Dailyhunt Logo
  • Light mode
    Follow system
    Dark mode
    • Play Story
    • App Story
মলাইকা অৰ'ৰাৰ হৃদয় জিনা কোন এই ভাগ্যৱান ?

মলাইকা অৰ'ৰাৰ হৃদয় জিনা কোন এই ভাগ্যৱান ?

ডিজিটেল ডেস্ক: আকৌ প্ৰেমত পৰিল বলীউড সুন্দৰী মলাইকা অ'ৰৰা ! ইয়াকে লৈ এতিয়া উত্তাল ছ'চিয়েল মেডিয়া। হয়, এজন বিশেষ ব্যক্তিৰ সৈতে বিশেষ কেইখন ফটো এতিয়া চৌদিশে ভাইৰেল হৈছে। যি দেখি মলাইকা যে আকৌ প্ৰেমত পৰিছে, সেয়া অনুৰাগীয়ে নিশ্চিত কৰিছে ।

কোনে জিনিলে মলাইকাৰ হৃদয় ?

মলাইকাই মূৰ থোৱা সেই কান্ধখন হৈছে ছ'ৰাব বেদীৰ। 'স্প্লিটছভিলা এক্স ৬' খ্যাতি সম্পন্ন ছ'ৰাব আৰু মলাইকাক খুব ঘনিষ্ঠকৈ দেখা পোৱা সেই ফটোকেইখন তোলা হৈছিল মলাইকাৰ জুহুস্থিত ৰেষ্টুৰেণ্টখনত।

অৱশ্যে, শেহতীয়া এক সাক্ষাৎকাৰত ছ'ৰাবে এই সকলোবোৰক উৰাবাতৰি আখ্যা দিছে। তেওঁ কয়, 'মডেলিং কৰাৰ দিনত ডেলনাজ দাৰুৱালা আৰু ভাহবিজ মেহতাই মোক ৰেম্পত খোজ কঢ়াৰ সুযোগ দিছিল।

পাছলৈ তেওঁলোকৰ লগত বন্ধুত্ব কৰি পাৰ্টিলৈ ওলাই যাবলৈ আৰম্ভ কৰিছিলো। এটা পাৰ্টিত মই তেওঁলোকৰ জৰিয়তে মালাইকাক লগ পাইছিলো। মলাইকা ডেলনাজ আৰু ভাহবিজৰ ঘনিষ্ঠ বন্ধু। তেনেদৰে মালাইকাৰ সৈতে মোৰ বন্ধুত্ব গঢ়ি উঠিছিল। বন্ধুত্বৰ বাদে আমাৰ মাজত আন একো সম্পৰ্ক নাই।

আনহাতে, উৰাবাতৰি বিয়পোৱাসকলক উদ্দেশ্যি ছ’ৰাবে কয়, ‘ মানুহে এজনী ছোৱালীৰ বিষয়ে কথা কওতে সাৱধান হোৱাটো খুব দৰকাৰ। মানুহৰ এনে কাৰবাৰবোৰে ছোৱালীজনীৰ মানসিক অৱস্থাত প্ৰভাৱ পেলাব পাৰে।’

উল্লেখ্য যে, ছলমান খানৰ ভাতৃ অৰবাজ খানৰ সৈতে বিবাহ বিচ্ছেদ হৈছে মলাইকা অৰ'ৰাৰ। মলাইকা আৰু আৰবাজৰ পুত্ৰৰ বয়স এতিয়া ২৩ বছৰ। এই সম্পৰ্ক ছেদ হোৱাৰ পাছত মলাইকাৰ প্ৰেমিক আছিল অভিনেতা অৰ্জুন কাপুৰ।

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin