Dailyhunt
মালাইকাৰ সৈতে সম্পৰ্ক শেষ কৰি আঁকিলে টাটু

মালাইকাৰ সৈতে সম্পৰ্ক শেষ কৰি আঁকিলে টাটু

ডিজিটেল ডেস্ক: কেইদিনমান আগলৈকে খুব চৰ্চাত আছিল বলীউডৰ প্ৰেমিক যুগল অৰ্জুন কাপুৰ আৰু মলাইকা অৰোৰা।এতিয়া অৰ্জুন-মলাইকাৰ সম্পৰ্কত ফাঁট মেলিলে। তেওঁলোক ইজনৰ পৰা সিজন পৃথক হ'ল ঠিকেই, কিন্তু তেওঁলোকৰ যুটিটোৰ চৰ্চা আজিও অব্যাহত আছে।

হয়, সময়ে সময়ে মলাইকা অৰ্জুনৰ ছ'চিয়েল মেডিয়াৰ প'ষ্টবোৰে অনুৰাগীক ভবাই তোলে।অনুৰাগীয়ে ধাৰণা কৰা মতে, অৰ্জুন-মলাইকাই ইজনে সিজনক উদ্দ্যেশি এনে প'ষ্ট কৰি থাকে। শেহতীয়াকৈ অৰ্জুন কাপুৰৰ এটা বিশেষ প'ষ্টে খুব চৰ্চা লাভ কৰিছে।এই প'ষ্টটোত দেখা পোৱা মতে, অৰ্জুনে শৰীৰত 'ৰব ৰাখা' বুলি এটা টেটু আঁকিছে।অভিনেতাজনে ইয়াৰ কেপশ্যন দিছে, 'ঈশ্বৰ আপোনাৰ সৈতে আছে। মোৰ মায়ে সদায় এইটো কৈছিল যে ভাল-বেয়া দুয়োটা সময়তে ভগৱান আপোনাৰ সৈতে থাকে।আজিও এনে অনুভৱ হয় যেন তেওঁ মোৰ সৈতে ইয়াতে আছে, মোক পথ দেখুৱাইছে, মোক চাই আছে।' অৰ্জুনে লগতে আৰু লেখিছে, 'মই 'সিংঘম এগেইন'ৰ মুক্তিৰ প্ৰাকমুহূৰ্তত এই টেটুটো আঁকিছো।'

ইফালে, অৰ্জুনৰ এই প'ষ্ট দেখি বহু অনুৰাগীয়ে এই টেটুটো মলাইকাক মনত ৰখাৰ বাবে আঁকিছে বুলি মন্তব্য কৰিছে।

Also Read: আম্বানী পৰিয়ালকো পিছ পেলালে বলীউডী সুন্দৰীয়ে

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin