প্লাষ্টিকৰ ব্যৱহাৰ কম কৰা উচিত। খাদ্য সামগ্ৰী প্লাষ্টিকৰ পাত্ৰত ৰখাৰ পৰিৱৰ্তে কাঁচ বা ধাতুৰ বাচন ব্যৱহাৰ কৰা উচিত। প্লাষ্টিকৰ বটলৰ পানী খোৱাৰ পৰিৱৰ্তে ফিল্টাৰ কৰা পানী ব্যৱহাৰ কৰিব লাগে। ঘৰতে উচ্চমানৰ এয়াৰ ফিল্টাৰ আৰু ধূলিমুক্ত পৰিৱেশ গঢ়ি তুলিব লাগে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে প্ৰচেছ খাদ্য সমূহেও এই ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰি আহিছে। সেয়ে প্ৰচেছ খাদ্য খোৱাৰ পৰা বিৰত থাকিব লাগেয কিয়নো ইয়াত অধিক পৰিমাণৰ মাইক্ৰ’প্লাষ্টিক থাকে।

মাইক্ৰ’প্লাষ্টিক দেহত প্ৰৱেশ কৰি তেজৰ লগত মিহলি হ'লে ই বিভিন্ন জটিল ৰোগৰ সৃষ্টি কৰিব পাৰে। যেতিয়া প্লাষ্টিক তেজৰ লগত মিহলি হয় তেতিয়া ই ইনচুলিন নিঃসৰণত প্ৰভাৱ পেলায়। যিটো পিছলৈ ডায়েবেটিছৰ কাৰণ হ’ব পাৰে। সেয়ে এই ক্ষেত্ৰত বহনক্ষম বিকল্পক আকোৱালি লৈ, সজাগতা বৃদ্ধি কৰি নিজেও সুস্থ থাকক আৰু সমাজখনকো সুস্থ কৰি ৰখাত বৰঙণি আগবঢ়াওক....

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin